Logo
image

নিশা ‘ঠিকনা’ পাহৰি হাহাকাৰ মত্ত যুৱতীৰ

আমাৰ অসম,১৭ নৱেম্বৰঃ গুৱাহাটীৰ নিশাৰ পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে৷ কৰোবাত যদি মাতাল যুৱতীৰ তাণ্ডব, কৰোবাত আকো সংঘটিত হৈছে হত্যাকাণ্ড৷ মুঠতে নিশাৰ গুৱাহাটী বুলি ক’লে এতিয়া বহুলোকে আতংকিত হৈ পৰে৷ ক্ৰমাৎ ‘মায়াবী নগৰী’ত পৰিণত গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে  সুৰাসক্ত যুৱতীৰ উদ্ভণ্ডালি৷ ভাৰা গাড়ীৰ উপৰিও থানাত চৰম উদ্ভণ্ডালি কৰি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এগৰাকী মাতাল যুৱতী৷ যুৱতীগৰাকীৰ ঘৰ মহানৰীৰ গণেশপাৰাত৷ ঘটনাটো সংঘটিত হৈছে সোমবাৰে নিশা৷ গণেশ পাৰাত ভাৰাতীয় হিচাপে থকা যুৱতীগৰাকীয়ে নিশা পামহিৰ পৰা এ এছ ০১এইছ চি ০৯৫২ নম্বৰৰ এখন ‘উবেৰ’ গাড়ী বুক কৰি গাড়ীৰ ভিতৰত অশ্লীল গালি-গালাজ আৰু চিঞৰ-বাখৰ আৰম্ভ কৰে৷ যুৱতীগৰাকীৰ ঔদ্ধতালি ইমানে বৃদ্ধি পালে যে গাড়ীখনৰ চালকজন হতভম্ভ হৈ পৰে৷ উপাই নাপাই চালকজনে কৌশলেৰে যুৱতীগৰাকীৰ পৰা ভাৰাঘৰৰ মালিকৰ নম্বৰ সংগ্ৰহ কৰে৷ সেই সময়ত ‘ঠিকনা’ বিচাৰি কাৰ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে সুৰাসক্ত যুৱতীগৰাকীয়ে৷ চালকজনে ঘৰৰ মালিকক ফোন কৰি যুৱতীগৰাকীৰ সবিশেষ জনোৱাৰ পাছত ঘৰৰ মালিকে যুৱতীগৰাকীক গড়চুক থানাত গতাই দিবলৈ চালকজনক পৰামৰ্শ দিয়ে৷ সেই মৰ্মে চালকজনে গাড়ীখন গড়চুক থানালৈ লৈ যায় আৰু আৰক্ষীৰ হাতত যুৱতীগৰাকীক গতাই দিয়ে৷ তাতেও মাতাল যুৱতীগৰাকীৰ উদ্ভণ্ডালি দুগুণ বৃদ্ধি পায়৷ হাতত মদৰ বটল লৈ থানা চৌহদত ‘ঠিকনা’ বিচাৰি হাহাকাৰ কৰে যুৱতীগৰাকীয়ে৷ পাছত আৰক্ষীয়ে পৰিয়ালৰ লোকক ফোন যোগে মাতি আনি যুৱতীগৰাকীক গতাই দিয়ে৷ আৰক্ষী সূত্ৰ মতে, সুৰাৰ ৰাগীত মাতাল যুৱতীগৰাকীয়ে পাহৰি গৈছিল নিজৰ ঘৰৰ ঠিকনা৷ আনকি পামহিৰ পৰা গণেশ পাৰালৈ উবেৰ’ বুক কৰি দিছিল এজন অচিনাক্ত যুৱকে৷ গণেশপাৰালৈ  যুৱতীগৰাকীক উবেৰ’ চালকে লৈ গৈছিল যদিও সুৰাৰ ৰাগীত মগন যুৱতীগৰাকীয়ে পাহৰিছিল ভাৰাঘৰৰ ঠিকনা৷ গড়চুক থানাত মাজনিশা মুখত অশ্লীল গালি, উবেৰ চালকক অশ্লীল ইংগিত আৰু হাতত সুৰাৰ বটল লৈ যুৱতীগৰাকীয়ে তাণ্ডৱ চলোৱা ঘটনাই কাৰ্যত হতভম্ভ কৰে কৰ্তব্যৰত আৰক্ষীক৷ উল্লেখ্য, কিছুদিন পূৰ্বে ৰাজকন্যা বৰুৱা নামৰ সুৰাসক্ত যুৱতী এগৰাকীয়ে দিছপুৰত অঞ্চলত মাজনিশা ৰাজপথত কৰ্মৰত শ্ৰমিকৰ ওপৰেৰে গাড়ী চলাই কেইবাজনো শ্ৰমিকক আহত কৰাৰ লগতে দিনদিয়েক পূৰ্বে এজন শ্ৰমিকৰ মৃত্যু হৈছে৷ ইয়াৰ পাছত গুৱাহাটীৰ উজান বজাৰ অঞ্চলটোত সুৰাসক্ত যুৱতীয়ে তাণ্ডব চলাইছিল৷