Logo
image

কিছুমান জটিল ৰোগত সকাহ দিয়ে ৰেড ৱাইনে

এলকহল শৰীৰৰ বাবে ক্ষতিকৰ বুলি আমি সকলোৱে জানো৷ কিন্তু  এগিলাচ ৰেড ৱাইনে সকলো প্ৰকাৰৰ দুঃচিন্তাৰ পৰা আপোনাক সকাহ দিব পাৰে সেই কথা আপুনি হয়তো নাজানে৷ কিছুমান জটিল ৰোগত সকাহ দিয়ে ৰেড ৱাইনে৷ দিনটো কাম কৰি অলস ভাৱেৰে ৰাতি ঘৰলৈ অহাৰ পাছত এগিলাচ ৰেড ৱাইনত চুমুক দিলে শৰীৰত সতেজ অনুভৱ কৰিব৷ ৰেড ৱাইনে শৰীৰৰ পৰা ক্লান্তি, দুঃচিন্তা, অৱসাদ দূৰ কৰে৷ এই কথা সদৰি কৰিছে বিশেষজ্ঞই৷ 

উল্লেখ্য, ৰেড ৱাইনত থাকে ‘ৰেছভিৰেট্ৰল’ নামৰ  এক বিশেষ উপাদান, যি ক্লান্তি দূৰ কৰে আৰু মনৰ উদ্বেগ কমোৱাত বিশেষভাৱে সহায় কৰে৷ এই উপাদানটো প্ৰকৃততে এটা এনজাইম, যি ক্লান্ত মস্তিষ্কত প্ৰভাৱ পেলায়৷ এক গৱেষণাৰ দ্বাৰা দেখা গৈছে যে কোনো ডিপ্ৰেছনত ভুগিলে চিকিৎসকে যি ঔষধ দিয়ে, তাৰ বিকল্পই হ’ল ৰেড ৱাইন৷ ঔষধে যি উপকাৰ সাধন কৰে, সেই একেই উপকাৰ ৰেড ৱাইনৰ পৰাও পোৱা যায়৷ সচৰাচৰ ৰেড ৱাইন আঙুৰ আৰু জামৰ ৰসৰ দ্বাৰা তৈয়াৰ কৰা হয়৷ এই দুবিধ ফল শৰীৰৰ কাৰণে অতি উপকাৰী৷ এই ফলৰ দ্বাৰা শৰীৰত যি এনাৰ্জি পোৱা যায়, ৰেড ৱাইনে সেই একেই এনাৰ্জি শৰীৰত যোগান ধৰে৷ গৱেষকসকলৰ মতে দুঃচিন্তা দূৰ কৰিবলৈ যিকোনো ধৰণৰ ৱাইন খোৱাটো একেবাৰেই উচিত নহয়৷ বিভিন্ন প্ৰকাৰৰ ৱাইনৰ ভিতৰত ৰেড ৱাইন আটাইতকৈ বেছি কাৰ্যকৰী৷ এই ৰেড ৱাইনে যে ক্লান্তি বা মানসিক উদ্বেগ দূৰ কৰে এনে নহয়, এইবিধ ৱাইনে পিঠিৰ বিষ কমোৱাতো বিশেষভাৱে সহায় কৰে৷ ৰেড ৱাইন আৰু বীয়েৰ এই দুবিধ এলকহলে আমাৰ শৰীৰৰ বিষ কমোৱাত বিশেষভাৱে সহায় কৰে৷