Logo
image

চকুলো, তোপধবনিৰ মাজত বাগ্‌সাত সুমনক চিৰবিদায়

আমাৰ অসম,১৬ নৱেম্বৰঃ অহা মাহত পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল আছাম ৰাইফলছৰ ৰাইফলমেন সুমন স্বগীৰ্য়াৰীয়ে৷ পিছে সেই প্ৰতিশ্ৰুতি তেওঁ জীৱন্ত অৱস্থাত ৰক্ষা কৰিব নোৱাৰিলে৷ মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত নিজৰ জীৱন বিসৰ্জন দি সোমবাৰে মৃতদেহ হৈ পুত্ৰ আৰু পত্নীৰ ওচৰলৈ উভতি যোৱা সুমন স্বগ¹য়াৰীক সেয়ে চকুলো বোৱাই আদৰিবলগীয়া হ’ল দুৰ্ভগীয়া পৰিয়ালটোৱে৷ কান্দোনত ভাগি পৰা উপস্থিত জনতা আৰু পত্নী জুৰি স্বগ¹য়াৰীৰ বান্ধ ভঙা কান্দোনে  বৰ্ণনাতীতভাৱে শোকাকুল কৰি পেলোৱা   বৰমাৰ কাঁহিবাৰীত সোমবাৰে অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে৷ কান্দি কান্দিয়েই পত্নী জুৰিয়ে ছেল্যুট দি  চিৰবিদায় দিয়ে বীৰ জোৱান-স্বামী সুমন স্বগ¹য়াৰীক৷ নিয়তিয়ে কেতিয়া কাক কেনেকৈ লৈ যায় সেয়া কোনেও কব নোৱাৰে৷ পিছে পিতৃৰ আৰ্দশেৰে অনুপ্ৰাণিত হৈয়েই শ্বহীদ হ’ল অসমৰ এজন বীৰ জোৱান সুমন স্বগীৰ্য়াৰী৷ মণিপুৰত শনিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হৈছিল অসম সন্তান অসম ৰাইফলছৰ ৪৬নং বেটেলিয়ানৰ জোৱান সুমন স্বৰ্গীয়াৰী৷ সকলোৱেই এতিয়া জানিব পাৰিছে– বীৰ ছহিদ সুমন স্বগ¹য়াৰী আছিল পিতৃৰ আদৰ্শেৰে অনুপ্ৰাণিত সৈনিক৷ উল্লেখ্য এসময়ত  সন্ত্ৰাসবাদীৰ নিষ্ঠুৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল পিতৃ কনক স্বৰ্গীয়াৰীয়ে৷ সেই ঘটনাৰে পুনৰাবৃত্তি হ’ল একেটা পৰিয়ালত৷ ২০০৭ চনত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল সুমনৰ পিতৃ কনক স্বৰ্গীয়াৰী৷ তেওঁ আছিল এজন সমাজ কৰ্মী৷ বাগ্‌সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত কাঁহিবাৰীৰ এজন বিশিষ্ট সমাজকৰ্মী হিচাপে পৰিচিত কনক স্বৰ্গীয়াৰীয়ে সমাজৰ হিতৰ বাবে কাম কৰিছিল৷ অৱশেষত তেওঁ বুকু পাতি ল’ব লগীয়া হৈছিল সন্ত্ৰাসবাদীৰ নিৰ্মম গুলী৷ পুত্ৰ সুমন স্বগীৰ্য়াৰীয়েও পিতৃৰ খোজেৰে খোজ মিলাই দেশসেৱা কৰিবলৈ ২০১১ চনত অসম ৰাইফলছত যোগদান কৰিছিল৷ পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে কৰ্তব্যত আত্মনিয়োগ কৰা  বীৰ জোৱানজনৰ নশ্বৰদেহ আজি স্ব-গৃহত আহি উপস্থিত হয়৷ আজি পুৱা ৭.৩০ বজাত বিশেষ বিমানেৰে গুৱাহাটীলৈ অনা হয় বীৰ জোৱানজনৰ নশ্বৰ দেহ৷ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অসম চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শ্বহীদ জোৱানগৰাকীৰ নশ্বৰদেহত মাল্যাৰ্পণেৰে ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ স্বগৃহত ছহিদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছত বৰমাৰ কাঁহিবাৰীত শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ আত্মীয়-স্বজন, বন্ধু-বান্ধৱ তথা অঞ্চলটোৰ লোকে কান্দোনত ভাগি পৰে৷  অন্তিম শ্ৰদ্ধা জনাবলৈ হাজাৰ হাজাৰ জনতাৰ সমাগম ঘটে৷  তিনি বছৰীয়া অবুজ কণমানিটোৱে চাই ৰয় পিতৃৰ নিথৰ শৰীৰ৷ সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে অন্তিম শ্ৰদ্ধা জনোৱা হয় শ্বহীদজনলৈ৷ শেষকৃত্যত ৰাজ্যৰ মন্ত্ৰী কেশৱ মহন্ত, ইউ জি ব্ৰহ্ম, বাগ্‌সা জিলা উপায়ুক্ত, ভাৰতীয় সেনাৰ জাঠ ৰেজিমেণ্ট, শিখ ৰেজিমেণ্টৰ উচ্ছ পদস্থ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অন্তে্যষ্টিক্ৰিয়া চলি থকাৰ মাজতে অসম চৰকাৰৰ আন এগৰাকী কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়৷ মন্ত্ৰীগৰাকীয়ে শ্বহীদৰ পৰিয়ালৰ সৈতে অসম চৰকাৰ সদায় থাকিব বুলি জানিবলৈ দি উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰি আছে বুলিও কয়৷ উল্লেখ্য যে শ্বহীদ স্বগ¹য়াৰীক শেষ সন্মান জনোৱাৰ সময়ত কেইবাজনো মন্ত্ৰীয়ে জোতা পৰিধান কৰি থকাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য, এই আক্ৰমণত অসমৰ সুমন স্বৰ্গীয়াৰীৰ উপৰি খাতনেই কন্যাক, আৰ পি মীনা আৰু শ্যামল দাস নামৰ চাৰিজন জোৱানো শ্বহীদ হয়৷