Logo
image

কৰ’নাৰ তৃতীয় ঢৌ

বিগত বৰ্ষৰ পৰা সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছে মানৱ সভ্যতালৈ চৰম প্ৰত্যাহ্বান নমাই আনিছে৷ কৰ’না ভাইৰাছৰ নতুন নতুন প্ৰজাতিয়ে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে৷ কৰ’না ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছে যদিও এতিয়া বিশ্বৰ প্ৰতিজন লোকে ভেকচিন লাভ কৰা নাই৷ অৱশ্যে, কিছুসংখ্যক লোকে কৰ’নাৰ দুয়োপালি ভেকচিন লোৱাৰ উপৰি বুষ্টাৰ লাভ কৰিছে যদিও এতিয়াও বহু লোকে প্ৰথমপাল ভেকচিনেই লাভ কৰা নাই৷ ভাৰতত মাত্ৰ ৩০ শতাংশ লোকেহে দুয়োপালি ভেকচিন লৈছে যদিও বুজনসংখ্যক লোকে এপালিও ভেকচিন লোৱা নাই৷ মূলতঃ ১৮ বছৰ অনূধবৰ্ লোকৰ বাবে ভেকচিন উপলব্ধ নোহোৱাৰ বাবে এইসকল লোকে এতিয়াও ভেকচিন লাভৰ পৰা বঞ্চিত হৈ আছে৷ তদুপৰি ১৮ বছৰৰ ঊধবৰ্ৰ প্ৰায় ১০ কোটি ভাৰতীয়ই প্ৰথম পালি ভেকচিন লৈছে যদিও দ্বিতীয় পালি এতিয়ালৈ ল’বলৈ বাকী৷ এনে সময়তে চৰ্চালৈ আহিছে কৰ’নাৰ নতুন প্ৰজাতিৰ সংক্ৰমণৰ আতংক৷ কৰ’নাৰ ডে আৰু ডেল্টা প্লাছ প্ৰজাতিতকৈ অধিক শক্তিশালী এইবিধ ভাইৰাছে ইতিমধ্যে দক্ষিণ আফ্ৰিকাত বহু লোকক সংক্ৰমিত কৰাৰ পাছত চিন্তিত হৈ পৰিছে বিশ্ববাসী৷ কিয়নো বিগত দুটা বছৰে স্তব্ধপ্ৰায় হোৱা বিশ্বৰ অৰ্থনৈতিক কাম-কাজে সম্প্ৰতি কিছু গতি লাভ কৰিছিল যদিও কৰ’নাৰ নতুন প্ৰজাতিৰ কৰ’না ভাইৰাছ অমিক্ৰণৰ আতংকই পুনৰ গতিৰোধকৰ কাম কৰিলে৷ পুনৰ কৰ’নাৰ নতুন ঢৌৰ সৃষ্টি হ’লে বিশ্বত দুৰ্ভিক্ষৰ কবলত পৰি বহু লোকে প্ৰাণ হেৰুৱাব৷ বিশেষজ্ঞৰ আশংকা অনুসৰি, নতুন প্ৰজাতিৰ কৰ’না ভাইৰাছ অমিক্ৰণে কৰ’না প্ৰতিষেধকৰ কাৰ্যকাৰিতা নাইকিয়া কৰিব৷ কিয়নো কৰ’না প্ৰতিষেধক উদ্ভাৱন কৰাৰ সময়ত কৰ’না ভাইৰাছৰ যিটো প্ৰজাতিৰ নমুনা লৈছিল, সেই প্ৰজাতিতকৈ যিহেতু অমিক্ৰণ বহু শক্তিশালী, সেয়ে এনে ভাইৰাছৰ সংক্ৰমণে আতংকৰ সৃষ্টি কৰিব পাৰে৷ বিজ্ঞানীসকলে এই নতুন ভাইৰাছটোৰ নমুনা সঠিকভাৱে এতিয়াও বিশ্লেষণ কৰিব পৰা নাই৷ দক্ষিণ আফ্ৰিকাত যিসকলৰ দেহত এই নতুন প্ৰজাতিৰ ভাইৰাছ পোৱা গৈছে, সেইসকলৰ সৰহসংখ্যকে ১৮ বছৰ অনূধবৰ্ শিক্ষাৰ্থী৷ ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ পৰা এই ভাইৰাছৰ প্ৰজাতি বিভিন্ন ৰাষ্ট্ৰলৈ সংক্ৰমিত হৈছে৷ হাৰ্ড ইমিউনিটী সৃষ্টি হোৱা বুলি বিশ্বাস কৰা দেশতো ইতিমধ্যে এইবিধ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ এনে অৱস্থাত ভাৰত স্বাভাৱিকতে এইবিধ ভাইৰাছৰ পৰা সাৱধান হোৱা উচিত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমিক্ৰণৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত পহিলা ডিচেম্বৰৰ পৰা কৰ’নাৰ নতুন নীতি-নিৰ্দেশনা বলৱৎ কৰা হৈছে৷ বিশেষকৈ বিদেশৰ পৰা অহা যাত্ৰীৰ স্ক্ৰিনিং আৰু কৰ’না পৰীক্ষা কটকটীয়া কৰাৰ ব্যৱস্থা কৰিছে৷ এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভাৰতৰ কেইবাজনো মুখ্যমন্ত্ৰীয়ে বহিঃৰাষ্ট্ৰৰ সৈতে যোগাযোগ বন্ধ কৰিবলৈ আহ্বান জনাইছে৷ যদিহে বহিঃৰাষ্ট্ৰৰে যোগাযোগ বন্ধ হৈ যায়, তেন্তে পুনৰ দেশৰ অৰ্থনৈতিক দিশত নেতিবাচক প্ৰভাৱ পৰিব৷ কৰ’না ভাইৰাছৰ তৃতীয় ঢৌৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ হ’লে দেশৰ প্ৰশাসনৰ লগতে জনসাধাৰণো সজাগ-সতৰ্ক হ’ব লাগিব৷ যিহেতু আমাৰ দেশত এতিয়াও বুজনসংখ্যক লোকেই কৰ’নাৰ ভেকচিন ল’বলৈ বাকী আছে, সেয়ে জনসাধাৰণে নিজক বচাবলৈ নিজেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ স্বাস্থ্য বিজ্ঞানীসকলৰ মতে, এই সময়ত সকলোৱে সামাজিক ব্যৱধান মানি চলিব লাগিব আৰু মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে জনসমাগমৰ পৰা আঁতৰি থাকিব লাগিব৷ আনহাতে, চৰকাৰে দেশত সকলো লোককে ভেকচিন দিয়াৰ ব্যৱস্থা ত্বৰান্বিত কৰাৰ লগতে বহিঃৰাষ্ট˜ৰ পৰা অহা লোকক সম্পূৰ্ণ নিৰীক্ষণৰ মাজত ৰাখি জনসাধাৰণৰ সুৰক্ষা ব্যৱস্থা কটকীয়া কৰিব লাগিব৷ তেতিয়াহে হয়তো কৰ’নাৰ তৃতীয় ঢৌৰ পৰা আমি ৰক্ষা পৰিম৷