Logo
image

মানকাচৰত ‘গাঁওবুঢ়া’ৰ দাম উঠিছিল ১৫ লাখ টকালৈ

আমাৰ অসম, ১৮ নৱেম্বৰঃ বিপদে যেন লগ এৰা নাই ধৃত এ চি এছ বিষয়া ছইবৰ ৰহমানৰ৷ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত মুখ্যমন্ত্ৰী নিৰীক্ষণ কোষৰ হাতত গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হোৱা সংখ্যালঘু উন্নয়ন বিভাগৰ উপ সচিব তথা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমান এইবাৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰিত সাঙুৰ খাই পৰিছে৷ ৭৮টা গাঁওবুঢ়া পদত নিযুক্তিৰ নামত লাখ লাখ সংগ্ৰহ কৰা বৃহৎ কেলেংকাৰিটোত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সেই সময়ৰ উপায়ুক্ত তথা বৰ্তমানৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ যুটীয়া সচিব আতিকা চুলতানাৰ নাম সাঙুৰ খাই পৰিছে৷ মানকাচৰৰ গাঁওবুঢ়া সন্থাই দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে চি এম ভিজিলেঞ্চে ৫/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি বিগত তিনিদিন ধৰি মানকাচৰত তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ তদন্তত ৭৮জন গাঁওবুঢ়া নিযুক্তিৰ নামত ছইবুৰ ৰহমান এণ্ড কোম্পানীয়ে প্ৰতিটো পদৰ বিপৰীতে ৭-১৫ লাখ টকাকৈ সংগ্ৰহ কৰাৰ তথ্য প্ৰমাণ লাভ কৰা বুলিও সদৰি কৰিছে ভিজিলেন্সৰ সূত্ৰই৷ ২০১৮ চনত উক্ত গাঁওবুঢ়া বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল জিলাখনৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাই৷ গাঁওবুঢ়া পদৰ বাবে নিৰ্দিষ্ট গাঁওখনৰ বাসিন্দা হোৱাটো বাধ্যতামূলক যদিও ধনৰ বিনিময়ত আন গাঁৱৰ প্ৰাৰ্থীক গাঁওবুঢ়া বাছনি কৰিছিল৷ বুধবাৰে মুখ্যমন্ত্ৰী নিৰীক্ষণ কোষৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জিলাখনৰ তদানিন্তন উপায়ুক্ত আতিকা চুলতানাক সোধা-পোছা কৰা হ’ব বুলিও স্পষ্ট কৰি দিছে৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰই ইতিমধ্যে সংগ্ৰহ কৰা পৰ্যাপ্ত তথ্য প্ৰমাণৰ ভিত্তিত উক্ত গোচৰটোত নিলম্বিত এ চি এছ বিষয়া ছইবৰ ৰহমান আৰু আই এ এছ বিষয়া আতিকা চুলতানাক গ্ৰেপ্তাৰৰ সম্ভাৱনা নুই কৰা নাই৷