Logo
image

গুৱাহাটীত চিনেমা হল, শ্বপিং মল, নাৰ্ছিংহোমত পাৰ্কিং মাচুল নিষিদ্ধ

আমাৰ অসম, ১৩ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত অন্যতম এক গুৰুতৰ সমস্যা হৈছে যান-বাহনৰ পাৰ্কিং৷ গুৱাহাটী পৌৰ নিগমে ৰাজপথৰ বিভিন্ন স্থানত পাৰ্কিঙৰ সুবিধা কৰি দিয়াৰ লগতে বিশেষ বিশেষ স্থানত ৰাজহুৱা পাৰ্কিং আস্থানৰো নিৰ্মাণ কৰিছে৷ কিন্তু ইয়াৰ পাছতো পাৰ্কিঙক লৈ সদায়েই জ্বলা-কলা খাব লগা হৈ আহিছে মহানগৰীত চলাচল কৰা যান-বাহনৰ গৰাকী তথা চালকসকলে৷ গুৱাহাটী পৌৰ নিগমৰ নিয়ম অনুসৰি মহানগৰীৰ কোনো ব্যৱসায়িক প্ৰতিষ্ঠানেই যান-বাহন পাৰ্কিঙৰ নামত মাছুল আদায় কৰিব নোৱাৰে৷ চিনেমা হল, শ্বপিংমল, নাৰ্ছিংহোমসমূহৰ নিজা পাৰ্কিং আস্থান থকাটো বাধ্যতামূলক আৰু পাৰ্কিঙৰ বাবদ গ্ৰাহকৰ পৰা মাছুল সংগ্ৰহ কৰাটো আইন বিৰুদ্ধ৷ তৎসত্ত্বেও মহানগৰীৰ একাংশ শ্বপিংমল, নাৰ্ছিংহোম আৰু চিনেমা হল কতৃৰ্পক্ষই গ্ৰাহকৰ পৰা পাৰ্কিঙৰ বাবদ মাছুল সংগ্ৰহ কৰি আহিছে৷ মহানগৰীৰ জি এছ ৰোডৰ শ্বপিং মলত পাৰ্কিঙৰ বাবদ যান-বাহনৰ গৰাকীৰ পৰা নূ্যনতম ১০০ টকা মাছুল সংগ্ৰহ কৰাও দেখা গৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ শ্বপিংমল, নাৰ্ছিংহোম আৰু চিনেমা হল কতৃৰ্পক্ষক পাৰ্কিং মাছুল কোনো কাৰণতে ল’ব নোৱাৰিব বুলি সতৰ্ক কৰি দিছে জি এম চিৰ আয়ুক্ত দেৱাশীষ শৰ্মাই৷ সংবাদ মাধ্যমৰ আগত আয়ুক্ত দেৱাশীষ শৰ্মাই কয়– কোনো শ্বপিংমল, নাৰ্ছিংহোম বা চিনেমা হলে পাৰ্কিঙৰ নামত মাছুল ল’লে ৰাইজে প্ৰশ্ন কৰা উচিত৷ কিয়নো এনে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে পাৰ্কিঙৰ নামত মাছুল আদায় কৰাটো নিষিদ্ধ৷ কোনো শ্বপিংমল বা ব্যৱসায়ী প্ৰতিষ্ঠানে তেওঁলোকৰ নিৰ্দিষ্ট গ্ৰাহকৰ পৰিৱৰ্তে আন ব্যক্তিৰ বাহন পাৰ্কিঙৰ বাবদ মাছুল সংগ্ৰহ কৰিব পাৰে৷ কিন্তু এনেদৰে মাছুল সংগ্ৰহ কৰিবলৈ হ’লে পৌৰ নিগমৰ অনুমতি ল’ব লাগিব আৰু নিৰ্ধাৰিত ৰাজহ জি এম চিক জমা দিব লাগিব৷ বৰ্তমানলৈ তেনে কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানে এই ধৰণৰ পাৰ্কিঙৰ অনুমতি লোৱা নাই৷ অৰ্থাৎ গুৱাহাটীৰ শ্বপিংমল, চিনেমা হল বা নাৰ্ছিংহোম কোনেও পাৰ্কিঙৰ নামত মাছুল ল’ব নোৱাৰে৷