Logo
image

অসমত কৃষি আইন আৰু কৃষক আন্দোলনৰ প্ৰাসংগিকতা

কৃষিপ্ৰধান ৰাজ্য হ’লেও অসমত কৃষিৰ যথাযথ গুৰুত্ব কম৷ অসমত ডাঙৰ কৃষক আৰু ডাঙৰ কৃষক সংগঠন দেখা নাযায়৷ ৰাজ্যত থকা বাঁওপন্থী দলবোৰে কেৱল ইচ্ছুভিত্তিত মাত মাতে৷ ‘কৃষক মুক্তি সংগ্ৰাম সমিতি’য়ে কৃষকৰ সমস্যাক লৈ ব্যস্ত নাথাকে৷ অন্য দলত নামত কৃষক শাখা আছে যদিও কামত একো নাই৷ পথৰুঘাটৰ ৰণৰ পাছত অসমত কোনো কৃষক বিদ্ৰোহ হোৱাৰ কথা শুনা নাযায়৷ সেই কাৰণেই সদনত গৃহীত কৃষি সম্পৰ্কীয় আইনকেইখনক লৈ অসমত বিশেষ আলোচনা বা প্ৰতিবাদ হোৱা দেখা নগ’ল৷ অসমৰ কৃষকে হয়তো এইবিলাক কি হৈছে শুনাও নাই আৰু শুনিলে বুজাও নাই৷ সংবাদ মাধ্যমেও এই বিষয়ত গুৰুত্ব দিয়া দেখা নগ’ল৷অসমত কৃষি আছে যদিও জলসিঞ্চনৰ সুবিধা নাই, নিয়ন্ত্ৰিত বজাৰ নাই, নূ্যনতম সমৰ্থন মূল্যৰ ব্যৱস্থা নাই, শীতলীকৰণ ঘৰৰ সুবিধা নাই৷ কৃষকৰ সামাজিক মৰ্যাদা কম৷ তেনে কাৰণতে কৃষকে নিজ সন্তানক অন্য কাম কৰাটো বিচাৰে আৰু কৃষকৰ সন্তানে কৃষক হ’ব নোখোজে৷ অসমত কৃষিৰ গুৰুত্ব আগতকৈও কমিছে৷ স্বাভাৱিকতে কৃষকক লৈ বৃহৎ সংগঠন গঢ়ি উঠা নাই৷অসমত ডাঙৰ খেতিপথাৰ আৰু ডাঙৰ কৃষক নাই বুলিব পাৰি৷ সকলোবোৰেই ক্ষুদ্ৰ আৰু মজলীয়া কৃষক৷ অসমৰ কৃষিত এতিয়াও বাণিজ্যিকীকৰণ হোৱা নাই৷ ক্ষুদ্ৰ কৃষকসকলে স্থানীয় বজাৰতে বস্তু বিক্ৰী কৰে৷ আগৰে পৰা কৃষিত মধ্যভোগী আছে যদিও সাংঘাতিক শক্তিশালী নহয়৷ আজিলৈ কোনো চৰকাৰে কৃষিসামগ্ৰী বিক্ৰী আৰু বিপণনৰ উৎকৃষ্ট ব্যৱস্থা কৰা নাই৷ কৃষি বিভাগটোৰ গাত দুৰ্নীতি আৰু দুৰ্বলতাৰ চেকা লাগি আহিছে৷ এনেবোৰ কাৰণতে অসমত কৃষকে বিদ্ৰোহ-বিপ্লৱ কৰাতকৈ সন্তানক তথাকথিত ডাঙৰ মানুহ বা অন্য কামৰ মানুহ কৰাত গুৰুত্ব দিয়ে৷ ভৱিষ্যতেও অসমত কৃষি আৰু কৃষকৰ সংগঠন শক্তিশালী হোৱাৰ সম্ভাৱনা নাই৷তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত বিগত কালত দেশত চলা বৃহৎ কৃষক আন্দোলনৰ প্ৰভাৱ অসমত একেবাৰে দেখা নগ’ল৷ তাৰ ভালেমান কাৰণ আছে৷ পাঞ্জাব আৰু হাৰিয়ানাত মাণ্ডীৰ ব্যৱস্থা