Logo
image

মহাকাশত ছমাহ কটাই উভতিল নাছাৰ মহাকাশচাৰী

আমাৰ অসম, ১১ নৱেম্বৰঃ মহাকাশত সুদীৰ্ঘ ৬মাহ কাল থকাৰ পাছত পৃথিৱীলৈ উভতি আহিছে স্পেচ এক্সৰ কেপছুল৷ ফ্লৰিডাৰ উপকূলত চাৰিজন মহাকাশচাৰী কঢ়িয়াই অৱতৰণ কৰে স্পেচ কেপছুলটো৷ মঙলবাৰে নিশা মেগান মেক আৰ্থাৰ, আকিহিকো হশ্বিবে, টমাছ পেছকুৱেট আৰু ছেণ্ট কিমবাৰ্গ নামৰ মহাকাশচাৰী কেইজনক কঢ়িয়াই স্পেচ কেপছুলটো মেক্সিকো উপসাগৰত অৱতৰণ কৰাৰ পাছতে তেওঁলোকক বিশেষ নাৱেৰে অনা হয়৷ ইয়াৰ বাবে পূৰ্বৰে পৰা কেইবাখনো নাও আৰু বিশেষ বাহিনীক সাজু কৰি ৰখা হৈছিল৷ উল্লেখ্য যে যোৱা ৬মাহ ধৰি এই মহাকাশচাৰী কেইজনে মহাকাশত গৱেষণাৰত আছিল৷ স্মৰ্তব্য যে মহাকাশত থকা অৱস্থাত স্পেচ এক্সৰ কেপছুলটোত থকা শৌচাগাৰটো ভাগি পৰাত সমস্যাৰ সন্মুখীন হৈছিল মহাকাশচাৰীকেইজনে৷ পিন্ধিব লগা হৈছিল ডাইপাৰ৷ আৰু ডাইপাৰ পিন্ধিয়েই তেওঁলোক উভতিব লগা হ’ল পৃথিৱীলৈ৷