Logo
image

কাইলৈ শতিকাটোৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ

আমাৰ অসম, ১৮ নৱেম্বৰঃ অহা শুকুৰবাৰ হ’ব এই শতিকাৰ আটাইতকৈ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ৷ অৱশ্যে এই গ্ৰহণ আংশিক হ’ব৷ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, পূব এছিয়া, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু উত্তৰ-পূব ভাৰতৰ একাংশ অঞ্চলত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব৷ নাছাই প্ৰকাশ কৰা মতে দুপৰীয়া ১ বজাত চন্দ্ৰগ্ৰহণ চৰম অৱস্থাত উপনীত হ’ব৷ প্ৰায় ৩ ঘণ্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি চলিব এই গ্ৰহণ৷