Logo
image

ৰাজকন্যাৰ গাড়ীৰ খুন্দাত আহত মাৰাকৰ হৃদৰোগত মৃত্যু

আমাৰ অসম, ১১ নৱেম্বৰঃ প্ৰায় এমাহ দহ দিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে দুৰ্ভগীয়া যোছেফ মাৰাকে৷ টেঁটুলৈকে সুৰাপান কৰি মডেল-যুৱতী ৰাজকন্যা বৰুৱাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সংঘটিত কৰা দুৰ্ঘটনাত দুই ভৰি হেৰুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত ৰাজকন্যাৰ গাড়ীৰ খুন্দাত আহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লয় যোছেফ মাৰাকে৷ মেঘালয়ৰ গাৰো পাহাৰৰ বাঘমাৰাৰ নিৱাসী যোছেফ মাৰাকৰ তিনি নাবালক পুত্ৰৰ দায়িত্ব কোনো ল’ব, সেয়া এতিয়া কোটি টকীয়া প্ৰশ্নৰ বিষয় লৈ পৰিছে৷ সুৰাৰ ৰাগীত তীব্ৰ বেগত গাড়ী চলাই সংঘটিত কৰা দুৰ্ঘটনাটোৱে দুৰ্ভগীয়া পৰিয়ালটোলৈ নমাই আনিলে কাল অমানিশা৷ গুৱাহাটীৰ অভিযাত ‘তাজ ভিভাণ্টা’ হোটেলত চিকিৎসকৰূপী ঠিকাদাৰ পংকজ সাধনিদাৰে আয়োজন কৰা কন্যাৰ বাৰ্থডে’পাৰ্টীৰ ইভেণ্ট ডিজাইনিঙৰ কাম কৰি টেঁটুলৈকে সুৰা গিলি ২ অক্টোবৰৰ নিশা ৰ বজাত গাড়ী চলাই বেলতলাৰ অজন্তা পথৰ ঘৰলৈ ঘূৰি অহাৰ সময়ত মডেল ৰাজকন্যা বৰুৱাই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিছিল৷  ৰাজকন্যাৰ বাহনে ৰুক্মিণী নগৰৰ ৰাজপথত কৰ্মৰত জ্জ্বজন শ্ৰমিকৰ লগতে যোছেফ মাৰাক নামৰ পথচাৰীজনকো মহটিয়াই নিছিল৷ এই দুৰ্ঘটনাত যোছেফ মাৰাকৰ এখন  ভৰি ছিগি যোৱাৰ লগতে আনখন ভৰিও চিৰদিনৰ বাবে চিকিৎসকে কাটি পেলাবলৈ বাধ্য হৈছিল৷ গুৱাহাটীত কাম বিচাৰি অহা যোছেফ মাৰাক চিকিৎসালয়ত ৩-৪ দিনলৈ সংজ্ঞাহীন হৈ থকাত পৰিয়ালৰ সন্ধান উলিয়াবলৈও সক্ষম হোৱা নাছিল৷ পৰৱৰ্তী সময়ত ‘ৰেইনড্ৰপ’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই যোছেফ মাৰাকক কৃত্ৰিম ভৰি যোগানৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল৷ জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰকাশ কৰা মতে –‘মঙলবাৰলৈ যোছেফ মাৰাক সুস্থ হৈ আছিল যদিও বুধবাৰে পুৱা ৫.৩০ বজাত হৃদৰোগত আক্ৰান্ত হয়৷ চিকিৎসকে ভেণ্টিলেটৰত ভৰ্তি কৰি হৃদযন্ত্ৰৰ সংকট দূৰ কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাই যদিও অৱশেষত দিনৰ ১০ বজাত যোছেফ মাৰাকৰ মৃত্যু হয়৷ বহু দিন বিচনাত পৰি থকাৰ বাবে হাওফাওঁলৈ যোৱা ৰক্ত পৰিবাহী সিৰা বন্ধ হৈ যোৱাৰ লগতে সমগ্ৰ শৰীৰত ‘চেপ্তিক ফৰ্ম’ হোৱাৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মাৰাকৰ মৃত্যু হয়৷’ ইপিনে জি এম চি এইচ আৰু আইনী যাৱতীয় কাম সম্পূৰ্ণ হোৱাৰ পাছত এন জি অ’ ৰেইনড্ৰপৰ সুশান্ত শাবন্য, জুপিতৰা বসুমতাৰী আৰু শিখা বৰুৱাৰ সহযোগত কনিষ্ঠ পুত্ৰ ছানডে বাৰ্থ চাংমাই পিতৃ যোছেফ মাৰাক নশ্বৰ দেহ গাৰো পাহাৰৰ বাসগৃহলৈ লৈ যায়৷ উল্লেখ্য, যোছেফ মাৰাকৰ জ্যেষ্ঠ পুত্ৰ ৰাফাইল চাংমাৰ বয়স ১৫ বছৰ আৰু কন্যা জেছমিন ডি চাংমাৰ বয়স মাত্ৰ ৪ বছৰ৷ বিগত বৰ্ষৰ ১৭ অক্টোবৰত তিনি নাবালকে হেৰুৱাইছিল মাতৃক৷ যোছেফ মাৰাকে দিন হাজিৰা কৰি পৰিয়াল ভৰণ-পোষণ দিছিল যদিও পিতৃৰ মৃত্যুত ঘাটমাউৰা সন্তান কেইটিৰ দায়িত্ব কোনে ল’ব, তাৰ কোনো সুদুত্তৰ নাই৷ কিয়নো ৰাজকন্যা বৰুৱাৰ পৰিয়াল বা তাজৰ বাৰ্থডে’ পাৰ্টীৰ আয়োজক ঠিকাদাৰ পংকজ সাধনিদাৰে এবাৰৰো খবৰ লবলৈ সময় নহ’ল যোছেফ মাৰাকক৷ পথচাৰীক খুন্দিয়াই হত্যা কৰা ভয়ংকৰ দুৰ্ঘটনাটোৰ মাত্ৰ ডেৰ পৃষ্ঠাৰ চাৰ্জশ্বীট দি আৰক্ষীয়ে তদন্ত সামৰাৰ পাছত দুই-এদিনৰ ভিতৰত মডেল ৰাজকন্যাই হয়তো জামিন লাভ কৰিব৷ বাৰ্থডে’পাৰ্টীৰ আয়োজক পংকজ সাধনিদাৰ বা পাৰ্টীত উপস্থিত থকা আমোলা-বিষয়াসকলে পুনৰ আন ৰঙীন পাৰ্টীত মচগুল হৈ পৰিব৷ কিন্তু যোছেফ মাৰাকৰ তিনি পুত্ৰৰ ভৱিষ্যৎ কি হ’ব?