Logo
image

ইউৰেকা ইউৰেকা বুলি অহা নাছিল সাফল্য

নক্ষত্ৰসন্ধানী বৰ্ণালী

বিশ্বৰ তামাম বিজ্ঞানীকুলে অনাদিকালৰে পৰা কৰা গৱেষণাৰে সমুদ্ৰৰ বিষয়ে মাথোঁ ৫ শতাংশ আৱিষ্কাৰ কৰিবলৈ সমৰ্থ হৈছে৷ মহাকাশ বিজ্ঞানীয়ে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে তেওঁলোকৰ গৱেষণালব্ধ তথ্যৰে আৱিষ্কাৰ কৰিব পাৰিছে মাথোঁ ৪ শতাংশ৷ সাগৰৰ গভীৰতা বেছি, কেৱল সেই এটা কাৰণতে পৃথিৱীৰ উপৰিভাগতে লাগি থকা সমুদ্ৰৰ ৯৫ শতাংশ অনাৱিষ্কৃত হৈ আছে তেনে নহয়, সমুদ্ৰৰ গৱেষণা অতিশয় দুৰূহ আৰু সেই বাবেই ব্যয়বহুল৷ ইপিনে ঘোৰ অন্ধকাৰ অন্তৰীক্ষত খেপিয়াই থাকিবলগীয়া হোৱাৰ বাবেই বিশ্বব্ৰহ্মাণ্ডৰ ৯৬ শতাংশই আজিকোপতি আৱিষ্কাৰ হোৱা নাই, সেয়া একমাত্ৰ সত্য নহয়৷ মূল আৰু কঠোৰ বাস্তৱ হ’ল আকাশ, মহাকাশ বা অন্তৰীক্ষৰ পৰিসীমা অতি ডাঙৰ আৰু এই অপৰিসীম নভোমণ্ডলৰ বাবেই বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যৰ ৯৬ শতাংশ বিজ্ঞানীকুল আৰু মানৱজাতিৰ বাবে আজিলৈকে অজানা হৈ আছে৷ বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে বিশ্বৰ খ্যাত-অখ্যাত বিজ্ঞানীয়ে আজিলৈকে গৱেষণা কৰি যি ৪ শতাংশ তথ্য আহৰণ কৰিছে, তাৰ সামান্য শতাংশৰ অৱদান এতিয়া অসমৰ এগৰাকী তৰুণী বিজ্ঞানীৰো আছে৷ তেওঁ বজালীৰ বিদুষী ছাত্ৰীৰ পৰা ক্ৰমাৎ বিশ্বত পৰিচিত বিজ্ঞানী হৈ পৰাৰ সম্ভাৱনাৰে পৰিপূৰ্ণ বৰ্ণালী দাস৷ চকুৰে মণিব পৰা দূৰত্বৰ সিপাৰৰ পৰা মহাকাশখন ঘোৰ অন্ধকাৰ৷ কোনো সীমা নোহোৱা অন্তৰীক্ষঘোৰ অন্ধকাৰ হোৱাৰ বাবেই যি অংশৰ পৰা বিজ্ঞানীয়ে ৰহস্য ভেদ কৰিব পৰা নাই, সেই অংশক ‘ডাৰ্ক মেটাৰ’ হিচাপে বৰ্ণনা কৰিয়েই ক্ষান্ত হ’বলগীয়া হৈছে বিজ্ঞানী সমাজ৷ কিন্তু এই ‘ডাৰ্ক মেটাৰ’ৰ কাষৰে কিন্তু পৃথিৱীৰ পৰা ১৬০ আলোকবৰ্ষ দূৰত্বত থকা ৮টাকৈ নক্ষত্ৰৰ একক আৰু অনন্য বৈশিষ্ট্য ধৰা পেলাই ঘোৰ অন্ধকাৰ অঞ্চলক পৃথিৱীৰ কাষলৈ চপাই আনিবলৈ সক্ষম হৈছে বৰ্ণালী দাসে৷ বৰ্ণালী দাসে ‘মেইন