Logo
image

স্বাস্থ্যকৰ হ’লেও এইবোৰ খাদ্য খালে বাঢ়িব ওজন

মেদহীন, ঋজু শৰীৰ এটাৰ অধিকাৰী হ’বলৈ সকলোৰে মন যায়৷ তাৰ বাবে নিয়মিত খাদ্য, যোগাসন, ব্যায়াম আদিৰ প্ৰয়োজন৷ সু-স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো নিতান্তই দৰকাৰ৷ শৰীৰৰ মেদ কমাবলৈ হ’লে চাই-চিতিহে খাদ্য খোৱাটো প্ৰয়োজন৷ নহ’লে শৰীৰৰ মেদ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে৷ স্বাস্থ্যকৰ হ’লেও এই পাঁচবিধ খাদ্য খালে বৃদ্ধি হ’ব ওজন৷

[১] বাদাম আৰু ড্ৰাইফুডঃবাদামত প্ৰচুৰ পৰিমাণে কেলৰি থাকে৷ সেইদৰে বাদামত অনেক পুষ্টিগুণো আছে৷ শৈশৱত ল’ৰা-ছোৱালীয়ে অতিৰিক্ত পৰিমাণে বাদামজাতীয় খাদ্য খায়৷ ইয়াৰ পৰা শৰীৰে অধিক কেলৰি পায়৷ কাৰণ বাদামত প্ৰচুৰ পৰিমাণে কেলৰি থাকে৷ যি শৰীৰৰ কেলৰি  বৃদ্ধি কৰে৷ সেয়েহে পুষ্টিগুণ থাকিলেও অধিক পৰিমাণে মুঠিয়ে মুঠিয়ে বাদাম বা ড্ৰাইফুড খোৱা উচিত নহয়৷ 

[২]  গ্ৰানোলা বাৰঃৰাজ্যত বিভিন্ন ব্ৰেণ্ডৰ গ্ৰানোলা বাৰ পোৱা যায়৷ এই খাদ্য স্বাস্থ্যকৰ হিচাপে অনেকে খাই থাকে৷ উড্‌ছ, নাৰিকল,চেনি, বাদাম মিহলাই  তৈয়াৰ কৰা হয় এই খাদ্য সামগ্ৰী৷ কিন্তু এই গ্ৰানোলা বাৰত  মাত্ৰাধিক পৰিমাণৰ চেনি থাকে৷ যি স্বাস্থ্যৰ কাৰণে বেছ ক্ষতিকাৰক৷

[৩] ফলৰ ৰসঃ এটা কমলা খালে যিমান ক্ষুধা নিবাৰণ হয়, সেই পৰিমাণৰ ক্ষুধা নিবাৰণৰ কাৰণে যি পৰিমাণৰ ফলৰ ৰস খোৱা হয় সেইখিনি তৈয়াৰ কৰোতে তিনি বা চাৰিটা কমলা প্ৰয়োজন হয়৷ ইয়াৰ ফলত  সেই ৰসত পুষ্টি আৰু কেলৰিৰ পৰিমাণ বেছি থাকে৷ যদি ওজন হ্ৰাস কৰিব বিচাৰে ফলৰ ৰসতকৈ ফলটো খোৱাটো উত্তম৷

[৪] বেকড খাদ্যঃ অনেকে তেলজাতীয় খাদ্য নোখোৱাৰ কাৰণে আলু আদি খাদ্য সামগ্ৰী সিজাই বা সেকি খায়৷ এই ধৰণৰ খাদ্যতো অতিৰিক্ত পৰিমাণে নিমখৰ প্ৰয়োজন হয়৷ সেয়ে সিজোৱা খাদ্য স্বাস্থ্যকৰ যদিও  অধিক মাত্ৰা নিমখৰ বাবেই ই শৰীৰৰ কাৰণে ক্ষতিকাৰক হৈ পৰে৷

[৫] গ্লুটেন ফ্ৰি খাদ্যঃ খাদ্যত গ্লুটেন নাথাকিলে সেই খাদ্য স্বাস্থ্যৰ কাৰণে বেছ উপকাৰী৷ ময়দাত গ্লুটেন থাকিলে কিছু কিছু ক্ষেত্ৰত মানুহে হজমৰ সমস্যাত পৰে৷ বেকাৰীৰ অনেক খাদ্যত মাত্ৰাধিক পৰিমাণৰ নিমখ আৰু চেনি মিহলি কৰা হয়৷ ই স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক৷