Logo
image

নীৰৱ ঘাতক বায়ু প্ৰদূষণ

... ভাসমান পদাৰ্থৰ দ্বাৰা বায়ুমণ্ডল ইমান বেয়াকৈ প্ৰদূষিত হৈ পৰিছে যে ভাৰতীয় মানুহৰ জীৱনৰ ম্যাদ গড়ে ৪ বছৰতকৈ অধিক কমি গৈছে৷ বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পাঞ্জাব আৰু দিল্লীকে ধৰি ইয়াৰ চতুৰ্পাশৰ বায়ুত এনে দূষিত পদাৰ্থৰ মাত্ৰা বহু বাঢ়ি যোৱাৰ বাবে সেইবোৰ অঞ্চলৰ জীৱনৰ ম্যাদ ৬ বছৰতকৈও বেছিকৈ কমিছে বুলি পৰীক্ষাত পোৱা গৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, আমাৰ দেশত  আভ্যন্তৰীণ প্ৰদূষণৰ বাবে বছৰি ৩.৮ নিযুত আৰু বহিঃপ্ৰদূষণৰ বাবে ৪.২ নিযুত মানুহৰ অকাল মৃত্যু হয় ...

বায়ু প্ৰদূষণ বুলিলে আমি যি বায়ুমণ্ডলৰ পৰা অম্লজান লৈ জীয়াই আছোঁ, সেই বায়ুমণ্ডলৰ প্ৰদূষণকে বুজোঁ৷ জনস্বাস্থ্য আৰু সমস্ত ধৰাৰ বাবে ক্ষতিকাৰক পদাৰ্থ মাত্ৰাধিক্যভাৱে আমাৰ বায়ুমণ্ডলত সোমাই ইয়াক দূষিত কৰে৷ ইয়াৰ এক ঋণাত্মক দিশ হৈছে– যিদৰে বতাহ নবলিলে আমি বায়ুৰ অস্তিত্ব গম নাপাওঁ, তেনেদৰে বায়ু প্ৰদূষণো আমাৰ তেতিয়ালৈকে চকুত নপৰে যেতিয়ালৈকে ইয়াৰ মাত্ৰা বহুগুণে বাঢ়ি আকাশ ধুৱলী-কুঁৱলী হৈ নাযায়/ তেনেকৈ মানৱ শৰীৰত ইয়াৰ কুপ্ৰভাৱ আৰম্ভণিতে চকুত নপৰে, আৰু যেতিয়া ৰোগগ্ৰস্ত হৈ লক্ষণবোৰ চকুত পৰে, তেতিয়া ৰোগ নিৰাময়ৰ বাবে বহু পলম হৈ যায়৷ সেই কাৰণে বায়ু প্ৰদূষণক নীৰৱ ঘাতক বুলিও কোৱা হয়৷মটৰ গাড়ী, ট্ৰাক, কল-কাৰখানা, ধূলিকণা, আগ্নেয়গিৰিৰ উদ্‌গীৰণ আৰু বনজুইৰ পৰা অহা বায়ুত মনিব নোৱৰাকৈ ওপঙি থকা এই ভাসমান পদাৰ্থসমূহকেএৰ’ছ’ল বোলে, আৰু ইয়েই প্ৰদূষণৰ মূল কাৰক৷মানুহৰ দৈনন্দিন জীৱন-ধাৰণত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পৰা এনে মূল  কাৰকসমূহ হৈছে– [ক] কয়লা, পেট্ৰ’ল, ডিজেল, কেৰাচিন আদিৰ প্ৰজ্বলন৷ [খ] উদ্যোগৰ পৰা ওলোৱা ধোঁৱা৷ [গ] আভ্যন্তৰীণ প্ৰদূষণ [ঘৰৰ ভিতৰৰ খৰি, কয়লা, শুকান গোবৰ জ্বলাই বা কেৰাচিনৰ ষ্ট’ভত ৰন্ধা-বঢ়া,জাৰকালি খৰি বা কয়লা জ্বলাই জুই পুওৱা]৷ [ঘ] বনজুই; [ঙ] জীৱাণুৰ পচন ক্ৰিয়া; [চ] ৰে’ল, মটৰ আদিৰে যাতায়াত ব্যৱস্থা৷ [ছ] মুকলিকৈ জ্বলোৱা আৱৰ্জনা; [জ] নিৰ্মাণকাৰ্য আৰু তাৰ সমান্তৰালকৈ চলা ধবংসকাৰ্য৷ প্ৰদূষণক লৈ আমি উদ্বিগ্ন কিয় প্ৰদূষণক লৈ আমি ইমান উদ্বিগ্ন আৰু চিন্তিত হোৱাৰ কাৰণ হৈছে জনস্বাস্থ্যৰ ওপৰত পৰা ইয়াৰ কুপ্ৰভাৱ৷ প্ৰদূষণৰ ক্ষেত্ৰত আমাৰ দেশ আজি বিশ্বৰ ভিতৰত দ্বিতীয়৷ ভাসমান পদাৰ্থৰ দ্বাৰা বায়ুমণ্ডল ইমান বেয়াকৈ প্ৰদূষিত হৈ পৰিছে যে ভাৰতীয় মানুহৰ জীৱনৰ ম্যাদ গড়ে চ্ছ্ৰ বছৰতকৈ অধিক কমি গৈছে৷ বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পাঞ্জাব আৰু দিল্লীকে ধৰি ইয়াৰ চতুৰ্পাশৰ বায়ুত এনে দূষিত পদাৰ্থৰ মাত্ৰা বহু বাঢ়ি যোৱাৰ বাবে সেইবোৰ অঞ্চলৰ জীৱনৰ ম্যাদ ৬ বছৰতকৈও বেছিকৈ কমিছে বুলি পৰীক্ষাত পোৱা গৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, আমাৰ দেশত  আভ্যন্তৰীণ প্ৰদূষণৰ বাবে বছৰি ৩.৮ নিযুত আৰু বহিঃপ্ৰদূষণৰ বাবে ৪.২ নিযুত মানুহৰ অকাল মৃত্যু হয়৷দ্ৰুতগতিত নগৰাঞ্চল বৃদ্ধি, উদ্যোগীকৰণ, শক্তি উৎপাদন তথা তাৰ ব্যৱহাৰ, যান্ত্ৰিক বাহনেৰে যাতায়াত,যন্ত্ৰৰ দ্বাৰা কৃষিকাৰ্য, ধূলি-বালি আৰু বিজ্ঞানসন্মত নিষ্কাশন ব্যৱস্থাৰ অভাৱৰ বাবে লেতেৰা আৱৰ্জনাৰ পৰা বহিঃপ্ৰদূষণ হয়, আনহাতে ইন্ধনৰূপে পাকঘৰত খৰি আৰু শুকান গোবৰ, কেৰাচিন ষ্ট’ভ আদিয়ে আভ্যন্তৰীণ প্ৰদূষণৰ সৃষ্টি কৰে৷ আন এক ভয়াৱহ তথ্য অনুযায়ী, অকল আমাৰ দেশতে নহয়, বিশ্বৰ শতকৰা ৯১ভাগ মানুহ এনে পৰিৱেশত বাস কৰে য’ত দূষিত পদাৰ্থৰ উপস্থিতিৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া নিৰিখতকৈ বহু ওপৰত৷ ২০১৬  চনৰ এক অধ্যয়ন মতে, মূল দিল্লীৰ বায়ুমণ্ডলত ভাহি থকা দূষিত পদাৰ্থৰ মাত্ৰা প্ৰতি এক ঘনমিটাৰত ১১৩ মাইক্ৰ’গ্ৰাম৷ সেই একে অধ্যয়ন মতে, বায়ু প্ৰদূষণৰ কুপ্ৰভাৱৰ ফলত দেশত প্ৰায় ৯ লাখ লোকৰ মৃত্যু হৈছে৷ বায়ু প্ৰদূষণৰ কু-প্ৰভাৱৰ ফলত [ক] কম ওজনৰ শিশুৰ জন্ম হয়,  [খ] হাঁওফাঁওৰ এজমা বা হাপানী আদি ৰোগৰ লগতে ভয়ানক যক্ষ্মা আৰু কৰ্কট ৰোগ হয়, [গ] কলিজাৰ ৰোগ হয়, [ঘ] কাণ, নাক আৰু ডিঙিৰ কৰ্কট আৰু কেতিয়াবা আনকি [ঙ] চকুত ছানি পৰা কেটাৰেক্ট ৰোগো হ’ব পাৰে৷কলিজাৰ ৰোগৰ পৰা হোৱা মৃত্যুৰ আকৌ শতকৰা ২৫ ভাগৰ কাৰণ প্ৰদূষণ আৰু প্ৰদূষণৰ বাবে হোৱা হাঁওফাঁওৰ ৰোগ, যেনে– হাপানী, কৰ্কট আদিৰ পৰা ১.