বঙাইগাঁৱৰ সিদ্ধান্ত
বৰ্তমান ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাই পৰিৱৰ্তনৰ নামত জিলাই জিলাই কেবিনেটৰ সভা অনুষ্ঠিত কৰাৰ যি ব্যৱস্থা কৰিছে, সি বিৰোধীৰ পৰা চৰকাৰী বিধায়কলৈকে, ৰাজনৈতিক সমলোচকসকলৰ পৰা সাধাৰণ ভোটাৰলৈকে সকলোৱে সমালোচনা কৰিছে৷ সমালোচনা কৰিছে কেবিনেট অনুষ্ঠিত কৰাৰ নামত কৰা জাকজমকতাক৷ আৰ্থিকভাৱে জুৰুলা অসমখনত মন্ত্ৰীসকলৰ ই বিলাস যাত্ৰালৈ পৰিণত হৈছে৷ মুখ্যমন্ত্ৰীজনে যি উদ্দেশ্যত মন্ত্ৰীসকলক জিলাসমূহলৈ নিয়াৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল, এতিয়া সেই উদ্দেশ্য হৈ থকা নাই৷ এতিয়া যি জিলাত কেবিনেট অনুষ্ঠিত হয়, সেই জিলাৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থা কেবিনেট সফল কৰাৰ বাবে ব্যস্ত হৈ পৰে৷ ফলত কেবিনেট প্ৰস্ততিৰ নামত জিলাখনৰ সকলোধৰণৰ চৰকাৰী কাম-কাজ প্ৰায় স্থবিৰ হৈ পৰাৰ অভিযোগ উঠিছে৷ সাধাৰণ ৰাইজে দিনৰ পাছত দিন চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিও বিষয়া-কৰ্মচাৰীক লগ নাপায়৷ কাৰণ সকলো ব্যস্ত হৈ পৰে কেবিনেট সফল কৰাৰ কামত৷ প্ৰতিজন উপায়ুক্তই ইয়াক এতিয়া সন্মানৰ বিষয় হিচাপে লৈ প্ৰতিযোগিতাত নামিছে৷ কোন জিলাত আটাইকৈ ভাল তথা ব্যতিক্ৰমী কৰিব পাৰে৷ বঙাইগাঁৱৰ শেহতীয়া কেবিনেটৰ খবৰ মতে, কেবিনেটৰ সিদ্ধান্ততকৈ এতিয়া জিলা প্ৰশাসনৰ দ্বাৰা মন্ত্ৰীসকলক তোষামোদ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰচাৰহে বেছি হৈছে৷ জিলা প্ৰশাসনে সমগ্ৰ চহৰ পৰিষ্কাৰ কৰা [যেন কোনোদিন এই কাম কৰা হোৱা নাছিল], চহৰৰ সকলো হোটেল বুক কৰা, খাদ্যৰ তালিকা প্ৰস্তুত কৰাৰ পৰা মন্ত্ৰীসকলৰ সুখ-সুবিধাৰ প্ৰতি তীক্ষ্ণ নজৰ দিয়া আদিৰ লগতে বঙাইগাঁও জিলা উপায়ুক্তই মন্ত্ৰীৰ শোৱনি কোঠাৰ সন্মুখত মহিলা ৰখাৰ যি বাতৰি পৰিৱেশন হৈছে, সি অতি লজ্জাজনক আৰু তোষামোদৰ শেষ বুলি সমালোচিত হৈছে৷ প্ৰশাসনৰ যি উদ্দেশ্যতেই এই সিদ্ধান্ত নহওঁ কিয়, এয়া অতি লজ্জাজনক আৰু মহিলাৰ মান-মৰ্যাদা হানিকাৰক সিদ্ধান্ত হৈছে৷ এয়া আধুনিক গণতান্ত্ৰিক ব্যৱস্থাত সামন্তীয় প্ৰভুক সন্তুষ্ট কৰিবলৈ লোৱা ব্যৱস্থাৰ দৰে হৈছে৷ এইবোৰেই যদি চৰকাৰী কাম-কাজৰ নমুনা হয়, তেন্তে ই চৰকাৰী চমক হয়তো হ’ব, ইয়াৰ পৰা জনগণৰ কোনো লাভ নহ’ব৷আনহাতে, বঙাইগাঁৱৰ কেবিনেটে লোৱা দুটা সিদ্ধান্তই ব্যাপক চৰ্চা লাভ কৰিছে৷ দুয়োটা সিদ্ধান্তই অসমৰ বাবে সুদূৰপ্ৰসাৰী যে হ’ব সেয়া নিশ্চিত৷ প্ৰথমেই কেবিনেটে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ যোগ্যতামূলক কাকত প্ৰত্যাহাৰৰ যি সিদ্ধান্ত লৈছে, সি অতি উদ্বেগজনক আৰু অসমীয়াবিৰোধী সিদ্ধান্ত হৈছে৷ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হৈ থাকোঁতেও তেওঁ যে এজন অসমীয়া ভাষাৰ প্ৰতি উদাসীন ব্যক্তি, সেই কথা প্ৰমাণ দি থৈছে, যেনে– জাতিৰ বাবে ভাষা মুখ্য নহয়, ধৰ্মহে মুখ্য বুলি কোৱাৰ লগতে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত বিদ্যালয়ক কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল৷ সেই সময়ত হোৱা ব্যাপক প্ৰতিবাদৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ কিন্তু এতিয়া শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত বহি অসমৰ ঐতিহ্য-গৌৰৱ প্ৰতিষ্ঠাৰ কথা কৈ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰীক্ষাটোৰ পৰাই অসমীয়া ভাষাক প্ৰত্যাহাৰৰ দৰে হঠকাৰী সিদ্ধান্ত লোৱাটোৱে অসমীয়া জাতি তথা ভাষাক যে চিৰ জীৱনৰ বাবে নিঃশেষ কৰিব, সি নিশ্চিত৷ মুখ্যমন্ত্ৰীয়ে এটা কথা চিন্তা কৰি চোৱা প্ৰয়োজন যে অসম তথা অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰিবলৈহে তেওঁলোকক শাসনৰ গাদীত বহুৱাইছে৷ সেয়ে এনে সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰি লোৱা প্ৰয়োজন৷ এইক্ষেত্ৰত জাতীয় দল-সংগঠনসমূহৰ লগতে বিশেষকৈ অসম সাহিত্য সভাই চৰকাৰৰ সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী ফলাফলৰ কথা চিন্তা কৰি ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন বুলি সচেতন মহলে ভাবে৷আনহাতে, মুখ্যমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰিছে যে, নতুন শিক্ষা নীতি-২০২০ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত অসমে সকলোতকৈ আগত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে জনা প্ৰয়োজন যে হুৰমূৰকৈ গ্ৰহণ কৰা কোনো সিদ্ধন্তই সঠিক হ’ব নোৱাৰে৷ ডাঃ কে কস্তুৰীৰংগণে ২০১৮ চনৰ ১৫ ডিচেম্বৰৰ দিনা ভাৰত চৰকাৰৰ ‘মানৱ সম্পদ’ মন্ত্ৰণালয়ৰ হাতত তেওঁৰ ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ খচৰা দাখিল কৰাৰ পাছত মোদী চৰকাৰৰ কেবিনেটে ২০২০ চনৰ ২৯ জুলাইৰ দিনা ইয়াক অনুমোদন দিয়ে৷ ভাৰত চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন সম্পূৰ্ণ কৰাৰ বাবে এটা দশকতকৈও বেছি সময় নিৰ্ধাৰণ কৰিছে৷ প্ৰাথমিক কাম-কাজৰ বাবেই ২০২৪ চন লক্ষ্য লৈছে৷ এনে অৱস্থাত মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ ৰাজ্য কৰাৰ প্ৰতিযোগিতাত মাত্ৰ এবছৰৰ ভিতৰত পাঠ্যপুথি প্ৰণয়ন কৰি তাক প্ৰৱৰ্তন কৰাৰ বাবে যি লক্ষ্য লৈছে, সি হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে আছে৷ পাঠ্যপুথি প্ৰস্তুত কৰা কাম কোনো প্ৰবন্ধ লিখাৰ দৰে নহয়৷ ইয়াৰ বাবে গৱেষণাৰ প্ৰয়োজন৷ সেয়ে শৰ্মাৰ কেবিনেটে বিষয়টো পুনৰ বিবেচনা কৰা প্ৰয়োজন৷






