Logo
image

‘ফুড পয়জনিং’ হ’লে কি কৰা উচিত

আমাৰ অসম, ০৮ অক্টোবৰঃ অস্বাস্থ্যকৰ খাদ্য, বীজাণু যুক্ত আৰু অপৰিষ্কাৰ বাচনত খাদ্য গ্ৰহণ কৰিলে ফুড পয়জনিং বা খাদ্যত বিষক্ৰিয়া ঘটাতো স্বাভাৱিক৷ এনে অৱস্থাত আমি লগে লগে চিকিৎসকৰ কাষ চাপো৷ ফুড পয়জনিং হ’লে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰ নাচাপি কেতবোৰ সাধাৰণ উপায়ৰ জৰিয়তেই এই সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পাৰি৷ অৱশ্যে, ফুড পয়জনিঙৰ বাবে শৰীৰ বেছি দুৰ্বল হৈ পৰিলে হাস্পতালৰ কাষ চপা বা চেলাইন লোৱাটো জৰুৰী৷ চেলাইনে দেহত অভাব ঘটা তৰল আৰু খনীজ পদাৰ্থ দ্ৰুতভাৱে পূৰণ কৰে৷ ঘৰুৱা উপায়েৰে ফুড পয়জনিঙৰ সমস্যাৰ পৰা নিৰাময় লাভ কৰা কেইটামান উপায় হৈছে– প্ৰচুৰভাৱে পানী খাওঁক৷ প্ৰয়োজন বোধে অ’ আৰ এছ বা ডাবৰ পানী খাওঁক৷ পাকস্থলীক বিৰতি দিবলৈ কেইঘণ্টামান খাদ্য-সামগ্ৰী গ্ৰহণ নকৰিব৷ পেটৰ অৱস্থা অলপ ভালৰ পিনে আহিলে সামান্য খাদ্য গ্ৰহণ কৰক৷ মছলা বা চৰ্বিযুক্ত খাদ্যৰ পৰা আঁতৰি থাকক৷ বিশেষকৈ ভাত, কল আদি গ্ৰহণ কৰক৷ গাখীৰজাতীয় খাদ্য, কেফেইন সমৃদ্ধ পানীয় আৰু এলকহলৰ পৰা আঁতৰি থাকক৷ শাৰীৰিক পৰিশ্ৰম নকৰি বিশ্ৰাম কৰক৷ পাতল শৌচ বন্ধ কৰিবলৈ ততাতৈয়াকৈ দৰৱ গ্ৰহণৰ পৰা আঁতৰি থাকক৷