Logo
image

ৰোগমুক্ত হোৱাৰ বাবে পুৱাই খাওক এগিলাচ ইলাচি পানী

ইলাচীৰ আছে বহু ঔষধি গুণ৷ পুৱাই এগিলাচ ইলাচি পানী খোৱাৰ অভ্যাস কৰিলে শৰীৰ কেইবাটাও ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে৷ 

◾ইলাচি পানী তিয়াই থৈ সেই পানী পুৱাই খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ ওজন হ্ৰাস পোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হৈ উঠে৷ একেদৰে কোনো খাদ্যত ইলাচি মিহলাই দিলে শৰীৰে পুষ্টিগুণ লাভ কৰে৷ 

◾পুৱাই এগিলাচ ইলাচি পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ যাৰ  উচ্ছ ৰক্তচাপৰ সমস্যা আছে সেইসকলে ইলাচি তিয়াই থোৱা পানী খালে  যথেষ্ট সুফল পাব৷

◾ইলাচি পানী খালে ৰক্ত সঞ্চালন নিয়ন্ত্ৰণত সহায়ক হয়৷ 

◾শৰীৰৰ পৰা দূষিত পদাৰ্থ এই পানীয়ে দূৰ কৰে৷ 

◾ইলাচি পানী খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ ছাল সুন্দৰ হৈ থাকে৷  বয়সৰ চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি৷

◾ইলাচি পানী খালে দাঁতৰ বিভিন্ন ধৰণৰ অসুখৰ পৰা মুক্ত হৈ থাকিব পাৰি৷

◾যিকোনো ধৰণৰ সংক্ৰমণ বাধা দিয়াত ইলাচিয়ে সহায় কৰে৷

ইলাচি পানী কিদৰে প্ৰস্তুত কৰিব?

ৰাতি শুবলৈ যোৱাৰ আগে আগে এগিলাচ পানীত জ্জযজ্জ্বটা মান ইলাচি তিয়াই থ’ব৷ পুৱাই উঠি এই পানী চেকি লৈ খালী পেটতে খালে যথেষ্ট সুফল লাভ কৰিব৷