Logo
image

সোণৰ অসমত ‘সোণালী’ বৰতোপ

আমাৰ অসম, ১২ নৱেম্বৰঃ সোণৰ অসম গঢ়িম বুলি সকলোৱে কয়৷ আছুৰ নেতৃত্বত হোৱা ঐতিহাসিক অসম আন্দোলনৰ পাছত সোণৰ অসম গঢ়াটো প্ৰায় সকলো ৰাজনৈতিক দলৰে অন্যতম প্ৰধান প্ৰতিশ্ৰুতি-বাণী হৈ পৰে৷ সেইবাবেই সোণৰ অসম গঢ়াৰ কথা কংগ্ৰেছে কৈছিল, অগপই কৈছিল– বিজেপিয়ে কৈছিল, কৈছে– কৈয়েই আছে৷ কথাই কথাই সোণৰ অসম গঢ়াৰ সংকল্প সকলোৱে দোহাৰে যদিও বাস্তৱ ক্ষেত্ৰত সোণৰ অসম গঢ়িবৰ বাবে যিবোৰ কাম কৰিব লাগে সেইবোৰ কাম নকৰে৷ ফলত বহু সমস্যাৰ সৃষ্টি হয়৷ এনে এটা নেতিবাচক পৰিৱেশৰ মাজতে সোণালী বৰতোপৰ জৰিয়তে কাৰ্যতঃ সোণৰ অসম গঢ়াৰ পথত যেন এখোজ আগবাঢ়িছে অসম বিধানসভা সচিবালয়৷ উল্লেখ্য, বিধানসভাগৃহত প্ৰৱেশ কৰাৰ পথতে সুন্দৰকৈ সজাই থোৱা আছে অসমৰ বৰ্ণাঢ্য ইতিহাস বিজড়িত দুটা বৰতোপ৷ দুটা প্ৰকাণ্ড হাতীদাঁতৰ তলত চকুত পৰাকৈ সজাই থোৱা এই বৰতোপ দুটাই স্বাভাৱিকতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ সেইফালেৰে অহা-যোৱা কৰা সকলোৱেই বৰতোপ দুটাৰ প্ৰতি নিক্ষেপ কৰে শ্ৰদ্ধামিশ্ৰিত দৃষ্টি৷ বিধানসভাৰ অধিৱেশনৰ আগে আগে বিধানসভাগৃহ আটকধুনীয়াকৈ সজাই তোলা হয়, ৰং-তেল সনা হয়৷ এইবাৰো তাৰ ব্যতিক্ৰম নঘটিল৷ বৃহস্পতিবাৰে কিছুসময়ৰ বাবে অনুষ্ঠিত বিধানসভাৰ অধিৱেশনত ৰাজ্যৰ নৱনিৰ্বাচিত পাঁচজন বিধায়কে শপতগ্ৰহণ কৰে৷ তেওঁলোকক শপতবাক্য পাঠ কৰোৱায় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ বৃহস্পতিবাৰৰ এই অনুষ্ঠানৰ বাবেই পৰম্পৰা অনুসৰি বিধানসভা চৌহদ সজাই-পৰাই তোলা হৈছিল৷ এই কথাত আপত্তি কৰাৰ কোনো থল নাই৷ কিন্তু আচৰ্যজনকভাৱে বিধানসভাগৃহৰ সন্মুখতে থকা বৰতোপ দুটাতো সানি দিয়া হ’ল সোণালী ৰং, যিটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ হয়তো বাকীবোৰ কাম কৰি অতোৱাৰ পাছতো সোণালী ৰং ৰৈ যোৱাৰ বাবেই অসমীয়াৰ গৌৰৱৰ প্ৰতীক বৰতোপত সানি দিয়া হ’ল ৰং৷ এই দায়িত্বজ্ঞানহীন কাণ্ডই স্বাভাৱিকতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বৰতোপৰ ৰং সোণালী নহয়, সেয়া সকলোৱে জানে৷ তৎসত্ত্বেও কোনে কিয় আৰু কাৰ নিৰ্দেশত ক’লা বৰতোপত ৰং সানি দিলে সেয়া স্বাভাৱিকতেই আলোচনা আৰু চৰ্চাৰ বিষয় হৈ পৰিছে৷ এয়া কোন অল্পমতিৰ কাম বুলিও প্ৰশ্ন উঠিছে৷ এয়া অসমৰ ঐতিহ্যৰ প্ৰতি অপমান বুলি অভিযোগ উঠাৰ লগতে বিভিন্ন মহলে এই কথা স্পষ্ট কৰি দিছে এই কাম অবৈজ্ঞানিকেই নহয়, আইনবিৰুদ্ধও৷ এইক্ষেত্ৰত সচেতন মহলে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, সংসদীয় পৰিক্ৰমামন্ত্ৰী পীয়ূষ হাজৰিকা আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে আৰু ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী জনাইছে৷ সঁচাকৈয়ে– হায় চেলুকচ/ কি বিচিত্ৰ এই দেশ/