আছে৷ এই মাণ্ডীবোৰত চৰকাৰে বান্ধি দিয়া নূ্যনতম সমৰ্থন মূল্যত কৃষকে ধান, ঘেঁহু আদি বিক্ৰী কৰে৷ চৰকাৰেও ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে এই মূল্যত ক্ৰয় কৰে৷ বিহাৰ, উত্তৰ প্ৰদেশৰ কৃষকেও অধিক দামৰ আশাত পাঞ্জাব, হাৰিয়ানাত বিক্ৰীৰ বাবে [বেআইনীভাৱে] যায়৷ মাণ্ডী আৰু নূ্যনতম সমৰ্থন মূল্যৰ ব্যৱস্থাৰ বাবে তাত কৃষকসকল উপকৃত হৈ আছিল৷ ভাৰত চৰকাৰে যুক্তি দিছিল– মাণ্ডীবোৰ মধ্যভোগীৰ কবলত৷ নতুন আইনৰ অধীনত কৃষকে মাণ্ডীৰ বাহিৰতো উৎপাদিত বস্তু বিক্ৰী কৰিব পাৰিব৷ কৃষকে নূ্যনতম সমৰ্থন মূল্যৰ সলনি মুকলি বজাৰত চলিত দৰতো বস্তু বিক্ৰী কৰিব পাৰিব৷ ফলত কৃষকসকল লাভৱান হ’ব৷ নতুন ব্যৱস্থাত কৃষকে ৰাজ্যৰ বাহিৰতো বিক্ৰী কৰিব পাৰিব৷ আনকি ইলেক্টª’নিক ব্যৱস্থা বা অনলাইনতো বিক্ৰী কৰিব পাৰিব৷ কৃষকসকলে ভয় খাইছিল এনে কৰাৰ ফলত মাণ্ডী আৰু নূ্যনতম সমৰ্থন মূল্যৰ ব্যৱস্থা উঠি যোৱাৰ দৰে হ’ব, ফলত কৃষকসকল ক্ষতিগ্ৰস্ত হ’ব আৰু তেওঁলোকৰ লোকচান হ’ব৷ তেনে কাৰণতে কৃষকসকল প্ৰতিবাদত নামিছিল৷ অসমত ‘মাণ্ডী’ নাই, অসমৰ কৃষকে পাঞ্জাব-হাৰিয়ানাৰ মাণ্ডীত বস্তু বিক্ৰীৰ বাবে নাযায়, নূ্যনতম সমৰ্থন মূল্যৰ ব্যৱস্থা আছে মাত্ৰ কাগজে-পত্ৰই৷ গতিকে, অসমত পৰিস্থিতি স্বাভাৱিক৷ চৰকাৰে যুক্তি দিছিল নতুন আইন হ’লে মধ্যভোগীৰ দৌৰাত্ম্য কমিব৷ প্ৰতিবাদী কৃষকৰ মতে, মুকলি বজাৰতো মধ্যভোগী থাকিব অন্য ৰূপত৷ মুকলি বিক্ৰীৰ ব্যৱস্থা মানে ৰাজ্যৰ সীমা অতিক্ৰমী বিক্ৰী কৰিব পাৰিব৷এখন আইনৰ জৰিয়তে চুক্তিবদ্ধ কৃষিৰ ধাৰণা আনিব খোজা হৈছিল৷ চৰকাৰৰ মতে, এনে ব্যৱস্থাই কৃষকক লাভৱান কৰিব৷ চুক্তিবদ্ধ কৃষি মানে নিৰ্দিষ্ট মানযুক্ত সামগ্ৰী উৎপাদনৰ কাৰণে কৃষক আৰু ব্যৱসায়িক গোষ্ঠীৰ মাজত চুক্তি হ’ব৷ উৎপাদিত সামগ্ৰী আগতে নিৰ্ধাৰিত দৰত কিনি লোৱা হ’ব৷ কৃষকে উৎপাদনৰ আগতে কি দাম পাব জানিব৷শেহতীয়াভাৱে দেশৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে তিনিওখন কৃষি আইনে প্ৰত্যাহাৰ কৰা হ’ব৷ ইয়াকে লৈ বিৰোধী ৰাজনীতি কিছু গৰম হৈ আছে৷ কথা হ’ল– ভাৰতে ইতিমধ্যে নতুন অৰ্থনীতি গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আৰু বিত্তমন্ত্ৰী ড॰ মনমোহন সিঙৰ দিনতে কংগ্ৰেছ চৰকাৰে সূচনা কৰা নতুন অৰ্থনৈতিক নীতি বিজেপি চৰকাৰে পূৰ্ণদ্যমে ৰূপায়ণ কৰি আছে৷ নতুন অৰ্থনীতিৰ মূল তিনিটা দৰ্শন হ’ল– উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ৷ এতিয়া যি দলেই চৰকাৰ নচলাওক, চৰকাৰ চলিব এই তিনি দৰ্শনৰ ভিত্তিত৷ বৰ্তমানৰ নীতিয়ে হ’ল মুক্ত বাণিজ্যৰ পৃষ্ঠপোষকতা কৰা আৰু গোলকীকৰণৰ অংশীদাৰ হোৱা৷ গতিকে, ভালেমান আইনৰ সংশোধন অৱশ্যম্ভাৱী আৰু অৱধাৰিত৷ ৰাজনৈতিক বাধ্যবাধকতাৰ বাবে আইন তিনিখন প্ৰত্যাহাৰ কৰিলেও চৰকাৰৰ নীতিৰ বিশেষ পৰিৱৰ্তন হ’ব বুলি ক’ব পৰা নাযায়৷মুক্ত বাণিজ্যত বজাৰ দৰৰ উঠা-নমা হ’ব স্বাভাৱিক প্ৰক্ৰিয়া৷ চৰকাৰৰ বিশেষ নিয়ন্ত্ৰণ নাথাকিলে বজাৰে নিৰ্ধাৰণ কৰিব বস্তুৰ দৰ৷ সেই দৰত কোন লাভৱান হয়, কোন কেতিয়া উছন হয় কোনেও আগতীয়াকৈ ক’ব নোৱাৰে৷ প্ৰতিযোগিতাত তিষ্টি থকাটো সহজ বেপাৰ হৈ নাথাকিব৷এতিয়া সকলোতে মধ্যভোগী দেখা যায়৷ ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, বিপিএল কাৰ্ডৰ পৰা আৰম্ভ কৰি ডাঙৰ-ডাঙৰ ঠিকা-ঠুকলিলৈ সকলোতে মধ্যভোগীৰ দৌৰাত্ম্য চলি আছে৷ অনলাইন, অফলাইন সকলোতে মধ্যভোগী থাকে৷ আইন সলনি হ’লেও মধ্যভোগীৰ জাল কোনোকালে শেষ নহ’ব৷ কেৱল হয়তো ৰূপ সলনি হ’ব/ভিন্ন ৰূপত আহিব পৰা চুক্তিবদ্ধ কৃষিৰ যুগত লাভৰ লগতে শোষণৰো সম্ভাৱনা থাকিব৷ কৃষকৰ লগত বৃহৎ পুঁজিপতিৰ চুক্তি হ’লে কোন বেছিভাগ বলৱান বা লাভৱান হ’ব সেয়া সহজেই অনুমেয়৷নতুন অৰ্থনীতিয়ে বহুতো সুযোগ আৰু সম্ভাৱনা আনিছে,  সমানে আনিছে সংশয় আৰু অনি(য়তা৷ নতুন ব্যৱস্থাত ধনী বেছি ধনী হোৱা দেখা গৈছে৷ অনাগত কিছু বছৰত বিভিন্ন কাৰণত ভাৰতৰ অৰ্থনীতিত অনি(য়তা আৰু অস্থিৰতা বিৰাজ কৰিব৷ এনে অৱস্থাত কৃষিজীৱী, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ দুখ-দুৰ্দশা বঢ়াৰে সম্ভাৱনা বেছি৷