Logo
image

চিকিৎসাজনিত আৱৰ্জনা

কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বকে ত্ৰস্তমান কৰি তোলাত শংকিত হৈ পৰিছে প্ৰতিজন লোক৷  এটা ক্ষুদ্ৰ ভাইৰাছে উন্নত বিজ্ঞান-প্ৰযুক্তিকো দিশহাৰা কৰিছে৷ উন্নয়নশীল দেশ ভাৰতত এই মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ প্ৰতিদিনে লাখৰ ওচৰা-উচৰি লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ চিকিৎসালয়সমূহত এই ৰোগত আক্ৰান্তক চিকিৎসা কৰাৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰো অভাৱ হোৱা বুলি সময়ে সময়ে বাতৰি প্ৰকাশ পাইছে৷ যিহেতু ভাইৰাছটো সংক্ৰামক, সেয়ে এনে ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ চিকিৎসাজনিত আৱৰ্জনা বিজ্ঞানসন্মত উপায়েৰে নিষ্কাশন কৰাটো জৰুৰী৷ অৱশ্যে যিকোনো চিকিৎসাজনিত আৱৰ্জনাই যাতে কোনো ৰোগৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে বিজ্ঞানসন্মত উপায়েৰে এনে আৱৰ্জনা নিষ্কাশন কৰা দৰকাৰ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ২০ জুলাইত পূৰ্বৰ নীতি-নিৰ্দেশনাৰ সংশোধন ঘটাই কেতবোৰ নতুন নীতি-নিদেৰ্শনা দিছে৷ এই নতুন নীতি-নিৰ্দেশনা অনুসৰি ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেণ্টাৰৰ পি পি ই কিট, হেণ্ড কাভাৰ, শ্বু কাভাৰ, মাস্ক, গ্লাভ্‌ছ আদিকে ধৰি চিকিৎসাজনিত আৱৰ্জনাসমূহ সামূহিক নিষ্কাশন কেন্দ্ৰৰ জৰিয়তে নিষ্কাষন কৰিব লাগে৷  আনহাতে ঘৰত বা অনুষ্ঠান-প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা গ্লাভ্‌ছ, মাস্ক আদি ৭২ ঘণ্টা পৃথকে ৰখাৰ পাছত সেইবোৰ স্থানীয় নগৰ প্ৰশাসনে সংগ্ৰহ কৰি নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে৷ কিন্তু বাস্তৱত আমি দেখিছোঁ কি? পি পি ই কিট য’তে-ত’তে পৰি থাকে৷ তদুপৰি  দেশত প্ৰায় ২০০টা চিকিৎসাজনিত আৱৰ্জনা নিষ্কাশনৰ  সামূহিক কেন্দ্ৰ আছে৷ অসমত আছে মাত্ৰ এটা৷ এই সামূহিক কেন্দ্ৰটোৱে নিজৰ অৱস্থিতিৰ পৰা ১৫০ কিলোমিটাৰ দূৰলৈকে এই সেৱা আগবঢ়াব পাৰে৷ অসমৰ গুৱাহাটীৰ পানীখাইতীত থকা ফ্ৰেছ এয়াৰ ৱেষ্ট মেনেজমেণ্ট ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেডে তেনে ক্ষেত্ৰত অসমৰ সমূহ জিলাক সামৰিব পাৰিছেনে? মহামাৰী কালত যিহেতু প্ৰতিদিনে তিনি মেট্ৰিকটনপৰ্যন্ত চিকিৎসাজনিত আৱৰ্জনা গোট খায়, সেয়ে এই বৃহৎ পৰিমাণৰ আৱৰ্জনা যদিহে সঠিকভাৱে নিষ্কাশন কৰা নহয়, তেন্তে জনস্বাস্থ্যৰ প্ৰতি ইয়ে ভাবুকিৰ সৃষ্টি নকৰিবনে?

উল্লেখ্য, চিকিৎসাজনিত আৱৰ্জনা বিধি-২০১৬ আৰু ২০১৮ৰ সংশোধনী অনুসৰি চিকিৎসালয় আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহে চিকিৎসাজনিত আৱৰ্জনা সামূহিক নিষ্কাশন কেন্দ্ৰৰ জৰিয়তেহে নিষ্কাশন কৰিব লাগে৷ কিন্তু এতিয়াও বহু ঠাইত চিকিৎসাজনিত আৱৰ্জনা মাটিত পুতি থোৱাৰ উপৰি  নগৰীয়া গোটা আৱৰ্জনাৰ সৈতে পেলাই দিয়াও লক্ষ্য কৰা যায়৷ এনেদৰে এই আৱৰ্জনা পেলালে এইবোৰে ভূ-ভাগৰ পানী প্ৰদূষিত কৰাৰ লগতে বায়ু প্ৰদূষণো কৰিব৷ 

যিহেতু ক’ভিড-১৯ ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হয়, সেয়ে ক’ভিড-১৯ প’জিটিভ ৰোগীয়ে ব্যৱহাৰ কৰা গ্লাভ্‌ছ, মাস্ক আদিৰ লগতে এনে ৰোগীৰ চিকিৎসা কৰোঁতে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী যদিহে সঠিক ব্যৱস্থাপনাৰে নিষ্কাশনৰ ব্যৱস্থা নকৰে, তেন্তে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰা হয়তো সম্ভৱ নহ’ব৷ চিকিৎসাজনিত আৱৰ্জনাৰ ক্ষেত্ৰত প্ৰতিজন লোক সজাগ-সচেতন হোৱাটো অতি জৰুৰী৷ চৰকাৰ তথা প্ৰশাসনে ৰাজ্যৰ প্ৰতিখন ঠাইৰ ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেণ্টাৰৰ চিকিৎসাজনিত আৱৰ্জনা মাটিত পুতি থোৱা বা পেলোৱাৰ পৰিৱৰ্তে বিজ্ঞানসন্মত ব্যৱস্থাৰে নিষ্কাশনৰ দিহা কৰিব লাগে৷