Logo
image

মৃত্যুৰ ছমাহ, হোমেন বৰগোহাঞিৰ জীৱন-সাহিত্যৰ চৰ্চা গুণমুগ্ধৰ

 আমাৰ অসম, ১৩ নৱেম্বৰঃ ‘সাহিত্যিক হিচাপে হোমেন বৰগোহাঞি মূলসুঁতিৰ সাহিত্যিক আছিল৷ তেওঁৰ প্ৰায়বোৰ লেখা, উপন্যাসে হওক,গল্প হওক, প্ৰবন্ধ হওক মানুহৰ মাজত অন্যন্ত জনপ্ৰিয়৷ আমাৰ সময়ত হোমেন বৰগোহাঞিৰ দৰে জনপ্ৰিয় লেখক দেখা পোৱা নাই–এইদৰে কয় বিশিষ্ট সাহিত্যিক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃধ্ৰৱজ্যোতি বৰাই৷ জাতীয় জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যুৰ ৬ মাহ পূৰ্ণ হোৱা উপলক্ষে প্ৰথিতযশা সাহিত্যিক-সাংবাদিকগৰাকীৰ জীৱন আৰু সাহিত্যৰ চৰ্চা আৰু কৰ্মৰাজিৰ বন্দনাৰ বাবে গুণমুগ্ধৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ দিছপুৰ লাষ্টগেট ডি পি আৰ চি চৌহদত  অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি আৰু বক্তিতা অনুষ্ঠানত মূল বক্তিতা বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰnৱজ্যোতি বৰাই লগতে কয়–‘হোমেন বৰগোহাঞিয়ে অসমীয়া সাহিত্যৰ ভেটি নিৰ্মাণ কৰিছিল৷ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ কাম বৰগোহাঞিৰ নেতৃত্বত সম্পন্ন হৈছিল৷ তেওঁৰ নেতৃত্বত অসমত প্ৰকৃতি আৰু পৰিবেশ আন্দোলনৰ সূত্ৰপাত হৈছিল৷  ভাষাৰ ক্ষেত্ৰত তেওঁৰ যি অপূৰ্ব দখল আছিল সেই দখলে তেওঁকটো জনপ্ৰিয় কৰিলে লগতে ভাষিক, সামাজিক, সাহিত্যৰ দিশৰ পৰা অসমীয়া ভাষাক অতি সমৃদ্ধ কৰিলে৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পাছত আটাইতকৈ জনপ্ৰিয় লেখকজনেই হ’ল হোমেন বৰগোহাঞি৷ হোমেন বৰগোহাঞিয়ে ৯ টা দশকৰ জীৱন কালত আমাৰ সমাজক এটা নিৰ্দিষ্ট দিশত পৰিচালনা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছিল৷  তেওঁ এজন স্বপ্নদ্ৰষ্টাই নাছিল তেওঁ এজন বাট দেখুৱা লোক আছিল৷ তেওঁৰ কিতাপৰ প্ৰকাশ আৰু বিক্ৰীৰ সংখ্যাই তেওঁৰ জনপ্ৰিয়তাৰ মাপকাঠি আমাক দি দিয়ে৷ তেওঁক আধুনিক কালৰ প্ৰথমজন লেখক বুলি ভাবোঁ যি আমাক আধুনিক পৃথিৱীখনৰ লগত চিনাকি কৰি দিবলৈ, আধুনিক পৃথিৱীখনক বুজিবলৈ, দুৱাৰ খিৰিকীবোৰ মুকলি কৰি দিবলৈ প্ৰয়াস কৰিছিল৷ সত্যনিষ্ঠ, সৃষ্টিশীল সাহিত্যকৰ্ম কৰা সকলক আমি তুলি ধৰিব লাগিব৷  স্মৃতি আমাৰ কাৰণে অন্যন্ত গুৰুত্বপূৰ্ণ৷ স্মৃতিৰ এনেকুৱা ধৰণৰ সভাৰ আয়োজন কৰাৰ আচলতে তাৎপৰ্য হ’ল নিজৰ ওপৰত নিজৰ বিশ্বাস আকৌ এবাৰ প্ৰতিষ্ঠা কৰা৷’অনুষ্ঠানত অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী, আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, ‘আমাৰ অসম’ৰ ডেপুটি এডিটৰ গৌতম শৰ্মা, ‘আমাৰ অসম’ৰ সহকাৰী সম্পাদক মন্টু শইকীয়া,  লেখক বিশ্বদীপ বৰুৱা, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ, ‘নিয়মীয়া বাৰ্তা’কাকতৰ সম্পাদক নৰেশ কলিতা, কাৰ্যবাহী সম্পাদক অমল দাস, ‘স্বাস্থ্য’ আলোচনীৰ কাৰ্যবাহী সম্পাদক গীতিমালিকা নেওগ, ডি পি আৰ চিৰ প্ৰতিষ্ঠাপক দিগন্ত দাস, ডিৱাই ৩৬৫ পৰিচালন সঞ্চালক প্ৰাণজিৎ শইকীয়া, লেখক-ব্যৱসায়ী-সাংস্কৃতিক কৰ্মী গোপাল জালান আদিয়ে প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে৷ লেখক-সাংবাদিক পৱিত্ৰ বৰাই আঁত ধৰা এই অনুষ্ঠানত পুৱা নাম-প্ৰসঙ্গ কৰা হয়৷ অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