Logo
image

২৫০জন লোক, ৩০টা পোহনীয়া কুকুৰক লৈ জাৰ্মানীত থাইলেণ্ডৰ ৰজা

আমাৰ অসম, ১৫ নৱেম্বৰঃ সুন্দৰীৰ সংগ আৰু বিলাসী জীৱন-যাপনৰ বাবে পৰিচিত থাইলেণ্ডৰ ৰজা মহা ৱাজিৰালংকৰণে লগত ২৫০জন লোক আৰু ৩০টা প্ৰিয় পোহনীয়া কুকুৰৰ সৈতে জাৰ্মানীত উপস্থিত হয়গৈ৷ জাৰ্মানীৰ এখন টেবলয়ডে এই কথা প্ৰকাশ কৰে৷ ৬৯ বছৰীয়া ৰজা মহা ৱাজিৰালংকৰণে মিউনিখৰ এখন হোটেলৰ চতুৰ্থ মহলাত থকা কোঠা ১১ দিনৰ বাবে বুকিং কৰে৷ এখন ব্যক্তিগত বিমানেৰে মিউনিখ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত এই বিলাসী হোটেলখনত আশ্ৰয় লৈছে তেওঁ৷ ২৫০জন লোকে এই হোটেলৰ চতুৰ্থ মহলাত ১১ দিন কটাব৷ কুকুৰৰ প্ৰতি তেওঁৰ ইমানেই মৰম যে নিজৰ পোহনীয়া কুকুৰ পুডল ফু ফুক এয়াৰ চীফ মাশ্বৰ্াল পদতো অধিষ্ঠিত কৰি তেওঁ চৰ্চালৈ আহিছিল৷ উল্লেখ্য, থাইলেণ্ডত গণতন্ত্ৰৰ সমৰ্থত আৰম্ভ হোৱা বিপ্লৱ আৰু ৰাজতন্ত্ৰই কঠোৰ সমালোচনা সন্মুখীন হোৱাৰ পাছত থাই ৰজাৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ৷ ইমান সমালোচনাৰ পাছতো তেওঁৰ বিলাসী জীৱন-শৈলী সলনি হোৱা নাই৷