ছিকুৱেন্স ৰেডিঅ’ পালছ’ বা চমুকৈ এম আৰ পি নিৰ্গত কৰা ৮টা নক্ষত্ৰ বিচাৰি উলিয়াইছে, যাৰ সন্ধান ইমানদিনে বিশ্বৰ প্ৰখ্যাত মহাকাশ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিব পৰা নাছিল৷ ২০০০ চনত তেনে এটা ৰেডিঅ’ ষ্টাৰৰ সন্ধান ওলালেও তাৰ পৰৱৰ্তী ১৮ বছৰত সেই সন্দৰ্ভত মহাকাশ বিজ্ঞান আছিল নিৰুত্তৰ৷ ২০০৮ চনত পুনেৰ একে ‘নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্স’ প্ৰতিষ্ঠানৰ পৰা আন দুটা ৰেডিঅ’ ষ্টাৰৰ সন্ধান ওলাইছিল, যি গৱেষণাৰ অংশীদাৰ আছিল বৰ্ণালীও৷ ২০২১ চনৰ আৰম্ভণিতে বৰ্ণালী দাসে প্ৰায় এককভাৱে ‘এম আৰ পি’ নিৰ্গত কৰা আন ৮টা ৰেডিঅ’ ষ্টাৰৰ সন্ধান উলিয়ালে৷ অৰ্থাৎ বিশ্বৰ বিজ্ঞানীকুলে এতিয়ালৈকে ‘এম আৰ পি’ বৈশিষ্ট্য থকা যি ১৫টা ৰেডিঅ’ ষ্টাৰৰ সন্ধান পাইছে, তাৰে ৮টা ৰেডিঅ’ ষ্টাৰৰ একক কৃতিত্ব বৰ্ণালী দাসৰ৷ সেই দিশৰ পৰা বৰ্ণালী দাসে বিশ্বৰ খ্যাত-অখ্যাত মহাকাশ বিজ্ঞানীয়ে বিশ্বব্ৰহ্মাণ্ডৰ ৪ শতাংশৰ ৰহস্যভেদ কৰা ক্ষুদ্ৰ শতাংশৰ হ’লেও অংশীদাৰ, যি পৃথিৱীৰ মহাকাশ বিজ্ঞানীক মহাকাশৰ ৰহস্যময় ঘনঘোৰ অন্ধকাৰ বা ‘ডাৰ্ক মেটাৰ’ৰ কাষ চাপি যোৱাত কিঞ্চিত সহায় কৰিছে৷ কোৱা বাহুল্য মাথোঁ, বৰ্ণালী দাসে এম আৰ পি নিৰ্গত কৰা যি ৮টা নক্ষত্ৰৰ সন্ধান উলিয়াইছে, তাৰ আটাইতকৈ সৰুটো আমাৰ সূৰ্যতকৈ দুগুণ ডাঙৰ আৰু আটাইতকৈ ডাঙৰটো সূৰ্যতকৈ ৮গুণ ডাঙৰ৷ প্ৰসংগতঃ, সূৰ্য আমাৰ পৃথিৱীতকৈ ১০৯ গুণ ডাঙৰ৷

আৰ্কিমিডিচে ‘ইউৰেকা’ বুলি কৰা আৱিষ্কাৰৰ দৰে বৰ্ণালী দাসৰ আৱিষ্কাৰ আচম্বিত নাছিল আৰু সহজো নাছিল৷ কথিত আছে, বাথটাবত সোমাওতেই উফৰি পৰা পানী দেখি ‘অপসাৰিত পানীৰ সূত্ৰ’ আৱিষ্কাৰ কৰি আৰ্কিমিডিচে হঠাতে ইউৰেকা, ইউৰেকা বা পালো পালো বুলি কৈ বাথটাবৰ পৰা ওলাই আহিছিল৷ কিন্তু অসমীয়া তৰুণী বিজ্ঞানী বৰ্ণালী দাসে এদিনতে ‘ইউৰেকা’ বুলি চিৎকাৰ কৰিব পৰা নাছিল৷ তাৰ বাবে তেওঁ ঘণ্টাৰ পাছত ঘণ্টা, দিনৰ পাছত দিন, মাহৰ পাছত মাহ আৰু বছৰৰ পাছত বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল৷ পুনেৰ খোড়াড়ত থকা ‘নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্স’ প্ৰতিষ্ঠানৰ ‘জায়েণ্ট মিটাৰৱেভ ৰেডিঅ’ টেলিস্কোপ’ৰ সন্মুখত ঘণ্টা ঘণ্টা বহি থাকিবলগীয়া হৈছিল বৰ্ণালী দাস৷ বিশাল টেলিস্কোপটো, যাক বিশ্বৰ শ্ৰেষ্ঠ আৰু নিখুঁত ৰেডিঅ’ টেলিস্কোপ বুলি কোৱা হয়, সেই টেলিস্কোপটো অন্ধকাৰ মহাকাশৰ নিৰ্দিষ্ট এটা দিশে পোনাই ৰাখি ঘণ্টা ঘণ্টা উৎকৰ্ণ হৈ আৰু বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছিল বৰ্ণালী দাসে৷ তেওঁ সন্ধান চলাই থকা নক্ষত্ৰকেইটাই কেতিয়া, কোনদিশৰ পৰা ৰেডিঅ’ তৰংগ প্ৰেৰণ কৰিব আৰু সেই তৰংগ পুনেৰ এন চি আৰ এৰ বিশাল টেলিস্কোপটোৱে কেতিয়া ধৰিব পাৰিব, সেয়া নিশ্চিত কৰিবলৈ ২০০ ঘণ্টাৰো অধিক সময় ‘জায়েণ্ট মিটাৰৱেভ ৰেডিঅ’ টেলিস্কোপ’টোৰ সন্মুখত বহি থাকিবলগীয়া হৈছিল বৰ্ণালী দাস৷ সেই ২০০ ঘণ্টাত দিন-ৰাতিৰ ছেদ-ভেদ নাছিল৷ টেলিস্কোপৰ সন্মুখৰ পৰা আঁতৰি অহাৰ পাছত পুনৰ উভতি গৈ তেওঁ বিশ্লেষণ কৰিবলগীয়া হৈছিল টেলিস্কোপটোৱে গ্ৰহণ কৰা মহাকাশৰ পৰা অহা কম্পনাংক, সংকেতৰ ‘ডাটা’৷ এনেদৰে ‘ডাটা’ বিশ্লেষণ কৰি থাকোতেই চলিত বছৰৰ আগভাগত বৰ্ণালীয়ে ‘অ’ শ্ৰেণীৰ নক্ষত্ৰকেইটাৰ পৰা অহা ৰেডিঅ’ তৰংগ লাভ কৰিছিল আৰু তাৰ পৰাই নিশ্চিত কৰিছিল যে সেই জ্জ্বটা নক্ষত্ৰৰ উপস্থিতি আৰু ‘মেইন ছিকুৱেন্স ৰেডিঅ’ পালছ’ নিৰ্গত কৰাৰ বৈশিষ্ট্য৷ তেওঁ আচলতে জানিবলৈ বিচাৰিছিল এম আৰ পি বা এনে  নক্ষত্ৰ কিয় বিৰল? কিন্তু গৱেষণাত ওলাল, এম আৰ পি বিৰল নহয় আৰু ই অনেক বৈশিষ্ট্যৰে পূৰ্ণ৷ ২০১৬ চনত তেওঁ এন চি আৰ এত যোগদান কৰিছিল আৰু ২০১৮ চনৰ পৰা পূৰ্ণাংগ ৰূপত গৱেষণাৰ কামত নিয়োজিত হৈছিল৷ বৰ্ণালীয়ে সেই নক্ষত্ৰকেইটাৰ সন্ধান উলিয়াইছিল ২০২১ চনৰ আৰম্ভণিত৷ সেয়ে, মুঠেই তেওঁৰ গৱেষণাৰ ফলাফল আৰ্কিমিডিচৰ ‘ইউৰেকা’সদৃশ নাছিল৷ সকলো বৈশিষ্ট্য বাৰম্বাৰ বিশ্লেষণ কৰি নিশ্চিত কৰাৰ পাছত