Logo
image

ডিচেম্বৰতেই অনুষ্ঠিত হ’ব BTR নিৰ্বাচন

আমাৰ অসম, ০৭ অক্টোবৰঃ আগন্তুক ডিচেম্বৰতেই অনুষ্ঠিত হ’ব BTR নিৰ্বাচন৷ বুধবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটে লয় এই সিদ্ধান্ত৷ ক’ৰনা মহামাৰীৰ বাবে স্থগিত হৈ আছিল BTRৰ নিৰ্বাচন৷ বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেটত কেটবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে৷ বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষা হিচাপে অনুমোদন জনাই কেবিনেটে৷ ষষ্ঠ অনুসূচীৰ বাহিৰৰ বড়ো জনজাতিৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত কল্যাণ পৰিষদ গঠনৰ কথা সদৰী কৰে ৰাজ্য চৰকাৰে৷