Logo
image

বায়ু প্ৰদূষণৰ সমস্যা

শেহতীয়াকৈ দেখা গৈছে যে নৱেম্বৰৰ পৰা দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ [এন চি আৰ] প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই আহিছে৷ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই আৰু এই প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো দিল্লী চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ দিল্লীৰ ‘এয়াৰ কোৱালিটী ইনডেক্স’ [একিউআই] অথবা বায়ুসূচক মানৰ এনেদৰে অৱনতি ঘটিছে, যিটো জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে৷ বায়ু প্ৰদূষণৰ এই ভয়াৱহতালৈ চাই দিল্লী চৰকাৰে এসপ্তাহলৈ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলো স্কুল বন্ধ ঘোষণা কৰিছে৷ তাৰ উপৰি চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়বোৰৰ বিষয়া-কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ পৰামৰ্শও দিয়া হৈছে৷ এনে উদ্বেগজনৰ স্থিতিত উচ্ছতম ন্যায়ালয়ে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে জৰুৰীভাৱে আলোচনা কৰাৰো নিৰ্দেশ দিছে৷ আনকি প্ৰয়োজন হ’লে দিল্লীত দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰো পৰামৰ্শ দিছে উচ্ছতম ন্যায়ালয়ে৷ দিল্লীৰ শেহতীয়া প্ৰদূষণৰ প্ৰাবল্যৰ বাবে মানুহ বাহিৰলৈ ওলাব নোৱৰা হৈছে৷ বাহিৰলৈ ওলালে চকুৰ পোৰণি, ছালৰ বেমাৰ আদি উপসৰ্গই দেখা দিছে৷ আনহাতে, চিকিৎসকসকলৰ মতে, বায়ু প্ৰদূষণৰ ফলত দিল্লীত শ্বাস-প্ৰশ্বাসজনিত সমস্যাও বৃদ্ধি পাইছে৷ শস্য চপোৱাৰ পাছত  দিল্লীৰ চুবুৰীয়া তিনিখন ৰাজ্যৰ কৃষকে খেতিপথাৰত ৰৈ যোৱা নৰা আৰু আৱৰ্জনা আদি পুৰি পেলোৱাৰ ফলত ওলোৱা ধোঁৱা বায়ুমণ্ডলত মিহলি হৈ বায়ু প্ৰদূষিত কৰে৷ সাধাৰণতে নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা এই সমস্যাই দেখা দিয়ে৷ তাৰ লগতে পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত জ্বলোৱা আটচ্‌বাজীৰ ধোঁৱায়েও প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি কৰে৷ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দীপাৱলীৰ সময়ত আটচ্‌বাজী জ্বলোৱাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও কাৰ্যতঃ সেই নিষেধাজ্ঞা অসাৰ হৈ পৰা দেখা গৈছিল৷ দিল্লী চহৰৰ আশে-পাশে থকা উদ্যোগবোৰৰ পৰা ওলোৱা ধোঁৱাও বায়ু প্ৰদূষণৰ প্ৰকোপ বৃদ্ধিৰ কাৰক হৈ পৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১৬ চনত ভাৰতত প্ৰায় এক লাখ পাঁচ বছৰৰ অনূধবৰ্ শিশুৰ মৃত্যু হৈছিল বায়ু প্ৰদূষণৰ বাবে৷ আনহাতে, বায়ু প্ৰদূষণৰ ফলত ষ্ট্ৰ’ক, মধুমেহ, হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি মত প্ৰকাশ কৰিছে চিকিৎসকসকলে৷ এই সমস্যাৰ যদি সমাধান উলিয়াব পৰা নায়ায, তেন্তে ভৱিষ্যতলৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা আছে৷  বিশেষজ্ঞসকলৰ মতে, পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই ব্যৱস্থা লোৱা নহ’লে ২০৫০ চনলৈ পৰিৱেশজনিত কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানৰ দুগুণ হ’ব৷

দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা যি হাৰত বৃদ্ধি পাই আছে, তেনে স্থিতিত প্ৰদূষণৰ পৰা মানৱ দেহত হ’ব পৰা ক্ষতি প্ৰতিদিনে ১৫-২০টা চিগাৰেট সেৱনৰ ফলত হ’ব পৰা প্ৰভাৱৰ সমান৷ উল্লেখ্য, বিশ্বৰ সবাতোকৈ প্ৰদূষিত [বায়ু প্ৰদূষণ] ৰাজধানী চহৰখন হৈছে দিল্লী৷ আনহাতে, সবাতোকৈ বেছি বায়ু প্ৰদূষণৰ সমস্যা থকা বিশ্বৰ শীৰ্ষৰ বিছখন দেশৰ তালিকাত ভাৰত আছে পঞ্চদশ স্থানত৷ বিশেষজ্ঞসকলৰ মতে, দিল্লীৰ চুবুৰীয়া ৰাজ্যকেইখনত খেতিপথাৰত ৰৈ যোৱা নৰা আৰু আৱৰ্জনা আদি পুৰি পেলোৱা পদ্ধতিৰ বিকল্প ব্যৱস্থা ল’ব নোৱাৰিলে নৱেম্বৰৰ এই বায়ু প্ৰদূষণৰ প্ৰাবল্য নিয়ন্ত্ৰণলৈ আনিব পৰা নাযাব৷ আনহাতে, দীপাৱলীৰ সময়ত কেৱল আটচ্‌বাজীৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিলেই নহ’ব, প্ৰদূষণ সৃষ্টিকাৰী এই আট্‌চবাজীবোৰৰ বিক্ৰীও বন্ধ কৰাৰ প্ৰয়োজন আছে৷ বায়ু প্ৰদূষণ কেৱল ভাৰতৰে সমস্যা নহয়, বিশ্বৰ কেইবাখনো দেশত এই সমস্যা চিন্তাৰ কাৰণ হৈ পৰিছে৷ যিবোৰ দেশত প্ৰদূষণজনিত কাৰণত মৃত্যুৰ হাৰ চিন্তাজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে, সেই দেশবোৰত পৰিৱেশ সম্পৰ্কীয় নীতি দুৰ্বল বুলি মত পোষণ কৰাৰ লগতে সেই দেশবোৰ এতিয়াও পুৰণি প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰিছে পৰিৱেশ বিশেষজ্ঞসকলে৷ যিহেতু ভাৰততে প্ৰদূষণকেন্দ্ৰিক মৃত্যুৰ হাৰ সৰ্বাধিক, সেয়েহে এই সমস্যা সমাধানত ভাৰতেই আগভাগ লোৱা উচিত৷