Logo
image

অৰুণাচলত চীনৰ নতুন গাঁও ভূটানৰো বহু অংশ দখল

আমাৰ অসম, ১৯ নৱেম্বৰঃ ৰঙা চীনৰ বিৰুদ্ধে পুনৰ অৰুণাচলৰ ভূ-খণ্ডত আগ্ৰাসনৰ অভিযোগ উত্থাপন হৈছে৷ উত্তৰ সোৱণশিৰি জিলাৰ পাছত এইবাৰ চীনৰ আগ্ৰাসন অৰুণাচলৰ চি য়’মি জিলাত৷ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে পোহৰলৈ আনিছে এই চাঞ্চল্যকৰ তথ্য৷ শেহতীয়া এই তথ্যমতে চীনা সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰি নিৰ্মাণ কৰিছে নতুন গাঁও৷ জিলাখনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা প্ৰায় ৬ কিঃমিঃ ভিতৰলৈ আহি গাঁওখন নিৰ্মাণ কৰা হৈছে৷ এই অভিযোগ সন্দৰ্ভত উপগ্ৰহপ্ৰেৰিত ছবিও প্ৰকাশ কৰা হৈছে৷ এই ছবি লাভ কৰাৰ লগে লগে একেটা অঞ্চলৰ দুবছৰ পূৰ্বৰ অৰ্থাৎ ২০১৯ চনৰ মাৰ্চ মাহত উপগ্ৰহপ্ৰেৰিত ছবিৰ সৈতে মিলাই ছোৱাত সেই সময়ত তাত কোনো গাঁও বা ঘৰ নথকাটো স্পষ্ট হয়৷ অৰ্থাৎ ছবিসমূহৰ পৰা এইটো ওলাই পৰিছে যে ২০১৯১ পাছতহে চীনে সীমান্তৰ উক্ত অঞ্চলত গাঁওখন নিৰ্মাণ কৰিছে৷ উপগ্ৰহৰ ছবিত চীনা সৈন্যই নিৰ্মাণ কৰা গাঁওখনত ৬০টা পকীঘৰ থকা দেখা গৈছে৷  ইপিনে, অৰুণাচলৰ লগতে ভূটান সীমান্ততো আগ্ৰাসন আৰম্ভ কৰিছে ৰঙা চীনে৷ ভূটানৰ ভূ-খণ্ডত চীনে নিৰ্মাণ কৰিছে চাৰিখনকৈ গাঁও৷ উপগ্ৰহৰ ছবিত ধৰা পৰিছে এই চাঞ্চল্যকৰ তথ্য৷ ছবিসমূহত প্ৰায় ২৫ একৰ ভূ-খণ্ডক সামৰি চীনে নিৰ্মাণ কৰা গাঁওসমূহ স্পষ্ট হৈ পৰিছে৷ এই গাঁওসমূহ ২০২০ চনৰ মে’ মাহৰ পৰা ২০২১ চনৰ নৱেম্বৰ মাহৰ ভিতৰত নিৰ্মাণ কৰা বুলি কোৱা হৈছে৷ উল্লেখ্য যে কিছুদিন পূৰ্বে মাৰ্কিন প্ৰতিৰক্ষা সংস্থা পেণ্টাগণে অৰুণাচল প্ৰদেশৰ বিতৰ্কিত ভূ-খণ্ডত চীনে গাঁও স্থাপন কৰা বুলি দাবী কৰিছিল৷ পেণ্টাগণৰ মতে অৰুণাচলত ১০০টা পকী ঘৰযুক্ত গাঁও নিৰ্মাণ কৰিছে চীনে৷ ভাৰতৰ ভূ-খণ্ডত চীনে গাঁও স্থাপন কৰা বুলি ওলোৱা বাতৰিৰ পাছত এইবাৰ ৰঙা চীনে আগ্ৰাসনৰ হাতোৰা মেলিছে আন এখন চুবুৰীয়া দেশ ভূটানলৈ৷ উপগ্ৰহ প্ৰেৰিত ছবিত ভূটানে নিৰ্মাণ কৰা চাৰিখন গাঁও ধৰা পৰাৰ লগতে ভূটানৰ সৈতে দেশখনে সীমা ভাগ কৰি লোৱাৰো প্ৰতীক চিহ্ন দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে বিগত এবছৰ ধৰি চীনে ভূটানৰ সীমান্ত এলেকা দখল কৰা আৰম্ভ কৰে৷ ইয়াৰ পূৰ্বে ২০১৭ চনত ডোকলামক লৈ চীনৰ সৈতে ভাৰতৰ সংঘাত আৰম্ভ হৈছিল৷ সেই সময়ত চীনা সৈন্যৰ সৈতে ভাৰতীয় সেনাই সমুখ সমৰত নামিব লগা হৈছিল৷ এইবাৰ  ভূটানৰ সৈতে চীনে একেই ব্যৱহাৰ আৰম্ভ কৰিছে৷ ২০১৭ চনত ছিকিমৰ ডোকলামত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘটিত হৈছিল ৰক্তক্ষয়ী সংঘৰ্ষৰ৷ সেইবাৰ ভাৰতীয় সেনাই সীমান্তত পথ নিৰ্মাণ কৰাক লৈ সূত্ৰপাত ঘটিছিল সংঘাতৰ৷ এটা সময়ত সংঘাতে হতাহতিৰ ৰূপ লয়৷ যাৰ পৰিণতিত দুয়োখন দেশৰ একাধিক জোৱান আহত হ’বলগাত পৰে৷ তদুপৰি ডোকলামক লৈ হোৱা সংঘাতৰ  বাবে সেইবাৰ মানস সৰোবৰৰ যাত্ৰা বন্ধ হৈ পৰিছিল৷ পৰৱৰ্তী সময়ত দুয়োখন দেশৰ মাজত হোৱা কূটনৈতিক বৈঠকৰ পাছত উত্তেজনাৰ শাম কাটে৷ কিন্তু শেহতীয়াকৈ চুবুৰীয়া দেশ ভূটানত চীনে নতুনকৈ আগ্ৰাসন আৰম্ভ কৰাত  ভাৰতত উদ্বেগৰ সৃষ্টি হৈছে৷ কিয়নো ভূটানৰ যিটো এলেকাত চীনে গাঁও নিৰ্মাণ কৰিছে তাৰ নিচেই কাষতে আছে ভাৰতৰ সীমা৷ ভূটানৰ সৈতে ভাৰতৰ সম্পৰ্ক অতি মধুৰ৷ ভূটানৰ সেনাই  প্ৰশিক্ষণ লয় ভাৰতত৷ এনে অৱস্থাত ভূটানৰ ভূ-খণ্ডত চীনা সৈন্যৰ গতিবিধিক লৈও চিন্তিত ভাৰত৷