Logo
image

জানুৱাৰীতহে চূড়ান্ত হ’ব এ ইউ ডি এফ- কংগ্ৰেছৰ মিত্ৰতাঃ আজমল

আমাৰ অসম, ০৮ অক্টোবৰঃ কলগাছিয়াত এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰউদ্দিন আজমলে বুধবাৰে স্পষ্ট কৰি দিয়ে যে অহা জানুৱাৰীৰ পূৰ্বে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ বিষয়টো চূড়ান্ত নহয়৷ ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংসদগৰাকীয়ে কঠোৰ ভাষাৰে আক্ৰমণ কৰে৷ বদৰউদ্দিন আজমলে বুধবাৰে কলগাছিয়াত উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্ৰীৰ চকীৰ লোভত হিমন্ত বিশ্বৰ এতিয়া মতিভ্ৰম ঘটিছে৷ কংগ্ৰেছ -ইউ ডি এফৰ মিত্ৰতাৰ কথা শুনি তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে৷ তেওঁৰ এই ৰোগৰ চিকিৎসা তেজপুৰৰ চিকিৎসালয়ত নহ’ব৷ উল্লেখ্য, কলগাছিয়াত জনিয়াৰ বিধায়ক ড॰ হাফিজ ৰফিকুল ইছলামৰ বাসগৃহত উপস্থিত হয় সাংসদগৰাকী৷ আজমলে লগতে  ড॰ হিমন্ত বিশ্ব শৰ্মা মানসিক ভাৰসাম্য হেৰুওৱাৰ বাবে ল’ব লগা চিকিৎসাৰ ব্যয় তেওঁ কৰিব বুলি কটাক্ষ কৰে৷ আনহাতে কংগ্ৰেছ- ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ অহা জানুৱাৰীতহে বিষয়টো চূড়ান্ত হ’ব বুলি কয়৷ তদুপৰি উত্তৰ প্ৰদেশৰ ধৰ্ষণ কাণ্ডক তীব্ৰ নিন্দা কৰি ধৰ্ষণকাৰীসকলৰ ফাঁচিৰ দাবী জনায় বদৰউদ্দিন আজমলে৷ আনহাতে সাম্প্ৰদায়িক ৰাজনীতি কৰি ড॰ হিমন্ত বিশ্ব শৰ্মাই যদি নিৰ্বাচনী বৈতৰণি পাৰ হ’ব বিচাৰিছে তেন্তে তেওঁ মূৰ্খৰ ৰাজ্যত বাস কৰিছে বুলি উল্লেখ কৰে এ আই ইউ ডি এফৰ নেতা চম্পক কলিতাই৷ তেওঁ কয়– দিল্লীৰ মুখ্যমন্ত্ৰী বা কেৰালাৰ স্বাস্থ্যমন্ত্ৰীৰ লগত হিমন্তই প্ৰতিযোগিতা কৰিব লাগিছিল, কিন্তু তেওঁ সত্যৰঞ্জন বৰাৰ লগত প্ৰতিযোগিতাত নামি হাঁহিয়াতৰ পাত্ৰ হৈছে৷