প্ৰত্যাশাৰ ভাৰত আৰু বাস্তৱ
ভাৰতৰ জনসাধাৰণে বহু আশা, বহু প্ৰত্যাশাৰে ২০১৪ চনত কংগ্ৰেছৰ আধিপত্যক মষিমূৰ কৰি এনে এজন ব্যক্তিক ভাৰতক বিশ্বৰ শ্ৰেষ্ঠতম ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অপৰ্ণ কৰিছিল যিজন ব্যক্তিয়ে তিনিবাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ গুজৰাটৰ উন্নয়নৰ এক পৃথক ‘মডেল’ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু প্ৰধানমন্ত্ৰী হৈয়ে ভাৰতক ‘বিশ্বগুৰু’ৰূপে প্ৰতিষ্ঠা কৰিবলৈ নিজৰ সংকল্প দোহাৰিছিল যদিও আজিৰ তাৰিখত এটাৰ পাছত এটা ক্ষেত্ৰত ভাৰতৰ বিফলতাই ইয়াৰ নাগৰিকক বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে৷ প্ৰথমেই শাসনলৈ আহি বিমুদ্ৰাকৰণৰ জডি.য়তে ভাৰতক দুন¹তি-ভ্ৰষ্টাচাৰমুক্ত ৰাষ্ট্ৰৰূপে গঢি. তোলাৰ বাবে ভাৰতৰ জনসাধাৰণৰ পৰা ৫০ দিনৰ সময় বিচাৰিছিল৷ যি ঘটনাই একাংশ মোদীভক্তক অধিক উৎসাহী কৰি তুলিছিল৷ কিন্তু সম্প্ৰতি ঘোচখোৰ দেশৰ তালিকাত ভাৰতৰ স্থান ৮২সংখ্যক স্থানলৈ পৰ্যৱসিত হোৱা ঘটনাই ভাৰতৰ ভৱিষ্যৎ সম্পৰ্কত প্ৰতিজন নাগৰিককে শংকিত কৰি তুলিছে৷ ‘ষ্ট্ৰেছ ব্ৰাইবেৰী ৰিস্ক মেট্ৰিক্স’ৰ বাৰ্ষিক প্ৰতিবেদনত বিগত বৰ্ষৰ এই তালিকাত ভাৰতৰ স্থান আছিল ৭৭সংখ্যক আৰু এই বৰ্ষত ৮২সংখ্যকলৈ নামি গ’ল৷ ষ্ট্ৰেছৰ ২০২১ বৰ্ষৰ তালিকাত দুন¹তি-ভ্ৰষ্টাচাৰমুক্ত অৰ্থাৎ নিকা ৰাষ্ট্ৰৰ তালিকাত আটাইতকৈ শ্ৰেষ্ঠ ৰাষ্ট্ৰৰূপে স্থান লাভ কৰিছে ডেনমাৰ্কে৷ ডেনমাৰ্কৰ পাছতেই নৰৱে’, ফিনলেণ্ড আৰু ছুইজাৰলেণ্ডে তালিকাৰ শীৰ্ষত স্থান লাভ কৰি ইউৰোপীয় ৰাষ্ট্ৰকেইখনে নিজৰ দেশৰ সামগ্ৰিক ভাবমূৰ্তি উজ্জ্বল কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, ১৯৪খন ৰাষ্ট্ৰৰ ভিতৰত চলোৱা এই সমীক্ষাত উত্তৰ কোৰিয়াই আটাইতকৈ দুৰ্নীতিগ্ৰস্ত-ভ্ৰষ্টাচাৰী তথা ঘোচখোৰ ৰাষ্ট্ৰ হিচাপে স্থান লাভ কৰিছে৷ দেখা যায় উত্তৰ কোৰিয়া এখন একনায়কত্ববাদী ৰাষ্ট্ৰ৷ সেইদৰে উত্তৰ কোৰিয়াৰ পাছতে তুৰ্কমেনিস্তান, ভেনিজুৱেলা আৰু এৰিট্ৰিয়াই দুৰ্নীতিগ্ৰস্ত ৰাষ্ট্ৰ হিচাপে স্থান পাইছে৷ অন্য ৰাষ্ট্ৰ সম্পৰ্কত আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি ভাৰতৰ এই দুৰৱস্থা সম্পৰ্কত নি(য়কৈ চৰ্চা কৰিব লাগিব৷ প্ৰধানতঃ চৰকাৰী প্ৰতিটো বিভাগত হোৱা দুৰ্নীতিয়ে আমাৰ সমাজখনক কুষ্ঠৰোগীৰ দৰে তিল তিলকৈ খুলি খুলি খাইছে৷ আই এ এছ, আই পি এছ বিষয়াৰ পৰা সাধাৰণ কেৰানী-মহৰীলৈকে টেবুলৰ তলেৰে ধন নল’লে কোনো কামেই সমাধা নকৰে৷ প্ৰতিটো কামৰে কমিছন মন্ত্ৰী-বিধায়কেও লাভ কৰাত ই এক প্ৰতিষ্ঠানিক ৰূপ ধাৰণ কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে মন্ত্ৰীসকলে ঘোচ নাখাওঁ বুলিলেও টেবুলে টেবুলে ঘোচৰ ধন যায়৷ এনে এক নিৰ্লজ্জ স্বীকাৰোক্তিয়ে শেহতীয়াকৈ প্ৰায় সকলোকে উৎসাহিত কৰাহে দেখা গৈছে৷ আনহাতে, আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তৰ দৰে লোক যদি এছ আই কেলেংকাৰীত জডি.