৮ নিযুতৰ মৃত্যু হয়৷সেইদৰে উশাহত লোৱা বতাহত থকা সীহ আৰু পাৰাৰ পৰিমাণ অত্যধিক হ’লে যথাক্ৰমে শিশুৰ মগজু, বৃক্ক আৰু স্নায়ুতন্ত্ৰৰো ক্ষতি হ’ব পাৰে৷ যান-বাহন, জুই আদিৰ পৰা নিৰ্গত ধোঁৱাই হাঁওফাঁও আৰু তেজৰ ক্ষতি কৰাৰ উপৰি লিভাৰৰ কৰ্কট ৰোগ কৰিব পাৰে৷অসমৰ পৰিস্থিতি কেন্দ্ৰৰ পৰা ২০১৯ চনত প্ৰাপ্ত তথ্য মতে, অবিশ্বাস্যভাৱে  গুৱাহাটী উচ্ছমাত্ৰাত প্ৰদূষিত হৈছে৷ Acute Respiratory Infectionsত আক্ৰান্ত হোৱাৰ কাৰণ হৈছে অসমৰ বায়ুমণ্ডলত particulate matter (PM) ২.৫ আৰু PM ১০ অতিমাত্ৰা বৃদ্ধি হোৱা৷সম্প্ৰতি Central Bureau of Health Intelligence-এ প্ৰকাশ কৰা National Health Profile, ২০১৮ত কোৱা হৈছে যে কেৱল অসমতে ২০,৬৬৭ একিউট ৰেছপিৰেটৰী ইনফেকচনত আক্ৰান্তৰ ভিতৰত ২০০জনৰ মৃত্যু হৈছে ২০১৬ত৷ উত্তৰ পূৰ্বাঞ্চলৰ কেউখন প্ৰদেশৰ ভিতৰত অসমেই আটাইতকৈ বেছি প্ৰদূষিত৷ বাকী অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু মেঘালয়ত  একিউট ৰেছপিৰেটৰী ইনফেকচনত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা যথাক্ৰমে ৩, ২৩, ৩৬, ৯, ৮, ২১ আৰু ৭ জন৷ বামুণীমৈদামৰ বায়ুৰ গুণাগুণ পৰীক্ষা কেন্দ্ৰৰ মতে, Respirable suspended particulate matter (RSPM) আৰু suspended particulate matter (SPM) বায়ুমণ্ডলত ২০০৮ চনৰ পৰা সৰ্বাধিক মাত্ৰাত আছে৷ আই আই টি, গুৱাহাটীৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক শাৰদ গোখলেই কয়– The rising levels of PM 2.5 and soot particles in the autmosphere are responsible for the ARI cases. The link between asthma and the rising PM ১০ and NO২ levels already were observed in the UK. তেওঁৰ মতে, এনে ভাসমান পদাৰ্থৰ পৰিমাণ বৃদ্ধিৰ অন্যতম কাৰণ হৈছে মহানগৰীৰ তাপমান বৃদ্ধি আৰু এই পদাৰ্থবোৰেই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ মুখ্য কাৰণ৷ PM 2.5 পদাৰ্থ বায়ুত বেছি হোৱাৰ বাবে অকল গুৱাহাটীৰেই নহয় ৰাজ্যৰ বাকী চহৰৰ অৱস্থা একে হোৱাই স্বাভাৱিক৷ এই পদাৰ্থ অতি পাতল হোৱা বাবে বতাহত বহুদূৰলৈকে বিয়পিব পাৰে আৰু মানুহৰ হাঁওফাঁওত