Logo
image

ব্ৰিটেইনৰ ডাৰহাম বিশ্ববিদ্যালয়ত বেশ্যাবৃত্তিৰ শিক্ষা

আমাৰ অসম, ১৮ নৱেম্বৰঃ ব্ৰিটেইনৰ ডাৰহাম বিশ্ববিদ্যালয় শেহতীয়াকৈ ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷  কাৰণ বিশ্ববিদ্যালয়খনে বেশ্যাবৃত্তিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে আগবাঢ়িছে৷ বেশ্যাবৃত্তিৰ সৈতে জড়িত থকা লোকৰ সহায়ৰ বাবেই এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত লয় ডাৰহাম বিশ্ববিদ্যালয়ে৷ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে বেশ্যাবৃত্তিত জড়িত থাকি কাম কৰাৰ সময়ত কেনেদৰে সুৰক্ষিত থাকিব পাৰিব, তাৰ শিক্ষা দিবলৈকে এই বিশ্ববিদ্যালয়খনত আৰম্ভ হ’ব অনলাইন পাঠ্যক্ৰম৷ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সভাই এই সম্পৰ্কীয় পাঠ্যক্ৰমৰ সকলো তথ্য ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীলৈ ই-মেইলযোগে প্ৰেৰণ কৰিছে৷ ইয়াকে লৈ ব্ৰিটেইনৰ উচ্ছ শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰীয়ে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বেশ্যাবৃত্তিক বৈধ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে শিক্ষাৰ্থী আৰু কৰ্মচাৰীক নিজ কৰ্তব্যৰ পৰা আঁতৰাবলৈ অপচেষ্টা কৰা বুলি তেওঁ বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে অভিযোগ আনে৷ ব্ৰিটেইনৰ প্ৰতিষ্ঠিত ডাৰহাম বিশ্ববিদ্যালয়ে বেশ্যাবৃত্তিৰ বাবে এই বিশেষ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লোৱাত বহুতে বিভিন্নধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