অলপতে এন চি আৰ এ-ই এই বিৰল আৱিষ্কাৰৰ বিষয়ে সংবাদমেলত ঘোষণা কৰিছিল৷ অৱশ্যে তাৰ পূৰ্বেই এই গৱেষণা-পেপাৰ বিশ্বৰ প্ৰসিদ্ধ ‘এষ্ট্ৰ’ফিজিকেল জাৰ্ণালে’ স্বীকৃতি দি প্ৰকাশ কৰাৰ বাবে গ্ৰহণ কৰিছিল৷ তাৰ পাছত আৰু অনিশ্চয়তাৰ কোনো আশংকা নাছিল৷ সেয়ে এতিয়া অন্ততঃ বৰ্ণালী দাসে ইউৰেকা বুলি এটা চিৎকাৰ কৰিবই পাৰে, যি শব্দ অনুৰণিত হ’ব বিশ্বৰ প্ৰান্তে প্ৰান্তে৷

পুনেৰ এন চি আৰ এ-লৈ গৈছিল বৰ্ণালী দাসৰূপে৷ অৱশ্যে তাৰ পূৰ্বে গৰকিছিল দিল্লীৰ হংসৰাজ কলেজ আৰু আই আই টি কানপুৰ৷ এন চি আৰ এ-ৰ পৰা তেওঁ ওলাই আহিল ড॰ বৰ্ণালী দাস হৈ৷ প্ৰকৃততে পি এইচ ডিৰ গৱেষণাৰ বাবে তেওঁ ভৰ্তি হৈছিল নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্সত৷ যিটো বিষয় নিৰ্বাচন কৰি বৰ্ণালীয়ে পি এইচ ডি কৰিবলৈ আগবাঢ়িছিল, সেই বিষয়টো আছিল সম্পূৰ্ণ অনি(য়তাৰে ভৰা৷ কিয়নো তেওঁ গৱেষণাৰ জৰিয়তে এইকেইটা বিশেষ বৈশিষ্ট্য থকা ৰেডিঅ’ ষ্টাৰ আৱিষ্কাৰ কৰিব নোৱাৰা হ’লে তেওঁৰ পি এইচ ডিৰ গৱেষণা অসম্পূৰ্ণ হ’লহেঁতেন আৰু ডক্টৰেটো নহ’লহেঁতেন বৰ্ণালী৷ হয়তো পুনৰ আন এটা বিষয় লৈ গৱেষণা কৰিবলগীয়া হ’লহেঁতেন তেওঁ৷ বৰ্ণালীৰ গৱেষণাৰ বিষয় আছিল ‘ক’হেৰেণ্ট ৰেডিঅ’ ইমিছন ফ্ৰম হট মেগনেটিক ষ্টাৰ্ছ৷’ লক্ষ্য পূৰণ অনিশ্চিত বাবেই এনেধৰণৰ গৱেষণাৰ প্ৰতি সাধাৰণতে দেশৰ বহু শিক্ষাৰ্থী আকৰ্ষিত নহয়৷ অভিযন্তা বা চিকিৎসক বা অধ্যাপক ইত্যাদি হোৱাৰ বাবে এটা নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে আৰু তাৰ শেষত নিযুক্তিৰ প্ৰায় নিশ্চয়তা থাকে৷ কিন্তু গৱেষণাৰ কোনো অন্ত নাই আৰু লক্ষ্যপ্ৰাপ্তি হ’বই বুলি নি(য়তাও নাই৷ সকলো গৱেষণা পৰিধি নথকা আকাশৰ দৰেই আৰু বহু গৱেষণা উত্তৰ নোহোৱা অন্তৰীক্ষৰ দৰেই৷ এই আৱিষ্কাৰৰ পথত বৰ্ণালীয়ে যিমান সফলতা লাভ কৰিছে, তাৰ কেইবাগুণো অধিক তেওঁ বিফলতাৰ সন্মুখীন হৈছে গৱেষণাকালত৷ সকলো আৱিষ্কাৰৰ দৰে তেওঁৰ সাফল্যৰ বিষয়ে সকলোৱে জানিব পাৰিছে