Logo
image

কাণ পৰিষ্কাৰ কৰাৰ সময়ত এইবোৰ ভুল নকৰিব

শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ কাণ৷ সেয়ে কাণত নখ বা আন কোনো জোঙাল বস্তুৰে নুখুচিব৷ বহুতে সুযোগ পালেই জুইশলাৰ কাঠি অথবা কটন বাড্‌ছ আদি সুমুৱাই কাণ পৰিষ্কাৰ কৰাৰ চেষ্টা কৰে৷ এই অভ্যাস বিপদজনক৷ এনে অভ্যাসৰ পৰিণতি হ’ব পাৰে অতি ভয়ংকৰ৷ বিভিন্নজনে কাণ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ভিন ভিন উপায় অৱলম্বন কৰে৷ সেয়ে বিশেষজ্ঞসকলে কাণ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত অন্ততঃ এই চাৰিটা ভুল নকৰিবলৈ পৰামৰ্শ আগবঢ়ায়–

[১] কটন বাড্‌ছেৰে কাণ পৰিষ্কাৰ কৰাটো সকলোৱে সঠিক বুলি ভাৱে৷ পিছে এই ধাৰণা সম্পূৰ্ণ ভুল৷ জানি আচৰিত হ’ব যে কটন বাড্‌ছেৰে কাণ পৰিষ্কাৰ কৰিবলৈ গ’লে ওলোটাই কাণত থকা ময়লা বেছি ভিতৰলৈহে প্ৰৱেশ কৰে৷ ইয়াৰ ফলত কাণত ইন্‌ফেক্‌ছন হ’ব পাৰে৷ পৰিণতিত কাণৰ পৰ্দা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে৷ সেয়ে কাণৰ ভিতৰৰ অংশৰ সলনি বাহিৰৰ ময়লা পৰিষ্কাৰ কৰাৰ বাবেহে কটন বাড্‌ছ ব্যৱহাৰ কৰা উচিত৷ 

[২] বহুতে দৈনিক কাণ পৰিষ্কাৰ কৰে৷ কিন্তু কাণ দৈনিক পৰিষ্কাৰ কৰাৰ কোনো প্ৰয়োজন নাই৷ অকল গা-ধোৱাৰ সময়ত তিতা কাপোৰেৰে কাণৰ বাহিৰৰ অংশ পৰিষ্কাৰ কৰিলেই হ’ল৷

[৩] আন বহুতে অপেছাদাৰী লোকৰ জৰিয়তে কাণ পৰিষ্কাৰ কৰে৷ ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব পাৰে৷ কিয়নো অপেছাদাৰী লোকে কাণ পৰিষ্কাৰ কৰাৰ সময়ত যদি কাণৰ ভিতৰৰ অংশত আঘাত লাগে তেন্তে ভৱিষ্যতে শ্ৰৱণশক্তি হেৰুওৱাৰ দৰে সমস্যা হ’ব পাৰে৷

[৪] জুইশলাৰ কাঠিৰে কাণ পৰিষ্কাৰ কৰাটো অনুচিত৷

সঁচা অৰ্থত কাণ পৰিষ্কাৰ কৰাৰ কোনো প্ৰয়োজনেই নাথাকে৷ কাণৰ ভিতৰৰ ময়লা সময়ত নিজে নিজেই বাহিৰলৈ ওলাই আহে৷ সেয়ে কাণত যিকোনো বস্তু সুমুৱাই বিপদ মাতি নানিব৷ কাণত বেছি ময়লা জমা হোৱা যেন লাগিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