Logo
image

কাবুলত তালিবানৰ সামৰিক পেৰেড

 আমাৰ অসম, ১৬ নৱেম্বৰঃ তালিবানে দেওবাৰে ৰাজধানী কাবুলত সামৰিক পেৰেড উলিয়ায়৷ এই সামৰিক পেৰেডৰ সময়ত তালিবানে আমেৰিকাৰ দ্বাৰা নিৰ্মিত বখতৰবন্দ বাহন আৰু ৰাছিয়াৰ হেলিকপ্টাৰো ব্যৱহাৰ কৰে৷ আমেৰিকাৰ পৰা আফগানিস্তান চৰকাৰে আগেয়ে লাভ কৰা বাহন আৰু অস্ত্ৰ-শস্ত্ৰবোৰ এতিয়া তালিবান চৰকাৰে ব্যৱহাৰ কৰিছে৷ সেইবোৰকে লৈ দেওবাৰে কাবুলৰ ৰাজপথত সামৰিক পেৰেড উলিয়ায় তালিবানে৷ এই সামৰিক পেৰেডত ভাগ লয় তালিবান যোদ্ধাই৷ ইয়াৰ দ্বাৰা তালিবানে এই কথা প্ৰমাণ কৰিবলৈ চেষ্টা কৰে যে তেওঁলোকে দেশ দখলৰ কৰাৰ পাছত দেশৰ সেনা বাহিনীত বিৰাট পৰিৱৰ্তন সাধন হৈছে৷ প্ৰায় দুই দশকৰো অধিক কাল বিদ্ৰোহৰ পাছত চলিত বৰ্ষৰ ১৫ আগষ্টত তালিবানে আফগানিস্তান নিজৰ দখললৈ নিবলৈ সক্ষম হয়৷ তালিবানৰ শাসন চলা আফগানিস্তানক বিশ্বই এতিয়াও স্বীকৃতি দিয়া নাই৷ তথাপি দেওবাৰে কাবুলত তালিবানে নিজক সামৰিক শক্তি প্ৰদৰ্শন কৰে৷ এই সামৰিক পেৰেডত ২৫০ৰো অধিক নতুনকৈ প্ৰশিক্ষণ লাভ কৰা তালিবানী সেনাই ভাগ লয়৷ আমেৰিকাত নিৰ্মিত কেইবাখনো এম ১১৭ বখতৰবন্দ গাড়ীক লেহেমীয়া গতিকে কাবুলৰ ৰাজপথত চলোৱা হয়৷ আকাশত উৰে ৰাছিয়াত নিৰ্মিত এম আই-১৭ হেলিকপ্টাৰ৷