Logo
image

কিহৰ ইংগিত? পুনৰ আলফাৰ একপক্ষীয় যুদ্ধবিৰতি বৃদ্ধি

আমাৰ অসম, ১৫ নৱেম্বৰঃ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]-এ পুনৰ তিনিমাহৰ বাবে এক পক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰিছে৷ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিগত ১৪ মে’ৰ পৰা আলফাই [স্বাধীন] অস্ত্ৰ বিৰতি ঘোষণা কৰি সামৰিক কাৰ্যকলাপৰ পৰা বিৰত আছে বুলিও প্ৰকাশ কৰিছে৷ দেওবাৰে তৃতীয় বাৰলৈ আলফা [স্বাধীন]ৰ উচ্ছতম পৰিষদৰ সভাপতি জেনেৰেল পৰেশ বৰুৱাই  কিহৰ ইংগিত? পুনৰ আলফাৰ একপক্ষীয় অস্ত্ৰ বিৰতিৰ ম্যাদ তিনিমাহলৈ বৃদ্ধিৰ কথা প্ৰেছ বিবৃতি যোগে ৰাজহুৱা কৰিছে৷ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা আলফাৰ বিৰুদ্ধে সামৰিক অভিযান বন্ধ ৰখাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও পৰেশ বৰুৱাই বাৰে বাৰে যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে৷ স্বাভাৱিকতেই পৰেশ বৰুৱাই যুদ্ধবিৰতি ঘোষণা কৰি কিহৰ ইংগিত দিছে ইয়াক লৈ বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়োৱাত সুযোগ দিয়াৰ বাবেই আলফাই একপক্ষীয় যুদ্ধ বিৰতি ম্যাদ কৰিছে নেকি বুলিও  প্ৰশ্ন উঠিছে৷ কিয়নো ইতিমধ্যে পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ মাজত বিশেষ দূতৰ জৰিয়তে টেলিফোনিক যোগাযোগ হৈছে৷ আনকি মুখ্যমন্ত্ৰী শৰ্মাই শান্তি আলোচনা প্ৰক্ৰিয়া আগবঢ়োৱাৰ বাবে পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা অনুমতি বিচাৰিছে বুলিও ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰকাশ কৰিছে৷ লক্ষণীয়ভাৱে শান্তি আলোচনাক লৈ পৰেশ বৰুৱাই আলফাৰ সাৰ্বভৌমত্ব চৰ্তত আজিও অটল থকাৰ বাবেই শান্তি আলোচনা প্ৰক্ৰিয়াই বিশেষ আগবঢ়া নাই বুলিহে বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷  কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনচেৰেক পূৰ্বে দিল্লী ভ্ৰমণৰ  সময়ত সংবাদ মাধ্যমৰ আগত আলফাই পূৰ্বৰ চৰ্তত আঁকোৰ-গোঁজ স্থিতিত থাকিলে শান্তি আলোচনা সম্ভৱ নহয় বুলিও সকীয়াই দিছিল৷ অৱশ্যে আলোচনাৰ স্বাৰ্থত পৰেশ বৰুৱাই সাৰ্বভৌম অসমৰ চৰ্তৰ পৰা আঁতৰি আহিছে নেকি সেয়াও স্পষ্ট নহয়৷ মুঠৰ ওপৰত আলফাৰ একপক্ষীয় যুদ্ধ বিৰতিয়ে সাময়িকভাৱে হ’লেও অসমলৈ শান্তি কঢ়িয়াই আনিছে৷ কোনো তেজাল যুৱকৰ মৃত্যুৰ দুৰ্ভাগ্যজনক খবৰ অহা নাই৷