Logo
image

হংকঙৰ ‘কেপ্টেইন আমেৰিকা’ক ৬ বছৰ জেল

আমাৰ অসম,১৩ নৱেম্বৰঃ হংকঙক চীনে সম্পূৰ্ণৰূপে নিজৰ অধীনলৈ নিয়াৰ পাছত গণতন্ত্ৰৰ সপক্ষে আন্দোলন কৰি অহা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে৷ হংকঙত গণতন্ত্ৰৰ সপক্ষেআন্দোলন কৰি অহা এজন লোকক বৃহস্পতিবাৰে হংকঙৰ এখন আদালতে ৬ বছৰৰ বাবে কাৰাদণ্ড বিহে৷ চীনৰ দ্বাৰা হংকঙত প্ৰৱৰ্তন কৰা‘ৰাষ্ট্ৰীয় নিৰাপত্তা আইন’ৰ অধীনত তেওঁক এই শাস্তি প্ৰদান কৰা হয়৷ গণতন্ত্ৰৰ সমৰ্থনকাৰী এই প্ৰতিবাদকাৰীজনক হংকঙত জনা যায়‘কেপ্টেইন আমেৰিকা ২’হিচাপে৷ হলীউডৰ বিখ্যাত ছুপাৰহিৰ’সকলৰ অন্যতম চৰিত্ৰ‘কেপ্টেইন আমেৰিকা’ৰ দৰে গেট-আপ আৰু তেওঁ ব্যৱহাৰ কৰা ঢাল লৈ হংকঙত গণতন্ত্ৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল এই লোকজনে৷ গতিকে তেওঁক সকলোৱে হংকঙৰ ‘কেপ্টেইন আমেৰিকা’ বুলি অভিহিত কৰি আহিছিল৷ কিন্তু চীনে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ জৰিয়তে হংকঙৰ গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছৰে পৰাই আন্দোলনকাৰীসকলে কাৰাবন্দীৰ জীৱন যাপন কৰিবলগীয়া হয়৷ গতিকে মা চুন-মেন নামৰ ৩১ বছৰীয়া লোকজনেও বৃহস্পতিবাৰে ছবছৰ কাৰাদণ্ড লাভ কৰে৷ মা চুন-মেন ওৰফে কেপ্টেইন আমেৰিকাই এই শাস্তি লাভ কৰাৰ খবৰ এতিয়া সকলোতে বিয়পি পৰিছে৷ হংকঙক স্বাধীন কৰিমেই বুলি শ্লোগান দিয়াৰ অপৰাধতে জিলা আদালতে তেওঁক ছবছৰৰ কাৰাদণ্ড বিহে৷