শিক্ষা সন্মিলন আৰু কিছু কথা
বিগত দুটা বছৰত ক’ভিড-১৯ অতিমাৰীয়ে সৃষ্টি কৰা খেলি মেলিৰ মাজতো অসমত কতৃৰ্পক্ষই উত্তৰ-পূব শিক্ষা সন্মিলন পাতিব পৰাটো নিশ্চয়কৈ আদৰণীয়৷ মূলতঃ ‘ভাৰতৰ নতুন শিক্ষানীতি-২০২০’ক সাৰোগত কৰিয়েই এই সন্মিলন দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে৷ ইতিমধ্যে দেশৰ আন ৰাজ্যয়ো এনে সন্মিলনৰ আয়োজন কৰিছে৷ অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়েও ইতিমধ্যে এই সন্মিলনত গ্ৰহণ কৰিবলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ইংগিত সদৰী কৰিছে৷ তাৰে এটা সিদ্ধান্ত হৈছে অসমৰ মহাবিদ্যালয়সমূহৰ পৰা উচ্ছতৰ মাধ্যমিকৰ একাদশ আৰু দ্বাদশ শ্ৰেণী দুটা সম্পূৰ্ণভাৱে আঁতৰাই দিয়া৷ এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়৷ ৰাষ্ট্ৰীয় স্তৰৰ নীতি অনুসৰি মহাবিদ্যালয়সমূহত কেৱল স্নাতক স্তৰৰ শিক্ষাদানৰ ব্যৱস্থা থাকিব লাগে৷ অৱশ্যে, প্ৰয়োজনীয় আন্তঃগাঁথনি থাকিলে ঊধবৰ্তন কতৃৰ্পক্ষৰ অনুমোদন সাপেক্ষে মহাবিদ্যালয়সমূহে স্নাতকোত্তৰ স্তৰৰো শিক্ষাদানৰ ব্যৱস্থা কৰিব পাৰে৷ দেশৰ আন কোনো ৰাজ্যতেই বোধহয় উচ্ছতৰ মাধ্যমিকৰ এই দুটা ে৷ ণী মহাবিদ্যালয়ত নাই৷ অসমত এই ‘ইছু্য’টো বিগত সময়ছোৱাত একাধিকবাৰ চৰ্চিত হৈছে৷ আনকি পৃথক কৰি দিয়া সন্দৰ্ভত চৰকাৰৰ পিনৰ পৰাও নিৰ্দেশ ঘোষণা কৰা হৈছিল৷ কেইবছৰমান পূৰ্বে গুৱাহাটী মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ে এনে নিৰ্দেশৰ আধাৰতেই উচ্ছতৰ মাধ্যমিক শাখাত নাভৰ্তিকৰণ প্ৰক্ৰিয়া বন্ধ কৰা বুলিও জাননী দিছিল৷ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াতো এই বিষয়টোৱে গুৰুত্ব পাইছিল আৰু চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছিল৷ এনে চৰ্চা-আলোচনা-সিদ্ধান্তৰ কেইবাটাও বছৰ অতিক্ৰম কৰাৰ পাছতো কিন্তু মহাবিদ্যালয়বোৰত উচ্ছতৰ মাধ্যমিকৰ ে৷ ণী চলিয়েই থাকিল৷ ইতিমধ্যে চৰকাৰী অনুদানত ৰাজ্যখনত কেইবাঠাইতো কনিষ্ঠ মহাবিদ্যালয়ো স্থাপন কৰা হ’ল৷ ব্যক্তিগত খণ্ডতো ৰাজ্যখনৰ নগৰ-চহৰকে ধৰি ভিতৰুৱা অঞ্চলবোৰতো কনিষ্ঠ মহাবিদ্যালয় গঢ়ি উঠিল৷ বিশেষকৈ, উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত এই কনিষ্ঠ মহাবিদ্যালয়সমূহৰ নাম অসমৰ ৰাইজে শুনিবলৈ পায়৷ কিয়নো, এই মহাবিদ্যালয়সমূহৰ ফলাফল চৰকাৰৰ অধীনত থকা স্নাতক স্তৰৰ মহাবিদ্যালয় অথবা উচ্ছতৰ মাধ্যমিক মহাবিদ্যালয়বোৰতকৈ যথেষ্ট উন্নত হয়৷ বাস্তৱ ক্ষেত্ৰত জড়িত থকাসকলৰ পৰা এই কথা শুনা যায় যে স্নাতক স্তৰৰ মহাবিদ্যালয়সমূহত একাদশ-দ্বাদশ ে৷ ণীৰ ছাত্ৰ-ছাত্ৰীসকল কিছু পৰিমাণে অৱহেলিত হয়৷ কিয়নো, সংশ্লিষ্ট বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয় অনুদান আয়োগ আদিৰ পৰা অহা যাৱতীয় নিৰ্দেশবোৰ [ে৷ ণীৰ সংখ্যা, পৰীক্ষা, নিৰীক্ষণ, ইত্যাদি] পালন কৰিবলৈ যাওঁতে উচ্ছতৰ মাধ্যমিক ে৷ ণী দুটাৰ প্ৰতি দিবলগীয়া গুৰুত্ব প্ৰয়োজনতকৈ যথেষ্ট কম হয়৷ এই কথা বাৰম্বাৰ বিভিন্ন মঞ্চত চৰ্চিতও হৈছে৷ গতিকে, চলিত এই দুদিনীয়া সন্মিলনত যদিহে এই ব্যৱস্থাটোৰ এটা সঠিক সমাধান ওলায়, তেন্তে, ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলো উপকৃত হ’ব৷ ইতিমধ্যে, বিষয়টো সন্দৰ্ভত বিতং আলোচনা হৈছে বুলি চৰকাৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে৷ আনকি, অসম উচ্ছতৰ মাধ্যমিক পৰিষদক অসম উচ্ছ মাধ্যমিক শিক্ষা সংসদৰ সৈতে একত্ৰিত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হ’ব বুলি খবৰ প্ৰকাশিত হৈছে৷ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি বাস্তৱায়িত কৰিবলৈ হ’লে অসমৰ বিদ্যালয় [প্ৰাথমিকৰ পৰা উচ্ছতৰ মাধ্যমিকলৈ] পৰ্যায়ত এক বিস্তৃত সাল-সলনিৰ প্ৰয়োজন হোৱাটো নিশ্চিত৷ ইতিমধ্যে, চৰকাৰেও এনে ইংগিত দিছে৷ এতিয়া কথা হ’ল, এই নতুন ব্যৱস্থাপনা ৰূপায়ণৰ সময়ত উপযুক্ত আন্তঃগাঁথনিৰ [শিক্ষকৰ পৰা আৰম্ভ কৰি ে৷ ণীকোঠা, পুথিভঁৰাল, পৰীক্ষাগাৰ, আন আচবাব-পত্ৰ, কম্পিউটাৰ, খেলপথাৰ, শৌচালয়, খোৱাপানীৰ ব্যৱস্থা আদি] অভাৱসমূহ প্ৰধান অন্তৰায় হৈ পৰিব নালাগে৷ কিয়নো, ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ দ্বাৰা যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মানসিকভাৱেও হতাশ হৈ পৰে৷ অভিভাৱক সকলো নিৰুপায় হোৱাৰ বাদে অন্য পথ নাথাকে৷ সেয়েহে, খুঁটি-নাটিবোৰ আঁতিগুৰি মাৰি বিবেচনা কৰিলেহে বৃহৎ সন্মিলনবোৰ সফল হোৱা বুলিব পৰা যাব৷






