Logo
image

ছমাহ পূৰ্তি, কি ক’লে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ১২ নৱেম্বৰঃ ‘সদ্যহতে আমি বীজ ৰোপণ কৰিছোঁ৷ ইয়াৰ ফল আমি এটা বছৰ সম্পূৰ্ণ কৰাৰ পাছত পাম’– চৰকাৰৰ ছমহীয়া কাৰ্যকালকলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত এই মন্তব্য কৰে৷ নতুন দিল্লীৰ পঞ্চতাৰকা হোটেল ‘লা মেৰিডিয়ান’ত অসমৰ সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰীজনৰ বক্তব্য— যোৱা ছমাহত আমি যিমানখিনি সম্ভৱ কৰিছোঁ৷ বড়ো চুক্তি, এনএফএলবি, কাৰ্বি, আলফা আদিৰ পৰা আৰম্ভ কৰি ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান— আমি সকলো কৰাৰ চেষ্টা কৰিছোঁ৷ তদুপৰি, ‘মিছন বসুন্ধৰা’,‘প্ৰজেক্ট সদভাৱনা’ৰ নিচিনা বহুতো কাম যি আমি আগতে ভাবিব পৰা নাছিলোঁ সেয়া আমি যোৱা ৬মাহত আগবাঢ়াই লৈছোঁ৷ কিন্তু তাকলৈ সন্তুষ্টি আহিব নালাগে৷ ‘মোৰ যদি লক্ষ্য ১০০ হয়, তেনেহ’লে এতিয়া মই প্তত থিয় হৈ আছোঁ আৰু বহুদূৰ যাত্ৰা বাকী আছে’— মুখ্যমন্ত্ৰীয়ে নিজৰ ছমহীয়া কাৰ্যকাল সন্দৰ্ভত সাংবাদিকৰ আগত এনেদৰে কয়৷ তেওঁ লগতে কয় যে, অহা পাঁচ বছৰত বহুতো কাম কৰাৰ ইচ্ছা আছে৷ চলিত মাহত ‘প্ৰজেক্ট সদভাৱনা’ৰ পৰা এই প্ৰক্ৰিয়া আগবঢ়াই নিয়া হ’ব৷  ইপিনে মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰা মতে, নৱেম্বৰৰ ভিতৰত অসমত এশ শতাংশ প্ৰথম পালি টিকাকৰণৰ কাম সম্পন্ন কৰা হ’ব৷ আৰু অহা বছৰ ফেব্ৰুৱাৰীৰ মাহৰ ভিতৰত অসমত টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব৷ ইয়াৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ এখন ব্লু-প্ৰিণ্ট ৰচনা কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনছুখ মাণ্ডাভিয়াৰ সৈতে দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীৰ আলোচনাত পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ দৰাচলতে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ দৰেই অসমত টিকাকৰণ অভিযান চলিব৷ ৰাজনৈতিক পৰ্যায়ৰ সমান্তৰালকৈ বিষয়া পৰ্যায়তো এই অভিযান চলিব৷ মুখ্যমন্ত্ৰীৰ পৰা মুখ্য সচিবলৈকে সকলো মন্ত্ৰী, বিষয়াই এই অভিযানত অংশগ্ৰহণ কৰিব৷ আজি নতুন দিল্লীৰ পঞ্চতাৰকা হোটেল ‘লা মেৰিডিয়ান’ত অসমৰ সাংবাদিকসকলৰ সৈতে হোৱা এক বাৰ্তালাপত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীজনে সবিশেষ অৱগত কৰি কয় যে ২৬ নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমৰ চুকে-কোনে এশশতাংশ প্ৰথম পালি টিকা দিয়াৰ কাম সম্পন্ন কৰিব৷ ইয়াৰ বাবে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীক নিয়োজিত কৰা হ’ব৷ এসপ্তাহৰ বাবে চৰকাৰী আন সকলো কাম এৰি ৪২হাজাৰ ৰাজপত্ৰিত বিষয়া, শিক্ষক, অধ্যাপককো টিকাকৰণৰ কামত নিয়োগ কৰা হ’ব৷ গুণোৎসৱৰ আগতেই সম্পন্ন কৰা হ’ব এই কাম৷ ইয়াৰ পাছত প্ৰতিখন গাঁৱত থকা আশা আৰু অংগনবাড়ী কৰ্মীসকলক নিয়োজিত কৰা হ’ব সংশ্লিষ্ট গাঁৱত এশ শতাংশ টিকা প্ৰদানৰ কাম সম্পন্ন হোৱাৰ প্ৰমাণ-পত্ৰ [চাৰ্টিফিকেট] প্ৰদানৰ বাবে৷ ইয়াতেই সমাপ্ত নহয় প্ৰথম পালি টিকাকৰণৰ অভিযান৷ আশা আৰু অংগনবাড়ী কৰ্মীসকলে প্ৰদান কৰা চাৰ্টিফিকেটৰ সত্যতা নিৰূপণৰ বাবে নমুনাস্বৰূপে বুথপৰ্যায়ত মুখ্যমন্ত্ৰীৰ পৰা মুখ্য সচিবলৈকে মন্ত্ৰী বিষয়াসকলে ভ্ৰমণ কৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰকাশ কৰা মতে, প্ৰয়োজনত তেওঁলোক ঘৰে ঘৰে গৈ খবৰ ল’ব যে প্ৰতিজন নাগৰিকে টিকা ল’লে নে নাই৷ মুখ্যমন্ত্ৰীৰ মতে, নৱেম্বৰৰ ভিতৰত প্ৰথম পালি টিকাকৰণৰ কাম সম্পন্ন হ’লে স্বভাৱতই তিনি মাহৰ ভিতৰত দ্বিতীয় পালি টিকাকৰণৰ কামো সম্পন্ন হ’ব৷ সেই অনুসৰি অহা বছৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসমত টিকাকৰণ অভিযান সামৰিব পাৰিম বুলি ড॰  শৰ্মাই মত ব্যক্ত কৰে৷  উল্লেখ্য যে, সোমবাৰে দিল্লীলৈ অহা মুখ্যমন্ত্ৰীজনে মঙলবাৰ আৰু বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য তথা সাৰ আৰু ৰসায়নমন্ত্ৰী মনছুখ মাণ্ডাভিয়া, পথ পৰিবহণমন্ত্ৰী নীতিন গাডকৰী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আদিক সাক্ষাতৰ পাছত আজি কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় বিদেশমন্ত্ৰী এছ জয়শংকৰকো সাক্ষাৎ কৰে৷ প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে হোৱা আজিৰ বৈঠকত ৰাজনাথ সিঙে অসমত প্তখন নতুন সৈনিক বিদ্যালয় স্থাপনত সেউজ সংকেত প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ পাছত টুইটাৰত ড॰ শৰ্মাই প্ৰকাশ কৰা মতে, গোলাঘাট, কাছাৰ, ধেমাজি, কাৰ্বি আংলং আৰু কোক্‌ৰাঝাৰত সংশ্লিষ্ট জিলা উপায়ুক্তসকলে ইতিমধ্যে ভূমি চিহ্নিত কৰিছে৷ আনহাতে, ব্ৰহ্মপুত্ৰৰ তলেৰে গাড়ী আৰু ৰে’লপথ বিশিষ্ট তেজপুৰ-নগাওঁ সংযোগী সুৰংগ নিৰ্মাণৰ কাম কেন্দ্ৰীয় চৰকাৰে অতিশীঘ্ৰে আৰম্ভ কৰিব বুলিও ৰাজনাথ সিঙে আজি মুখ্যমন্ত্ৰীক অৱগত কৰিছে৷ এই সুৰংগ নিৰ্মাণৰ কাম ব’ৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্বনে আগবঢ়াই নিব বুলিও মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ আনহাতে, কেন্দ্ৰীয় পথ আৰু পৰিবহণমন্ত্ৰী নীতিন গাডকৰীয়ে কাজিৰঙাৰ বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি ৩৫কিলোমিটাৰব্যাপী উৰণীয়া ঘাইপথ নিৰ্মাণৰ বিষয়টোত