Logo
image

বৰদিনত খ্ৰীষ্টানৰ ওপৰত আত্মঘাতী আক্ৰমণ নিৰ্দেশ

‘টিকটক’ৰ জৰিয়তে আত্মঘাতী বোমাৰু নিযুক্তি আইছিছৰ

আমাৰ অসম, ২৪ নৱেম্বৰঃ পৱিত্ৰ বৰদিনৰ সময়ত খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ ওপৰত ভয়ংকৰ আত্মঘাতী আক্ৰমণ সংঘটিত কৰিবলৈ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছে সদস্যসকলক দিয়া নিৰ্দেশ পোহৰলৈ আহিছে৷ আইছিছে এই নিৰ্দেশ জাৰি কৰে জনপ্ৰিয় চুটি ভিডিঅ’এপ‘টিকটক’ৰ জৰিয়তে৷ ফলত বিশ্বৰ বিভিন্ন দেশত, বিশেষকৈ ইউৰোপত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ আইছিছৰ মতে খ্ৰীষ্টানসকল হৈছে দানৱ৷ ইছলামৰ ঘোৰ শত্ৰু৷ গতিকে বৰদিনৰ সময়তে তেওঁলোকৰ ওপৰত আক্ৰমণ সংঘটিত কৰি প্ৰাণ ল’বলৈ নিৰ্দেশ দিয়ে আইছিছে৷ কিন্তু ইয়াৰ বাবে টিকটক ব্যৱহাৰ কৰাটোহে চিন্তাৰ বিষয় হৈ পৰিছে৷ টিকটক যিহেতু বহু দেশত জনপ্ৰিয়, গতিকে আইছিছে নিজৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিছে৷ টিকটকৰ জৰিয়তে আইছিছে আত্মঘাতী আক্ৰমণকাৰীক নিয়োগৰো চেষ্টা অব্যাহত ৰাখিছে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে আন ধৰ্মৰ লোকৰ বিৰুদ্ধে ঘৃণা বিয়পাই অহা আইছিছে টিকটকৰ জৰিয়তে আত্মঘাতী বোমাৰু নিয়োগ কৰাটো আৰু অধিক ভয়ংকৰ হৈছে৷ এটা টিকটক ভিডিঅ’ত আইছিছে ইয়াৰ আত্মঘাতী বোমাৰুসকলক নিৰ্দেশ দিয়ে বৰদিনৰ সময়ত যিমান পাৰি সিমান খ্ৰীষ্টান লোকক হত্যা কৰিবলৈ৷ ‘আল্লাৰ যোদ্ধাসকল, খ্ৰীষ্টান কাফেৰসকলক হত্যা কৰিবলৈ সাজু হোৱা’–  টিকটক ভিডিঅ’ত এই নিৰ্দেশ দিয়ে আইছিছে৷ গতিকে ব্ৰিটেইন, আমেৰিকা, ইটালীকে ধৰি আন আন দেশত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইটালীত এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰা হয়৷