Logo
image

ৰাছিয়াৰ মিছাইল মহাকাশচাৰীৰ ছত্ৰভংগ

আমাৰ অসম,১৮ নৱেম্বৰঃ ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ ফলত মহাকাশত থকা বহুকেইজন নভোচৰৰ আতংকত প্ৰাণ যোৱা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ঘটনাই বিশ্বজুৰি গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাছিয়াৰ মিছাইল ৰাছিয়াই কৰা উপগ্ৰহ বিধবংসী ক্ষেপণাস্ত্ৰ পৰীক্ষা নিজ দেশৰ দৃষ্টিকোণৰ পৰা সফল পৰীক্ষণ হিচাপে বিবেচিত হৈছে সঁচা, কিন্তু এই পৰীক্ষাই মহাকাশত যি আতংকৰ সৃষ্টি কৰিলে তেনে আতংক অন্তৰীক্ষক লৈ নিৰ্মিত হলীউডৰ থ্ৰিলাৰ ছবিতহে দেখা যায়, বাস্তৱত আক্ষৰিক অৰ্থতে বিৰল৷ কি ঘটিছে তাৰ উমান নোপোৱাৰ বাবে অজান আশংকাত মহাকাশত থকা কেইবাজনো মহাকাশচাৰীয়ে পৃথিৱীলৈ উভতি আহিবলৈ সাজু কৰি ৰখা যানত বহি প্ৰাণৰক্ষা আৰু নাছাৰ হিউষ্টনৰ মিছন কণ্ট্ৰ’ল ৰূমৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷কাকো ঘূণাক্ষৰেও কোনো খবৰ নিদিয়াকৈ ৰাছিয়াই সোমবাৰে ভূ-পৃষ্ঠৰ পৰা মহাকাশলৈ এটা কৃত্ৰিম উপগ্ৰহক লক্ষ্য কৰি এটা এটাকৈ চাৰিটা ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰে৷ অতি শক্তিশালী এই ক্ষেপনাস্ত্ৰৰ পৰীক্ষাৰ নাম ‘ডাইৰেক্ট এছেণ্ট এণ্টি-ছেটেলাইট টেষ্ট’ [ডিএ-এছাট] আৰু ক্ষেপণাস্ত্ৰৰ নাম উপগ্ৰহ বিধবংসী ক্ষেপণাস্ত্ৰ [এণ্টি ছেটেলাইট মিছাইল]৷ সেই চাৰিটা ক্ষেপণাস্ত্ৰই কেইমিনিটৰ ভিতৰতে পৃথিৱীৰ কক্ষপথত প্ৰদক্ষিণ কৰি থকা এটা কৃত্ৰিম উপগ্ৰহক আঘাত কৰি চূৰ্ণ-বিচূৰ্ণ কৰি দিয়ে৷ লগে লগে ভাগি যোৱা কৃত্ৰিম উপগ্ৰহটোৰ টুকুৰা মহাকাশৰ চৌদিশে উফৰি পৰে আৰু সৰু-ডাঙৰ টুকুৰাবোৰে সিঁচৰতি হৈ ঘণ্টাত ২৭ হাজাৰ কিলোমিটাৰ গতিবেগত পৃথিৱীক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰে৷ ক্ষেপণাস্ত্ৰই আঘাত কৰাৰ পাছত কৃত্ৰিম উপগ্ৰহটো ভাগি যোৱাৰ সময়ত ছিটিকি পৰা টুকুৰাবোৰ মহাকাশত আতচবাজীৰ দৰে উজলি উঠে আৰু ক’ৰ পৰা কি হ’ল ক’ব নোৱাৰা হৈ মহাকাশ ষ্টেচনত থকা নভোচৰসকল ভীতিগ্ৰস্ত হৈ পৰে৷ প্ৰচণ্ড গতিত উৰি অহা কৃত্ৰিম উপগ্ৰহৰ টুকুৰাই আঘাত কৰাৰ ভয় আৰু ক্ষেপণাস্ত্ৰই আঘাত কৰাৰ মুহূৰ্তত উদ্ভৱ হোৱা প্ৰচণ্ড শব্দই মহাকাশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ সেই টুকুৰাই আঘাত হানিলে মহাকাশ ষ্টেচন জ্বলি যোৱাৰ আশংকা আছিল আৰু ক্ষেপণাস্ত্ৰ লক্ষ্যভ্ৰষ্ট হ’লে মহাকাশ ষ্টেছন সম্পূৰ্ণৰূপে ধবংস হোৱাৰো ভয় আছিল৷ ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ বিষয়ে জানিব পাৰি হিউষ্টনৰ নাছাৰ মিছন কণ্ট্ৰলৰ পৰা সাতজন মহাকাশচাৰীলৈ খবৰ পঠিয়াই তেওঁলোকক পৃথিৱীলৈ ঘূৰি আহিব পৰা যানত বহি জৰুৰীকালীন প্ৰত্যাৱৰ্তনৰ বাবে নিৰ্দেশ দিয়া হয়৷ আতংকিত সাত মহাকাশচাৰী সকলোৱেই যুদ্ধকালীন ক্ষীপ্ৰতাৰে ত্ৰাহি ত্ৰাহি সুঁৱৰি সেই যানত প্ৰাণৰ আতংকত বহি থাকে৷ মহাকাশচাৰীৰ মাজত আছিল আমেৰিকা, জাপান আৰু ইউৰোপিয়ান স্পেচ এজেন্সিৰ [এছা] মুঠ সাতজন নভোচৰ৷ সৌভাগ্যবশতঃ সেই ঘটনাত কাৰো একো হানি-বিঘিনি নঘটিল৷উল্লেখ্য, ৰাছিয়াৰ এই ক্ষেত্ৰণাস্ত্ৰ পৰীক্ষা সম্পন্ন কৰিছিল দেশখনৰ মহাকাশ গৱেষণা সংস্থা ‘ৰছকছমছে’৷ তেওঁলোকে এই পৰীক্ষাৰ জৰিয়তে ৪০ বছৰ পূৰ্বে প্ৰেৰণ কৰা আৰু এতিয়া অকামিলা হৈ পৰা ‘কছমছ ১৪০৮’ নামৰ কৃত্ৰিম উপগ্ৰহটো চূৰ্ণ কৰাৰ লক্ষ্য লৈছিল৷ ১৯৮২ চনত প্ৰেৰণ কৰা কছমছে বিভিন্ন দেশৰ ওপৰত দীৰ্ঘকাল চোৰাংচোৱাগিৰি কৰিছিল৷ অকামিলা হৈ যোৱাৰ বাবে সেই কছমছক চূৰ্ণ কৰিয়েই ৰাছিয়াই উপগ্ৰহ বিধবংসী ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰে৷ সেই খবৰ ৰাছিয়াই কোনো দেশকে নজনোৱাৰ বাবেই এনে আতংকৰ সৃষ্টি হয়৷ সম্পূৰ্ণ ঘটনাটোৰ ইতিবাচক দিশ হ’ল– ৰাছিয়াৰ উপগ্ৰহ বিধবংসী ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ সফলতা৷