সেউজ সংকেত প্ৰদান কৰাৰ লগতে প্ৰকল্প প্ৰতিবেদনৰ কাম প্ৰায় ইতিমধ্যে সম্পন্ন হোৱাৰ কথাও মুখ্যমন্ত্ৰীজনে আজি জানিবলৈ দিয়ে৷ তদুপৰি, ব্ৰহ্মপুত্ৰৰ ওপৰেদি নাৰেংগী-কুৰুৱা দলং নিৰ্মাণৰ প্ৰসংগতো গাডকাৰীৰ সৈতে মুখ্যমন্ত্ৰীজনে আলোচনা কৰিছে৷ লগতে গুৱাহাটীক কেন্দ্ৰ কৰি এখন ৰিং ৰোড নিৰ্মাণৰ বিষয়তো প্ৰাৰম্ভিক আলোচনা সম্পন্ন হোৱা বুলি ড॰ শৰ্মাই জানিবলৈ দিয়ে৷ ইপিনে মঙলবাৰে কেন্দ্ৰীয় সাৰ আৰু ৰসায়নমন্ত্ৰী মনছুখ মাণ্ডাভিয়াক সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীজনে আজি পুনৰ বিভাগীয় মন্ত্ৰীজনক সাক্ষাৎ কৰি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বিষয়টোত আলোচনাত মিলিত হোৱাৰ কথা জানিবলৈ দিয়ে৷ ইপিনে অসমত দৈনিক ১০লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছি বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীজনে কয় যে, ইয়াৰ বাবে নেচনেল ডায়েৰী ডেভেলপমেণ্ট ব’ৰ্ডৰ [এন ডি ডি বি] সৈতে আজি আলোচনা কৰা হৈছে৷ অহা ১৩নৱেম্বৰত এইক্ষেত্ৰত এন ডি ডি বিৰ সৈতে অসম চৰকাৰে এখন বুজাবুজি চুক্তি সম্পাদন কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, মাৰ্ঘেৰিটাত থকা ক’ল ইণ্ডিয়াৰ যিখিনি সমস্যা আছে তাকলৈ কেন্দ্ৰীয় কয়লা আৰু খনিমন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা বুলি জানিবলৈ দিয়ে৷ এইবাৰৰ দিল্লী ভ্ৰমণকালত ৰাজ্যৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰিছোঁ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ ‘মই অত্যন্ত সুখী যে এইবাৰৰ দিল্লী ভ্ৰমণৰ কালছোৱাত পূৰ্বে কৰি যোৱা আবেদনসমূহৰ ফলাফল পাইছোঁ৷ যোৱা ছমাহৰ কাৰ্যকালত এয়া মোৰ এটা ডাঙৰ প্ৰাপ্তি৷’— মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এনেদৰে কয়৷ উল্লেখ্য যে, সাংবাদিকৰে হোৱা আজিৰ বাৰ্তালাপত ৰাজ্যৰ জনসংযোগমন্ত্ৰী পীয়ূষ হাজাৰিকও উপস্থিত থাকি মত বিনিময় কৰে৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপাৰ পাছত মুখ্যমন্ত্ৰীজনে আজি কেন্দ্ৰীয় বিদেশমন্ত্ৰী এছ জয়শংকৰকো সাক্ষাৎ কৰে৷ মন কৰিবলগীয়া যে, কাইলৈৰ পৰা মুম্বাইত আৰম্ভ হ’বলগীয়া বিজেপি বিধায়কসকলৰ বাবে দলৰ কেন্দ্ৰীয় নেতৃত্বই আয়োজন কৰা তিনিদনীয়া কৰ্মশালাত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীজনে আজি নিশা মুম্বাইলৈ উৰা মাৰিব৷ ১২নৱেম্বৰত মুম্বাইত থাকি ১৩নৱেম্বৰত আকৌ তেওঁ দিল্লীলৈ উভতি আহিব আৰু ১৪ নৱেম্বৰত মুম্বাইৰ কৰ্মশালাৰ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ ১৫ নৱেম্বৰত মুখ্যমন্ত্ৰীজন অসমলৈ উভতি যোৱাৰ কথা৷