Logo
image

মাইকেল জেকছনৰ সহশিল্পী ভান হেলেনৰ কৰ্কটত মৃত্যু

আমাৰ অসম, ০৮ অক্টোবৰঃ সৰ্বকালৰ অন্যতম গীটাৰিষ্ট তথা মাইকেল জেকছনৰ সহশিল্পী এ ডি ভান হেলেনে  কৰ্কটৰ ওচৰত হাৰ মানিছে৷ ৬৫ বছৰীয়া বিশ্বখ্যাত গীটাৰিষ্টগৰাকীৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে তেওঁৰ পুত্ৰই৷ উল্লেখ্য যে এ ডি ভান হেলেন আছিল একেধাৰে গীতিকাৰ, প্ৰযোজক তথা উদ্ভাৱনী গীটাৰিষ্ট৷ ৭০ৰ দশকত তেওঁৰ প্ৰথমটো এলবাম মুক্তি পাইছিল৷ ইয়াৰ পিছত ১৯৮৪ চনত আন এটা এলবামে সেই সময়ৰ অভিলেখ ভংগ কৰিছিল৷ ‘জাম্প’, ‘পানামা’ আৰু ‘হট ফৰ টিছাৰ’ আদি আছিল তেওঁৰ অন্যতম জনপ্ৰিয় গীত৷