আৰু ব্যৰ্থতাৰ বিষয়ে জানিব পাৰিছে কেৱল বৰ্ণালীয়ে৷ কিয়নো তেওঁ যি গৱেষণা কৰিছিল, তাৰ কোনো নিৰ্দিষ্ট আগতীয়া ভিত্তি নাছিল যে, এই পথেৰে আগবাঢ়িলেই তেওঁ ঈপ্সিত লক্ষ্য লাভ কৰিব৷ সেয়ে এই গৱেষণাৰ পথ দিনকদিনে কঠিন আৰু অনিশ্চিত হৈ আহিছিল৷ কিন্তু সাধনাৰ অন্তত তেওঁৰ লক্ষ্যপ্ৰাপ্তি হ’ল আৰু এতিয়াৰ পৰা তেনে ধৰণৰ নক্ষত্ৰ সন্ধানৰ গৱেষণাৰ ক্ষেত্ৰত এই আৱিষ্কাৰ আনৰ বাবে পাথেয় হ’ব৷ বৰ্ণালীৰ মতে তেওঁ কৰা আৱিষ্কাৰ সামান্য, কিন্তু এই আৱিষ্কাৰৰ পৰা সৃষ্টি হোৱা নতুন প্ৰশ্ন আৰু কৌতূহল অতি বিশাল৷ 

এতিয়া কি কৰিব বৰ্ণালীয়ে? বহুতৰে প্ৰশ্ন এয়া৷ ড॰ বৰ্ণালী দাসে আমেৰিকাৰ ডেলাৱাৰ ইউনিভাৰ্চিটিত এষ্ট্ৰ’ফিজিক্সৰ গৱেষণাৰ বাবে প্ৰস্তাৱ পাইছে, য’ত তেওঁ পৰৱৰ্তী দুবছৰ প’ষ্ট ডক্টৰেট কৰিব৷ এতিয়া তেওঁ য’ত শেষ কৰিছে, ঠিক তাৰ পৰাই আৰম্ভ কৰিব আমেৰিকাত৷ আমেৰিকাৰ গৱেষণাত তেওঁ এতিয়ালৈকে কৰা তাত্ত্বিক তথ্যৰ বাস্তৱিক পৰীক্ষা কৰিব৷ সেয়া হ’ব প্ৰেক্টিকেল আৰু  ইম্প্ৰ’ভাইজেছন৷ ড॰ বৰ্ণালী দাসৰ স্বামী সুৰজিৎ মণ্ডলে নিউজাৰ্ছিত সূৰ্যৰ বিষয়ে গৱেষণা কৰি আছে৷ পশ্চিমবংগৰ বাসিন্দা সুৰজিতো এজন বিজ্ঞানী আৰু দুয়ো একে প্ৰতিষ্ঠানতে গৱেষণা কৰিছিল৷ ড॰ বৰ্ণালী দাসৰ প্ৰৱল ইচ্ছা– ভৱিষ্যতে তেওঁ এতিয়াও আৱিষ্কাৰ নোহোৱা গ্ৰহৰ সন্ধান কৰিব৷ কেতিয়া তেনে গৱেষণা আৰম্ভ কৰিব, সেয়া এতিয়াও তেওঁ নাজানে৷ কিন্তু তেওঁ কৰিব৷ বৰ্ণালীয়ে ভৱিষ্যতে ভিন্ন ‘সৌৰজগত’ বা ‘প্লেনেৰি ছীষ্টেম’ত থকা ‘এক্স’প্লেনেট’ৰ সন্ধান চলাব৷ অতি উত্তপ্ত নক্ষত্ৰৰ কাষত থকা এই ‘এক্স’প্লেনেট’বোৰ অতি শীতল আৰু প্ৰায় নিশ্চল, সেয়ে ইয়াৰ সন্ধান উলিওৱাটো কঠিনতম কাম৷ এতিয়ালৈকে বিশ্বৰ কোনো বিজ্ঞানীয়ে ‘এক্স’প্লেনেট’ নিৰ্দিষ্টভাৱে আৱিষ্কাৰ কৰিব পৰা নাই, কেৱল চিহ্নিত আৰু ধাৰণাহে কৰিছে৷ মেট্ৰিকত চতুৰ্থ স্থান লাভ কৰাৰ পাছত তেওঁৰ জীৱনৰ লক্ষ্য কি বুলি সোধোতে বৰ্ণালী দাসে কৈছিল– ‘লাইফ ইজ এ চান্স টু প্ৰুফ ইয়’ৰ এক্সিটেন্স৷ হয়তো বৰ্ণালীয়ে ভৱিষ্যতে নিজৰ জীৱনৰ ‘এক্সিটেন্স’ প্ৰমাণ কৰাৰ লগতে আন এখন ‘সৌৰজগত’ৰ গ্ৰহৰ ‘এক্সিটেন্সো’ প্ৰমাণ কৰিব পাৰিব৷

