Logo
image

কোন পথে উন্নয়ন

শৰাইঘাটৰ শেষ ৰণ, মোগলৰ বিৰুদ্ধে যুঁজৰ কথা কৈ ৰাজ্যৰ শাসন ক্ষমতা দখল কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ১০ নৱেম্বৰত ছমাহ সম্পূৰ্ণ কৰে৷ নিৰ্বাচনৰ পূৰ্বে ৰাইজক বহু প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা ৰাজ্য চৰকাৰখনে ছমাহত চমক সৃষ্টিৰ বাহিৰে ৰাজ্যখনৰ উন্নয়ন সাধন কৰিব পৰা নাই৷ সততে অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰাৰ কথা কৈ থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ জিৰোৱাৰ সময় নাই, দিনে-নিশাই ৰাইজৰ হিতৰ বাবে কাম কৰি থকা বুলি সদৰী কৰি আহিছে যদিও ৰাজ্যৰ জনগণৰ উন্নয়ন এতিয়াও সুদূৰপৰাহত৷ অৱশ্যে, শাসন ক্ষমতা দখল কৰিয়েই অপৰাধীক এনকাউণ্টাৰ কৰাৰ নিৰ্দেশ আৰক্ষী বিভাগক দিয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন ঠাইত এনকাউণ্টাৰৰ ঘটনা ঘটে যদিও ৰাজ্যৰ অপৰাধ নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হয় গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীজন৷ খোদ গুৱাহাটী মহানগৰীতে দিন ডকাইতি হোৱাৰ উপৰি শোৱাপাটীতেই বৃদ্ধ দম্পতীক হত্যা কৰি যায়, দুৰ্বৃত্তই৷ সেইদৰে মধ্যভোগী দালালৰ বিৰুদ্ধে অভিযান চলাই চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰীয়ে প্ৰথমে ৰাজ্যৰ হৃৎপিণ্ডস্বৰূপ সচিবালয়ৰ কাম-কাজ নিকা, স্বচ্ছ আৰু সময়মতে সম্পন্ন কৰাৰ ব্যৱস্থা কৰক৷ কেৱল কেইজনমান মধ্যভোগীক গ্ৰেপ্তাৰ কৰি পুনৰ এৰি দিলেই ৰাজ্যৰ অফিচ-কাছাৰীৰ পৰা দালালৰাজ নিৰ্মূল হ’ব বুলি কোৱা টান৷ দীৰ্ঘদিন ৰাজ্যৰ শিক্ষা বিভাগৰ মন্ত্ৰী হৈ থকা মানুহজনৰ দিনতে চৰকাৰী শিক্ষানুষ্ঠানৰ সংখ্যা আৰু শিক্ষাৰ্থী সংকুচিত হৈ আহিল৷ শাসনৰ ছমাহত গুৰুখুঁটি, লামডিঙত বেদখল উচ্ছেদ কৰি একাংশ লোকৰ প্ৰিয়পাত্ৰ হৈছে যদিও উচ্চেদিত ভূমিহীন লোকসকলক পুনৰ সংস্থাপন নকৰিলে ইয়ে প্ৰমাণ কৰিব চৰকাৰখন দুখীয়াৰ প্ৰতি কিমান দৰদী৷ শাসনৰ দিনটোৰ পৰাই নিৰন্তৰ ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ সংকল্পৰে কাম কৰা বুলি প্ৰকাশ কৰি অহা চৰকাৰখনৰ দিনত ৰাজ্যৰ জনসাধাৰণে জীৱন জীয়াৰ সংগ্ৰামত ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে৷ মূল্যবৃদ্ধিৰ কেঁকোৰা চেপাত আজি জনসাধাৰণ বিপৰ্যস্ত৷ পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিৰ উপৰি নিত্যব্যৱহাৰ্য সকলো সামগ্ৰীৰে আকাশলংঘী দামে ৰাইজক জুৰুলা কৰিছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ চেষ্টা কৰাৰ বিপৰীতে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কে টুলুঙা মন্তব্যৰে ৰাইজৰ আৱেগক উপলুঙাহে কৰিছে৷ চৰকাৰৰ ছমাহ কাৰ্যকালহে ৰাজ্যবাসীৰ ওপৰত অধিক ঋণৰ বোজা জাপি দিয়া হৈছে৷ ৰাইজৰ ধনেৰে আমোদ-প্ৰমোদত ব্যস্ত চৰকাৰৰ মন্ত্ৰী-বিধায়কে অনুভৱ নকৰে সৰ্বসাধাৰণৰ দুখ-দুৰ্দশা৷ নিজৰ মানুহখিনিয়ে ড॰ হিমন্ত বিশ্ব শৰ্মাক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈ আহিছে যদিও ড॰ শৰ্মাৰ এই ছমহীয়া কাৰ্যকালতে ৰাজ্যভাষা অসমীয়াৰ অসমতে স্থান নোহোৱা হৈছে৷ অসমীয়া ভাষাত লিখা চৰকাৰী হৰ্ডিঙত ক’লা ৰং সানি অসমীয়া ভাষাটোকে অপমান কৰাৰ পাছতো চৰকাৰ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ পক্ষত থকা বুলি ক’ব পাৰিনে? সেইদৰে এইখন চৰকাৰে সীমান্তৰ ভূমি সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰিছেনে? ৰাজ্যৰ দুখীয়া-দৰিদ্ৰক উচ্ছেদ কৰা চৰকাৰখনে সীমান্তৰ বুজন পৰিমাণৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ পাছতো সেইবোৰ উদ্ধাৰ কৰাৰ সাহস গোটাব পৰা নাই৷ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰা মতে, অসম চৰকাৰ সম্প্ৰতি দেউলীয়া৷ চৰকাৰ চলাবলৈ ৰাজকোষত ধন নাই৷ ৰাজকোষত ধনৰ অভাৱ হোৱাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিধায়ক পুঁজিৰ ধনো কৰ্তন কৰিছে৷ যিখন চৰকাৰে বিধানসভা সমষ্টিৰ উন্নয়ন পুঁজিৰ ধনো কৰ্তন কৰে, সেইখন চৰকাৰে ৰাজ্যৰ কি উন্নয়ন সাধিব? কেৱল কূট-কৌশলেৰে নিৰ্বাচিত বিধায়কক নিজৰ দললৈ আনি পুনৰ ৰাজ্যত উপ-নিৰ্বাচন জাপি দি ৰাজ্যবাসীক মূল্যবৃদ্ধি, ঋণৰ অসহনীয় বোজা ব’বলৈ বাধ্য কৰাইছে৷ কেৱল হিতাধিকাৰী সৃষ্টি কৰিলেই ৰাজ্যৰ উন্নয়ন সম্ভৱ নহয়, ৰাজ্যৰ উন্নয়নৰ বাবে জনসাধাৰণক কামৰ যোগেদি ধন লাভৰ ব্যৱস্থা কৰিব পাৰিব লাগিব৷