Logo
image

মধুমেহ ৰোগীৰ বাবে উপকাৰী মূলা

শীতকালীন পাচলি মূলা অকল সোৱাদযুক্তই নহয়, ই স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ মূলাই পেটৰ বিভিন্ন ৰোগৰ আশংকা কমায়৷ তদুপৰি মূলা খালে পেটৰ বিষ, গেছ আৰু বদহজমৰ সমস্যা নাইকিয়া হয়৷ মূলাৰ লগতে ইয়াৰ পাতো অতি উপকাৰী৷ নিয়মিত খাদ্য তালিকাত যদি মূলা ৰখা যায়, তেন্তে তেজত শৰ্কৰা নিয়ন্ত্ৰিত হয়৷ মূলা খালে তেজত শ্বেত কণিকা বৃদ্ধি পায়৷ মূলাৰ পাতত প্ৰচুৰ পৰিমাণে আইৰণ, ফচফৰাছ আৰু কেলছিয়াম থাকে৷ মধুমেহত আক্ৰান্তসকলে মূলাৰ পাত পাচলি হিচাপে খোৱাৰ লগতে মূলাক চালাড হিচাপে  খালে উপকৃত হয়৷ 

মূলাৰ পাতৰ পৰা ৰস উলিয়াই খাব পাৰিলে বেছি উপকাৰ পোৱা যায়৷ পালেং শাকৰ সৈতে মূলাৰ ৰস মিহলাই খালে মধুমেহৰ পৰা নিৰাময় লাভ কৰিব পৰা যায়৷

মূলাই পেট পৰিষ্কাৰ কৰি ৰাখে৷ তদুপৰি ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বহুতে মূলাক পাচলি হিচাপে খাবলৈ পছন্দ নকৰে৷ এনে লোকৰ ধাৰণা– মূলাই গেছৰ সৃষ্টি কৰে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে এই ধাৰণা ভুল৷

ৰক্তহীনতা আঁতৰ কৰাৰ ক্ষেত্ৰতো মূলা উপকাৰী৷ দেহত তেজৰ অভাৱ ঘটিলে মূলাৰ পাত খাব পাৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে থাকে ভিটামিন এ, কেলছিয়াম আদি৷

শৰীৰ দুৰ্বল হ’লেও মূলা খাব পাৰে৷ মূলাৰ পাতৰ ৰসে শৰীৰৰ দুৰ্বলতা আঁতৰ কৰে৷ তদুপৰি ক্লান্তি ভাৱ আঁতৰ কৰাত সহায় কৰে মূলাই৷ নিতৌ ব্ৰেকফাষ্টৰ সৈতে মূলা খালে ই শক্তি বৃদ্ধিকাৰী হিচাপে কাম কৰে৷

মূলাৰ পাতত থায়’মিন নামৰ এবিধ উপাদান থাকে৷ তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থকা বাবে ই শৰীৰৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে৷