Logo
image

ফাইজাৰৰ ক’ভিড প্ৰতিৰোধী টেবলেট প্ৰস্তুত হ’ব ৯৫খন দেশত

আমাৰ অসম, ১৮ নৱেম্বৰঃ আমেৰিকাৰ ফাইজাৰ কোম্পানীয়ে কৰ’না ৰুধিবলৈ সফলতাৰে প্ৰস্তুত কৰি উলিওৱা ক’ভিড টেবলেট ‘পেক্সল’ভিড’ আমেৰিকাৰ লগতে আন ৯৫খন দেশতো উৎপাদন কৰা হ’ব৷ মঙলবাৰে ফাইজাৰৰ দ্বাৰা এই কথা প্ৰকাশ কৰা হয়৷ কম অৰ্থনৈতিক ক্ষমতাসম্পন্ন দেশবোৰৰ কথা ভাবিয়েই কোম্পানীটোৱে এই সিদ্ধান্ত লয়৷ ফাইজাৰৰ এই টেবলেটে কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট সহায় কৰিব৷ এই দুখীয়া দেশবোৰত কম দামতে ফাইজাৰৰ টেবলেট বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ’ব৷ ফাইজাৰৰ এই সিদ্ধান্তৰ দ্বাৰা বিশ্বৰ ৫৩ শতাংশ লোক উপকৃত হ’ব৷ এই টেবলেটে অতি সংকটজনক অৱস্থালৈ গতি কৰা ক’ভিড ৰোগীকে বচাব পাৰিব বুলি দাবী কৰে ফাইজাৰে৷ এনে ৰোগীৰ মৃত্যুৰ আশংকা প্ৰায় ৮৯শতাংশ কমাই দিব বুলি ধাৰণা কৰা হৈছে৷ এই টেবলেট খোৱাৰ পাছত ক’ভিড ৰোগীক হাস্পতালত ভৰ্তি নকৰালেও হ’ব৷ ফাইজাৰৰ এই টেবলেটক আমেৰিকাৰ বহু গৱেষকে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পৰা টেবলেট বুলি অভিহিত কৰিছে৷