বিদেশত পঢ়িলেও দেশক পাহৰি নাযাওঁঃ ড॰ বৰ্ণালী দাস

মই বিদেশত পঢ়িবলৈ গ’লেও মোৰ দেশৰ উন্নতিৰ বাবে কাম কৰি যাম৷ উক্ত মন্তব্য Tata Institute of Fundamental Researchত মহাকাশত গৱেষণা কৰি থকা তথা সূৰ্যতকৈ ডাঙৰ, অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় তৰংগ ক্ষেত্ৰৰ অধিকাৰী ৮টাকৈ তৰাৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰী ড॰ বৰ্ণালী দাসৰ৷ আজি বজালীৰ জিলাৰ পাঠশালাস্থ ঘৰত ৰাজ্যৰ কেবিনেটমন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে ছাত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিবলৈ অহাৰ সময়ত সংবাদিকৰ আগত ছাত্ৰীগৰাকীয়ে আকৌ কয়, এক সীমাহীন ৰহস্যৰে পৰিপূৰ্ণ মহাকাশ৷ এই বিষয়ে আমাৰ প্ৰজন্মই অধ্যায়ৰ বহুতো সমল আছে৷ এই বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিলে যথেষ্ট উপকৃত হ’ব৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীক কৃতিত্বৰ বাবে সমগ্ৰ বজালী জিলাৰ লগতে অতি আনন্দিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ৷ আনহতে, আজি মেধাবী ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেটমন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ পিতৃ মুনিন দাস আৰু মাতৃ চিৰণ কলিতা দাসৰ লগতে বৰ্ণালীৰ দাসৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি কয়,মেধাবী ছাত্ৰীগৰাকীৰ সফলতাত আমি সকলোৱে গৌৰাৱাণ্বিত বুলি নিজৰ অনুভৱ ব্যক্ত কৰে মন্ত্ৰীজনে৷ আগন্তক দিনত বৰ্ণালীয়ে অধিক সফলতা লাভ কৰক তাৰ বাবে আমি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ আনহাতে, প্ৰয়োজন হ’লে বিদেশত ছাত্ৰীগৰাকীৰ অধ্যয়নৰ বাবে প্ৰয়োজন হ’লে আৰ্থিক সহায় আগবঢ়াব বুলিও জানিবলৈ দিয়ে৷