Logo
image

আলিংগনেও আপোনাক বহু ৰোগৰ পৰা মুক্তি দিব পাৰে

ব্যস্ততাই কোঙা কৰা জীৱনত মানুহৰ পৰা মানুহৰ দূৰত্ববাঢ়িছে৷ মনৰ দুৰত্বৰ সমানে শাৰীৰিক সাহচৰ্যৰ পৰাও বঞ্চিত হৈছে মানুহ৷ মৰম-চেনেহৰ এই মহঙা দিনত মানুহে হেৰুৱাইছে সান্নিধ্যৰ পৰশ৷ চিকিৎসা গৱেষকসকলে মানুহৰ সান্নিধ্যৰ পৰা বঞ্চিত হোৱাৰ নেতিবাচক বিভিন্ন দিশ শেহতীয়াকৈ পোহৰলৈ আনিছে৷ দিনটোত অতি কমেও এবাৰ যদি আপোনজনৰ সৈতে আলিংগনৰ অভ্যাস গঢ়ি তোলে তেতিয়াও বহু ধৰণৰ ৰোগৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে৷ আন্তৰিকভাৱে কৰা আলিংগনে মনৰ পৰা ক্লান্তিৰ ভাৱ আঁতৰাই পঠায়৷ উল্লেখ্য, মানুহে স্বাভাৱিকতে মৰম-আদৰ বিচাৰে৷  ইয়াৰ পৰা  বঞ্চিত হ’লেই বিভিন্ন মানসিক ৰোগৰ উপসৰ্গই দেখা দিব পাৰে৷ এই বিষয়ত কৰা এক গৱেষণাত পোহৰলৈ আহিছে যে আপোনজনৰ সৈতে হোৱা আলিংগনে জটিল ৰোগত আক্ৰান্তজনকো সুস্থ পথলৈ আনিব পাৰে৷ 

◾অনেক সময়ত প্ৰৱল মানসিক চাপ আৰু হতাশাই মানুহক অসুস্থ কৰি তোলে৷ এই ক্ষেত্ৰত প্ৰতিদিনে অন্ততঃ এবাৰো যদি আপোনজনৰ সৈতে আলিংগন কৰে তেতিয়া এনেধৰণৰ ৰোগৰ পৰা সহজেই মুক্ত হ’ব পাৰিব৷

◾কাৰনেগি মেলন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছেলডন কোহেনৰ তত্বাৱধানত হোৱা এক গৱেষণাত পোহৰলৈ আহিছে যে আমাৰ মাজত অনেকেই কম-বেছি পৰিমাণে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়৷ এনে ধৰণৰ ভাইৰাছৰ আক্ৰমণৰ ফলতেই চৰ্দি-জ্বৰ-কাহৰ দৰে অসুখত আক্ৰান্ত হয়৷ খুব আন্তৰিকভাৱে ইজনে সিজনক সাৱটি ধৰিলে এনেধৰণৰ ভাইৰাছৰ আক্ৰমণৰ পৰাও হাত সাৰিব পাৰি৷

◾তদুপৰি মানসিক চাপ, হতাশাৰ পৰা মুক্ত হ’বৰ বাবে আলিংগন অত্যন্ত প্ৰয়োজনীয়৷ 

◾গৱেষকসকলৰ মতে আলিংগনে মানুহৰ মন-মগজুত সাংঘাতিক ধৰণে ইতিবাচক প্ৰভাৱ পেলায়, যাৰ বাবে বিভিন্ন ৰোগৰ পৰা নিৰ্বিঘ্নে থাকিব পাৰি৷