সোমাই সময় মূৰকত হাঁওফাঁওৰ কৰ্কট বা আন ৰোগৰ সৃষ্টি কৰিব পাৰে৷ইয়াৰ প্ৰতিৰোধৰ কিবা উপায় আছেনে? পৰিস্থিতি ইতিমধ্যে যথেষ্ট সংগীন হৈ পৰিছে যদিও এতিয়াও সকলো শেষ হৈ যোৱা নাই৷ অৱশ্যে, এইটো নিশ্চিত যে এই কাম চৰকাৰ, জনসাধাৰণ বা সংস্থাৰ ঐকান্তিক প্ৰচেষ্টাৰেহে প্ৰতিৰোধ কৰিব পাৰে৷ ইয়াৰ বাবে ল’ব লগা ৰাজহুৱা ব্যৱস্থা হ’ল– [১] পেট্ৰ’ল, ডিজেলৰ দ্বাৰা চালিত বাহনৰ ব্যৱহাৰ কমাব লাগিব৷ চৰকাৰে সেইমতে নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰি কাৰ্যকৰী কৰিব লাগিব৷  [২] সৌৰশক্তি আৰু বিজুলীৰ দ্বাৰা চলোৱা বাহনৰ প্ৰচলন বঢ়োৱাৰ ব্যৱস্থা কৰিব লাগিব৷ [৩] ৰাজহুৱা যাতায়াত ব্যৱস্থা উন্নীত কৰি ব্যক্তিগত পেট্ৰ’ল, ডিজেলচালিত বাহনৰ ব্যৱহাৰ কমাব লাগিব৷ কম তথা সুবিধাজনক দূৰত্বৰ যাতায়াতৰ বাবে চাইকেল চালনা জনপ্ৰিয় কৰিব লাগে আৰু চহৰ-নগৰত চাইকেল আৰোহীৰ বাবে সুবিধা কৰি দিয়াটো নগৰ পৰিকল্পনাৰ সময়ত বাধ্যতামূলক হ’ব লাগে৷ প্লাষ্টিক জ্বলোৱাৰ কুপ্ৰভাৱৰ বিষয়ে গণসচেতনতাৰ লগতে কঠোৰ নিষেধাজ্ঞা জাৰি কৰি নিয়ম ভংগকাৰীক শাস্তি বিহাৰ আইন প্ৰণয়ণ কৰিব লাগে৷প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে জনতায়ো [১] চাইকেলৰ প্ৰতি গুৰুত্ব দিব লাগিব৷ [২] গছ-গছনি কটা একেবাৰে বন্ধ কৰি সেইবোৰ বেছিকৈ ৰুই সংখ্যা বঢ়াব লাগে৷ [৩] আৱৰ্জনাৰ বিজ্ঞানসন্মত নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে৷  [৪] বহুতে নজনাকৈ প্লাষ্টিক, পলিথিন, ৰবৰৰ আৱৰ্জনা জ্বলাই নিষ্কাশন কৰে৷ ইয়াৰ ধোঁৱাই বায়ু প্ৰদূষিত কৰি জনস্বাস্থ্যৰ প্ৰতি  ভাবুকিৰ সৃষ্টি কৰে৷ [৫] আমাৰ ঘৰলৈ যিমানেই কম প্লাষ্টিক, পলিথিন আহে সিমানেই ঘৰৰ পৰা হ’ব পৰা বায়ু প্ৰদূষণ কমি থাকিব৷ সেয়ে বজাৰলৈ কাপোৰৰ মোনা লৈ গৈ সামগ্ৰী ক্ৰয় কৰিব লাগে৷ [৬] পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়, জনস্বাস্থ্যৰ ওপৰত পৰা ইয়াৰ কুপ্ৰভাৱ কিদৰে প্ৰতিৰোধ কৰিব পাৰি, সেই বিষয়ে জনসাধাৰণৰ বেছিভাগে নাজানে৷ সেয়ে এই বিষয়ে জনসাধাৰণক শিক্ষিত কৰি সজাগ কৰাটো চৰকাৰ, স্বেছাসেৱী সংস্থা আৰু এই বিষয়ত জ্ঞান থকা প্ৰত্যেক নাগৰিকৰ কৰ্তব্য৷