Logo
image

মুখ ধোৱাৰ সময়ত এইকেইটা ভুল মুঠেও নকৰিব

শীতকালত মুখ মণ্ডল উজ্জ্বল কৰি ৰাখিবলৈ বহুতে সঘনাই মুখ ধুৱে৷ কিন্তু মুখ ধোৱাৰ সময়ত কেইটামান নিয়ম মানি নচলিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ এই সমস্যা হ’ব পাৰে তাৎক্ষণিক অথবা দীৰ্ঘম্যাদী৷ সেয়ে শীতত মুখ ধুবলৈ হ’লে কেইটামান ভুল নকৰিব৷

[১] বেছিকৈ মুখ ধুলে যে মুখমণ্ডল বেছি পৰিষ্কাৰ হয়, সেই ধাৰণা ভুল৷ পুৱা শুই উঠি আৰু নিশা শোৱাৰ সময়ত মুখ ধুলেই যথেষ্ট৷ বেছি আৰু সঘনাই মুখ ধুলে মুখমণ্ডলৰ ছাল ৰুক্ষ হৈ পৰে৷ ইয়াৰ ফলত ছালত তেল নিঃসৰণ ক্ষমতা বৃদ্ধি পায়৷

[২] শীত অথবা বসন্ত কালত কুহুমীয়া পানীৰে মুখ ধোৱাটো আটাইতকৈ উত্তম৷ কিন্তু মনত ৰাখিব হাতৰ ছালতকৈ মুখমণ্ডলৰ ছাল বেছি সংবেদনশীল৷ সেয়ে পানী গৰম কৰি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব৷

[৩] মুখমণ্ডলত মেকআপ কৰিলে মুখ ধোৱাৰ পূৰ্বে মেকআপ আঁতৰাই ল’বলৈ নাপাহৰিব৷ ইয়াৰে বাবে ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে৷ পাছত ক্লিনজাৰৰ কেমিকেল আঁতৰাবলৈ ভালদৰে মুখখন ধুব৷ ফেচৱাছেৰে মেকআপ আঁতৰালে মুখৰ ছাল ৰুক্ষ হৈ পৰিব পাৰে৷ আনহাতে মেকআপ থকা অৱস্থাতে মুখ ধুলে ইয়াৰ ক্ষতিকাৰক উপাদানসমূহ ছালৰ সৰু সৰু বিন্ধাৰে ভিতৰত সোমাই পৰে৷ ইয়াৰ ফলত ছালত বিভিন্ন সমস্যাই দেখা দিব পাৰে৷

[৪] আমি সদায় হাতেৰে মুখ ধুওঁ৷ মুখ ধোৱাৰ পূৰ্বে হাত দুখন পৰিষ্কাৰ কৰি ধুবলৈ নাপাহৰিব৷

[৫] ছাল যদি অত্যধিক শুকান হয়, তেনেহ’লে ফেচৱাছ ব্যৱহাৰ কৰাতকৈ ক্লিনজাৰ, মাইচেলাৰ ক্লিনজিং ৱাটাৰ অথবা ফেচ অইল ব্যৱহাৰ কৰিব পাৰে৷

[৬] বহুতে মুখ ধোৱাৰ পাছত মইশ্চাৰাইজাৰ ব্যৱহাৰ নকৰে৷ মুখ ধোৱাৰ পাছতে মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো ভাল৷ বিশেষকৈ শীতকালত মুখ ধোৱাৰ পাছতে মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব৷ মইশ্চাৰাইজাৰে ছাল কোমল কৰি ৰাখে৷

[৭] মুখ ধোৱাৰ পাছত কোমল আৰু পৰিষ্কাৰ কাপোৰেৰে মুখমণ্ডল মচিব৷ নতুন কাপোৰে মুখমণ্ডলৰ ছালত আঁচোৰ পেলায়৷ পৰাপক্ষত মুখ ধুই উঠি নতুন কাপোৰেৰে নুমুচিব৷