Logo
image

নিম্ন ৰক্তচাপত ভুগিছে? নিৰাময়ৰ বাবে এইখিনি কৰক

আমাৰ অসম: শৰীৰৰ ৰক্তবাহী সিৰৰ বেৰত তেজে সৃষ্টি কৰা চাপেই হ’ল ৰক্তচাপ৷ স্বাভাৱিক ৰক্তচাপৰ বিপৰীতে উচ্ছ বা নিম্ন ৰক্তচাপক ৰোগ বুলি ধৰা হয়৷ আমাৰ শৰীৰৰ ৰক্তচাপ বৃদ্ধি হোৱা অৰ্থাৎ উচ্ছ ৰক্তচাপৰ বিষয়ত আটায়ে সচেতন থাকিলেও নিম্ন ৰক্তচাপক লৈ বিশেষ গুৰুত্ব দিয়া দেখা নাযায়৷ কিন্তু উচ্ছ ৰক্তচাপ যেনেকৈ বিপদৰ কাৰণ হ’ব পাৰে তেনেদৰে শৰীৰৰ নিম্ন ৰক্তচাপৰ ফলতো নানান সমস্যাই দেখা দিব পাৰে৷ মূৰ ঘুৰোৱা, দুৰ্বলতা, বমি বমি ভাৱ আৰু দৃষ্টি শক্তি অস্পষ্ট হোৱা আদি নিম্ন ৰক্তচাপৰ লক্ষণ৷ নিম্ন ৰক্তচাপ বিভিন্ন কাৰণত হ’ব পাৰে৷ তাৰ ভিতৰত শৰীৰৰ পৰা অত্যধিক পানী ওলাই গৈ সৃষ্টি হোৱা ডিহাইড্ৰেছন, ৰক্তহীনতা, থাইৰয়ড তথা দুঃচিন্তা, আদি অন্যতম৷ এনে কাৰণত শৰীৰত তেজৰ পৰিমাণ হ্ৰাস পায় আৰু তাৰ ফলস্বৰূপে ৰক্তচাপ কমি আহে৷বিভিন্ন উপায়েৰে নিম্ন ৰক্তচাপৰ পৰা হাত সাৰি থাকিব পাৰি৷ ইয়াৰ ভিতৰত ১. নিম্ন ৰক্তচাপৰ পৰা আঁতৰি থাকিবৰ বাবে প্ৰচুৰ পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজন৷ ইয়াৰোপৰি স্বাস্থ্য উপযোগী ফল-মূলৰ চৰবত আৰু ডাবৰ পানী অতি উপযোগী৷ এইবোৰ উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে৷ ২. শৰীৰত ৰক্তচাপ হঠাৎ কম হ’লে আৰু মূৰত জিন্‌জিননি অনুভৱ কৰিলে একাপ চাহ, বা কফি তথা কেফিন জাতীয় খাদ্য খালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা যায়৷ কফি জাতীয় খাদ্যই আমাৰ কাৰ্ডিঅ’ভাস্কুলাৰ প্ৰক্ৰিয়া উজ্জীৱিত কৰে আৰু হৃদযন্ত্ৰৰ কম্পনৰ হাৰ বৃদ্ধি কৰে৷ ফলত ই ৰক্তচাপ ঘূৰাই অনাত সহায়ক হয়৷ ৩. নিম্ন ৰক্তচাপৰ পৰা ৰক্ষা পৰিবৰ পাৰে প্ৰতিদিনে ৰাতিপুৱা পাঁচ-ছটাকৈ তুলসীপাত চোবাই খাব লাগে৷ এনেদৰে তুলসীপাত চোবাই খালে ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্ট সহায় হয়৷ তুলসী পাতত উচ্ছ পৰিমাণৰ পটাছিয়াম, মেগনেচিয়াম আৰু ভিটামিন ‘চি’ থাকে আৰু ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ তুলসী পাতত ‘ইগেনোল’ নামৰ এন্টিঅক্সিডেন্ট উপাদান পোৱা যায় বাবে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত আৰু কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে৷