Logo
image

এটা ভয়ংকৰ বাদ্যযন্ত্ৰ, যাৰ শব্দই কাঢ়ি নিয়ে প্ৰাণ

আমাৰ অসম, ০৮ অক্টোবৰঃ গ্লাছেৰে নিৰ্মিত এটা বিশেষ বাদ্যযন্ত্ৰ৷ যাৰ নাম গ্লাছ হাৰমণিকা৷ আচৰিত যে এই বাদ্যযন্ত্ৰৰ সুৰৰ সাধাৰণ ভুলে কাঢ়ি নিয়ে মানুহৰ প্ৰাণ৷ উল্লেখ্য যে ১৭৬১ চনত ফ্ৰাঙ্কলিন নামৰ এজন লোকে এই বাদ্যযন্ত্ৰটো তৈয়াৰ কৰিছিল৷ পানী ভৰ্তি ৱাইন গ্লাছেৰে নিৰ্মাণ কৰা এই বাদ্যযন্ত্ৰটো পৰিৱেশন কৰোতে হোৱা সাধাৰণ ভুলেই মানুহৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে বাদ্যযন্ত্ৰটোও ভাঙি পৰে৷ তদুপৰি যিসকলে এই বাদ্যযন্ত্ৰৰ সুৰ নিয়মিত শুনে তেওঁলোক বিভিন্ন ধৰণৰ পাশ্বৰ্ক্ৰিয়াত ভোগে৷ বিশেষকৈ স্নায়ু, চকু আৰু মস্তিষ্কৰ ৰোগত আক্ৰান্ত হয় গ্লাছ হাৰমণিকা নামৰ বিশেষ বাদ্যযন্ত্ৰটোৰ সুৰ নিয়মিত শুনা সকল৷ ১৭৯৯ চনত এণ্টনি উইলিছ নামৰ চিকিৎসক এজনে এই বিশেষ বাদ্যযন্ত্ৰটো নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰে৷ কিন্তু ইয়াৰ পিছতো কেতিয়াবা কেতিয়াবা বাদ্যযন্ত্ৰটোৰ সুৰ ব্যৱহাৰ হৈ থাকে৷ ১৮০৮ চনত  ভিয়েনাৰ এটা বৃহৎ সংগীতানুষ্ঠানত গ্লাছ হাৰমণিকা পৰিৱেশন কৰি মঞ্চতে মৃত্যুক সাৱটি লয় মাৰিয়ানা কিৰ্ছজেছনাৰ নামৰ এজন সংগীতজ্ঞই৷