Logo
image

আমেৰিকাত কৰ্মৰত ভাৰতীয় চাকৰি প্ৰাৰ্থীৰ ওপৰত পৰিব কু-প্ৰভাৱ

আমাৰ অসম, ০৮ অক্টোবৰঃ আমেৰিকাৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগে আগে মাৰ্কিন কৰ্মচাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ট্ৰাম্প চৰকাৰে ‘এইচ-১ বি’ ভিছা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেতবোৰ নতুন নীতি ঘোষণা কৰিছে৷ আমেৰিকাত বিদেশী কৰ্মচাৰীসকলৰ তুলনাত নিজ দেশৰ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ বাবেই ট্ৰাম্প চৰকাৰে এইচ-১ বি ভিছা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন এই নতুন নিয়ম ঘোষণা কৰে৷ ফলত বিদেশী লোকে এইচ-১ বি ভিছাৰ জৰিয়তে আমেৰিকাত চাকৰি লাভ কৰাত জটিলতা আহি পৰিব৷ ট্ৰাম্প চৰকাৰে ঘোষণা কৰা এই নতুন নীতি অনুসৰি এতিয়াৰে পৰা চালি-জাৰি চাইহে বিদেশী লোকক এইচ-১ বি ভিছা প্ৰদান কৰা হ’ব৷ কেৱল যোগ্য লোককহে এই ভিছা প্ৰদান কৰা হ’ব৷ ফলত কম যোগ্যতাসম্পন্ন লোকে আমেৰিকাত গৈ ভিৰ কৰিব নোৱাৰিব৷ ইয়াৰ ফলত আমেৰিকাৰ জনতাৰ চাকৰি সুৰক্ষিত হ’ব৷ কৰ’না ভাইৰাছৰ ত্ৰাসৰ সময়ত আমেৰিকাত পাঁচ লাখ মাৰ্কিন লোকে চাকৰি হেৰুৱায় আমেৰিকাত থকা এই বিদেশী কৰ্মচাৰীৰ বাবেই৷ গতিকে এতিয়াৰে পৰা এনে বিদেশী দক্ষতাসম্পন্ন কৰ্মচাৰীৰ এইচ-১ বি ভিছা চালি-জাৰি চাই কৰ্তন কৰা হ’ব আৰু এই ভিছাৰ বাবে আৱেদন কৰা লোকসকলক ভিছা প্ৰদানৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব৷ ফলত ভাৰতীয় দক্ষতাসম্পন্ন লোকে আমেৰিকালৈ যোৱাত বাধাৰ সৃষ্টি হ’ব৷ এতিয়াৰে পৰা আমেৰিকাত থকা কোম্পানীবোৰে কেৱল প্ৰকৃত দক্ষতাসম্পন্ন লোককহে চাকৰি অফাৰ দিব পাৰিব৷ যাকে তাকে কোম্পানীবোৰে চাকৰিৰ বাবে আমেৰিকালৈ মাতি নিব নোৱাৰিব৷ কোম্পানীবোৰে এই-১ বি, এইচ-১ বি ১ বা ই-৩ ভিছাৰ দ্বাৰা নিযুক্তি দিয়া বিদেশী লোকসকলক নিজৰ ফালৰ পৰাই দৰমহা আৰু আন আন সা-সুবিধা দিব লাগিব৷ নতুন নিয়মৰ ফলত এই ভিছাৰ বাবে আৱেদন কৰা এক-তৃতীয়াংশ লোকৰে ভিছা নাকচ কৰা হ’ব৷