Logo
image

পাক সেনা আৰু চৰকাৰৰ মাজৰ সংঘাত তুংগত গাদী যাব প্ৰধানমন্ত্ৰী ইমৰান খানৰ!

আমাৰ অসম, ১৬ নৱেম্বৰঃ পাকিস্তানৰ ইমৰান খান চৰকাৰ আৰু সেনাৰ মাজৰ যুঁজখন এতিয়া তীব্ৰতৰ হৈ পৰিছে৷ পাকিস্তানৰ চোৰাংচোৱা সংস্থা ‘আই এছ আই’ৰ মুৰব্বীক নিযুক্তি দিয়াক লৈয়ে ইমৰান খান চৰকাৰ আৰু সেনাৰ মাজত সংঘাত অব্যাহত আছে৷ এতিয়া সেই সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ এতিয়া এই কথা চৰ্চালৈ আহিছে যে ইমৰান খানৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে সেনা৷ গতিকে ইমৰান খানক প্ৰধানমন্ত্ৰী পদৰ আঁতৰোৱাৰ চিন্তা-চৰ্চা কৰিছে সেনাই৷ যদি এয়া সঁচা হয়, তেন্তে অচিৰেই ইমৰান খানে প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱাব৷ ২০ নৱেম্বৰত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল নাদিম অঞ্জুমে আই এছ আইৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিব৷ কিন্তু ইয়াকে লৈ ইমৰান খান আৰু সেনাপ্ৰধান জেনেৰেল কামাৰ বাজোৱাৰ মাজত চলি থকা সংঘাতে এতিয়া চৰম পৰ্যায় পাইছেগৈ৷ কামাৰ বাজোৱাই বিচাৰিছে ফাইজ হামিদেই আই এছ আইৰ মুৰব্বী হৈ থাকক৷ কিন্তু ফাইজ হামিদক আই এছ আইৰ পদৰ পৰা আঁতৰাই নাদিম অঞ্জুমক অনুষ্ঠানিকভাৱে নিযুক্তি দিছে ইমৰান খান চৰকাৰে৷ ফাইজ হামিদ পৰৱৰ্তী সেনাপ্ৰধান হ’বৰ বাবে তেওঁক আন এটা পদত নিযুক্তি দিয়া হয়৷ কিন্তু সেনাপ্ৰধান জেনেৰেল বাজোৱাই সেইটো বিচৰা নাই৷ গতিকে ২০ নৱেম্বৰৰ ভিতৰত ইমৰান খানক চূড়ান্ত সময় দিয়া হৈছে৷ ২০ নৱেম্বৰৰ ভিতৰত ইমৰান খানে পদত্যাগ কৰিব লাগিব৷ নহ’লে সেনাই বাধ্য কৰিব পদত্যাগ কৰিবলৈ৷ অহা দিনবোৰত ইমৰান খানৰ তেহৰিক-ই-ইনছাফ দলৰ দুই সহযোগী দলে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলিও চৰ্চা চলিছে৷