ত নহ’লহেঁতেন, তেওঁ গোটোৱা অগাধ সম্পত্তি সম্পৰ্কত কোনোৱে অৱগত নহ’লহেঁতেন৷ প্ৰতিজন আই পি এছ, এ চি এছ, আই এ এছ বিষয়াই যে ব্যাপক দুন¹তি সংঘটিত কৰে সেই কথা সবৰ্জনবিদিত৷ প্ৰতিখন থানা একোটা দুন¹তিৰ ভঁৰাল৷ আৰক্ষীসকলে গোচৰীয়াৰ পৰাও ঘোচ লয় সঠিক অনুসন্ধান কৰিম বুলি আৰু পদকীয়াৰ পৰাও গোচৰৰ পৰা মুক্ত কৰিম বুলি ধন লয়৷ এই কথা সকলোৱে জানে৷ কিন্তু এইবোৰ বিষয়ক বাধা দিবলৈ আমাৰ দেশত এক ব্যৱস্থাৰ অভাৱ৷ শেহতীয়াকৈ আমাৰ ৰাজ্যক মুখ্যমন্ত্ৰীয়ে দালালমুক্ত কৰিম বুলি শ শ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি দেখুৱালে৷ এইসকল দালালক আকৌ চিনাক্ত কৰিলে চক্ৰবিষয়াসকলে৷ অৰ্থাৎ এক অসাংবিধানিক, বেআইনী পৰম্পৰাক প্ৰতিষ্ঠা কৰিলে প্ৰাতিষ্ঠানিকভাৱে৷ সেইদৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সাধাৰণ কৰ্মচাৰীজনৰ পৰা পৰিবহণ, লোকসেৱা বিভাগলৈকে সকলোতে পবৰ্তসম দুৰ্নীতিয়ে সাধাৰণ জনতাক বাৰুকৈয়ে জলা-কলা খুৱাইছে৷ প্ৰতিটো বিভাগতে হোৱা এই দুৰ্নীতিক প্ৰশ্ৰয় দিছে শাসনৰ গাদীত বহি থকাসকলেই৷ ভাৰতীয় গণতন্ত্ৰক প্ৰতিষ্ঠা কৰিবলৈ অনুষ্ঠিত কৰা প্ৰতিটো নিৰ্বাচনেই আচলে দুৰ্নীতিৰ একো একোটা উৎসৱত পৰিণত হৈছে৷ নিৰ্বাচনেই চন আয়োগে এজন বিধায়ক প্ৰাৰ্থীক ৩৩ লাখ টকা খৰচৰ অনুমোদন দিয়ে৷ কিন্তু প্ৰতিজন প্ৰাৰ্থীয়েই কোটি কোটি টকা খৰচ কৰি নিজৰ ক’লা ধনৰ সমাহাৰ ঘটায়৷ এইবোৰ ঘটনাই ভাৰতক বিশ্বৰ চকুত অধিক তললৈ নি আছে৷ আমাক এখন চৰকাৰ এই কাৰণেই লাগে যাতে চৰকাৰে দেশৰ নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে৷ কিন্তু যেতিয়া চৰকাৰ বাহাদুৰেই দুৰ্নীতি-ভ্ৰষ্টাচাৰত নিমজ্জিত হয়, তেতিয়া হ’লে জনগণে ত্ৰাহি মধুসূদন সোঁৱৰাৰ বাদে অন্য উপায় নাথাকে৷ নৰেন্দ্ৰ মোদীৰ পৰা ভাৰতৰ জনসাধাৰণে আশা কৰিছিল, কিন্তু সেই আশা আজিৰ তাৰিখত সম্পূৰ্ণৰূপে নিঃশেষ হৈ যোৱাৰ পথত৷ শিক্ষা, স্বাস্থ্য, খোৱাপানী, বিদু্যৎ, যোগাযোগ আদি প্ৰতিটো ক্ষেত্ৰতেই আজি ভাৰতে নিজৰ বিফলতাক উদঙাই দিছে৷ ভোকাতুৰ দেশৰ তালিকাত আমাৰ দেশ ছোমালিয়াৰ শাৰীলৈ গতি কৰিছে৷ এইবোৰৰ পৰা উদ্ধাৰ কৰিবলৈ এক শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে শক্তিশালী গণজাগৰণৰ বিকল্প নাই৷ সেয়েহে প্ৰতিজন নাগৰিকেই নিজৰ নিজৰ অধিকাৰসমূহ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িআহিব লাগিব৷






