Logo
image

কাৰ কথা কোনে শুনে! উৰণীয়া সেতুত গুপ্তৰোগৰ পৰা সংগীতানুষ্ঠানৰ পোষ্টাৰ

আমাৰ অসম,১২ নৱেম্বৰঃ ৰাজকোষৰ ধন ব্যয় কৰি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবদ্ধৰ্নৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে৷ কিন্তু একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবে গুৱাহাটী মহানগৰীখন কদৰ্য ৰূপ লোৱাহে দেখা গৈছে৷ প্ৰশাসন তথা গুৱাহাটী পৌৰ নিগমে নাগৰিক তথা ব্যৱসায়ীক মহানগৰীখন চাফ-চিকুণৰ ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনাইছে যদিও কাৰ কথা যেন এতিয়া কোনে শুনিব৷ গণেশগুৰিত জুৰোড সংযোগী নতুন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ পাছত ৰাজ্য চৰকাৰে ছুপাৰ মাৰ্কেটতো উৰণীয়া সেঁতু নিৰ্মাণ কৰি ৰাজ্যবাসীলৈ আগবঢ়াই দিলে৷ কিন্তু উৰণীয়া সেঁতুসমূহ এতিয়া গুপ্ত ৰোগৰ চিকিৎসাৰ বিজ্ঞাপন, টু-লেট ছাৰ্ভিচৰ বিজ্ঞাপন আৰু সংগীতানুষ্ঠানৰ হৰ্ডিং-পোষ্টাৰৰ থলীলৈ পৰিগণিত হৈছে৷ এনে বেনাৰ-পোষ্টাৰে ৰং-তেল ঘঁহি সৌন্দৰ্যবদ্ধৰ্ন কৰা উৰণীয়া সেঁতু কেইখনৰ প্ৰকৃত ৰূপ ম্লান কৰি তুলিছে৷ ছুপাৰ মাৰ্কেটৰ নতুন উৰণীয়া সেঁতুখনত অঁকা ছবিৰ সৈতে ছেল্‌ফি তোলাৰ নামত একাংশ লোকে গুট্‌খা-তামোলৰ পিক পেলাই লেতেৰা কৰি তুলিবলৈ কুণ্ঠাবোধ কৰা নাই৷ বহু ব্যক্তিয়ে চলন্ত বাহনৰ পৰাও উৰণীয়া সেঁতুৰ দেৱাললৈ লক্ষ্য কৰি গুট্‌খাৰ পিক নিক্ষেপ কৰাও দেখা গৈছে৷ যাৰ বাবে বুধবাৰে গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই উৰণীয়া সেঁতু বা ৰাজহুৱা সম্পত্তিৰ ওপৰত অকতৃৰ্ত্বশীলভাৱে বেনাৰ-পোষ্টাৰ আঁৰিলে বা গুট্‌খা খাই পিক পেলালে এক হাজাৰ টকা জৰিমনা বিহিব বুলিও ঘোষণা কৰিছিল৷ আনকি এনে পিক পেলোৱা ব্যক্তিৰ ফটোসহ সন্ধান দিওঁতালৈও এক হাজাৰ টকা পুৰস্কাৰ ঘোষণা কৰিছিল পৌৰ নিগমৰ আয়ুক্তই৷ কিন্তু আয়ুক্তৰ এই ঘোষণাৰ ২৪ ঘণ্টা নৌহওঁতেই ছুপাৰ মাৰ্কেটৰ নৱনিৰ্মিত উৰণীয়া সেঁতুত অবৈধভাৱে হৰ্ডিং লগোৱা দেখা গ’ল৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে পুৱাই ৰাজহুৱা সম্পত্তি বিকৃতকৰণ অধিসূচনা উলংঘন কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ প্ৰৱৰ্তন শাখাই উৰণীয়া সেঁতুখনৰ পৰা অবৈধ বেনাৰখন উচ্ছেদ কৰে৷ এই বেনাৰখন হৈছে ডিমা হাচাও জিলাৰ উমৰাংছুত অনুষ্ঠিত হ’বলগীয়া ‘ফালকম মহোৎসৱ’ৰ৷ ৰাজহুৱা সম্পত্তি বিকৃত নকৰিবলৈ নিয়মীয়াকৈ জাননী দিয়া সত্ত্বেও এনেধৰণৰ কাৰ্য সংঘটিত কৰাৰ বাবে ‘ফালকম মহোৎসৱ’উদ্‌যাপন কমিটীলৈ জাননী জাৰি কৰি তিনিদিনৰ ভিতৰত গুৱাহাটী পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত সমাহৰ্তাক কাৰণ দৰ্শাই প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে নিগমে৷ অন্যথা আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি প্ৰদান কৰিছে জি এম চিয়ে