Logo
image

প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে কিমান উপযোগী

আমাৰ অসম,১৭ নৱেম্বৰঃব্যস্ততা যিমানেই বাঢ়িছে সেই অনুপাতে সময় বচোৱাৰ বিভিন্ন মাধ্যমো প্ৰতিদিনে ওলাইছে৷ দৈননিন্দনৰ ব্যস্ততাৰ বাবে ৰন্ধন প্ৰক্ৰিয়াতো আমুল পৰিৱৰ্তন ঘটিছে৷ এসময়ত খৰিৰ জুইত ৰন্ধা-বঢ়া কৰাৰ পৰম্পৰা আছিল যদিও আজি বিজ্ঞানে উদ্ভাৱন কৰা বিভিন্ন মাধ্যমৰ ফলত এই পুৰণি সংস্কৃতি প্ৰায় লোপ পাইছে৷ ইয়াৰ পৰিৱৰ্তে নগৰৰ দৰে গ্ৰামাঞ্চলতো ৰন্ধন গেছৰ চাহিদা বৃদ্ধি পাইছে৷ একেদৰে ৰন্ধনৰ বিভিন্ন আহিলা উদ্ভাৱন হোৱাৰ ফলত অতি কম সময়ৰ ভিতৰতে যিকোনো খাদ্য ৰান্ধিব পৰা হৈ উঠিল৷ এই ক্ষেত্ৰত প্ৰেছাৰ কুকাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ অতি কম সময়ৰ ভিতৰতে প্ৰেছাৰ কুকাৰৰ জৰিয়তে খাদ্য সামগ্ৰী ৰন্ধাতো সহজ হৈ পৰিল৷ এইদৰে প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে উপযোগী হোৱা-নোহোৱাক লৈ খাদ্য বিশেষজ্ঞৰ মাজতো মতপাৰ্থক্য আছে৷ কোনোৰ মতে প্ৰেছাৰ কুকাৰত ৰান্ধিলে যিকোনো খাদ্যৰ পুষ্টিগুণ হ্ৰাস পায়৷ শেহতীয়া এক গৱেষণামতে এই ধাৰণা শুদ্ধ নহয়৷ মাৰ্কিন যুক্তৰাষ্ট˜ৰ এখন স্বাস্থ্য পত্ৰিকাত প্ৰকাশ পোৱা মতে প্ৰেছাৰ কুকাৰত ৰান্ধিলে লেক্টিন নামৰ  ক্ষতিকাৰক ৰাসায়নিক উপাদান হ্ৰাস পায়৷ সেই ফালৰ পৰা প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্যৰ পুষ্টিগুণ অটুট থাকে৷ আনহাতে এলুমিনিয়ামৰ প্ৰেছাৰ কুকাৰত ৰান্ধিলে ৰাসায়নিক বিক্ৰিয়াৰ বাবে খাদ্যৰ পুষ্টিগুণ হ্ৰাস পায়, সেইবাবে এতিয়া বিভিন্ন ধাতুৰে তৈয়াৰ কৰা প্ৰেছাৰ কুকাৰ বজাৰত উপলব্ধ হৈছে৷