Logo
image

শীতত আদা দিয়া চাহ খাওক

ইতিমধ্যে শীতৰ পৰশ লাগিছে৷ কেইটামান দিনৰ পাছতে শীতৰ প্ৰকোপ বাঢ়িব৷ এই সময়ছোৱাত সাধাৰণ কাহ-চৰ্দি জাতীয় অসুখত মানুহ সাধাৰণতে আক্ৰান্ত হয়৷ শীতৰ এই সময়ছোৱাত আদা দিয়া চাহ খোৱাৰ অভ্যাস গঢ়ি তোলক৷ আদা দিয়া চাহ পছন্দৰ নহ’লে নেমু চাহ খাওক৷ 

১. আদা বা নেমু দিয়া চাহৰ আছে একাধিক উপকাৰিতা৷  আদা দিয়া চাহ খালে দেহৰ জঠৰতা ভাৱ দূৰ হয়৷ 

২. তদুপৰি সাধাৰণতে ঠাণ্ডা দিনত চৰ্দি-কাহ আদিৰ বাবে  ডিঙিৰ বিষ বা খচখচনিৰ দৰে অনুভৱ হ’লে আদা বা নেমু দিয়া চাহ খালে সেই ভাৱ নোহোৱা হয়৷ 

৩. এই চাহত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল মেগনেছিয়াম উপলব্ধ৷ যাৰ বাবে আদা বা নেমু দিয়া চাহ খালে শৰীৰত ৰক্ত  সঞ্চালন বৃদ্ধি পায়৷ 

৪. দূৰ ভ্ৰমণত বা বৰ ভাগৰুৱা যেন অনুভৱ হ’লে আদা চাহে ক্লান্তিভাৱ নোহোৱা কৰে৷ দূৰ ভ্ৰমণত আমনি লগা যেন লাগিলে এনে চাহ পান কৰিলে মন প্ৰফুল্লিত হয়৷ 

৫. আদা চাহ খালে ই খাদ্য হজমত সহায় কৰে৷ 

৬. মানসিক চাপ নিয়ন্ত্ৰণত আদা বা নেমু দিয়া চাহ খালে যথেষ্ট সুফল পাব পাৰি৷ 

প্ৰতিদিনে পুৱা-গধূলি আদা বা নেমু দিয়া চাহ খালে যথেষ্ট সুফল আশা কৰিব পাৰি৷ মনৰ পৰা ক্লান্তি, অৱসাদ দূৰ কৰাৰ বাবে নিয়মীয়াকৈ আদা চাহ খোৱাৰ অভ্যাস গঢ়ি তোলক৷ সুস্বাস্থ্যৰ বাবে মন প্ৰফুল্লিত কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়৷ এনে ধৰণৰ চাহ পানে মন সদয় সতেজ কৰি ৰখাত সহায় কৰিব৷