Logo
image

পাঠ্যপুথিৰ লগতে বাধ্যতামূলক মাস্ক, ছেনিটাইজাৰ, এনঅ’চি

আমাৰ অসম, ০৮ অক্টোবৰঃ কৰ’নাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বিদ্যালয়-মহাবিদ্যালয়সমূহ পোন্ধৰ অক্টোবৰৰ পৰা খোলাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে৷ এই সন্দৰ্ভত ইতিমধ্যে শিক্ষা মন্ত্ৰণালয়ে বিস্তাৰিত গাইডলাইন প্ৰকাশ কৰিছে৷ অৱশ্যে স্কুল-কলেজ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ সকলোধৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ শিক্ষা বিভাগৰ গাইডলাইন অনুসৰি স্কুল-কলেজ খোলাৰ পূৰ্বে শ্ৰেণীকোঠা, যাৱতীয় আচবাব-পত্ৰ, শিক্ষানুষ্ঠান চৌহদৰ চুক-কোণ, কেণ্টিন, পানীৰ টেংক আদি সকলো পৰিষ্কাৰ কৰি বীজানুমুক্ত কৰি তুলিব লাগিব৷ সামাজিক দূৰত্ব, মাস্কৰ ব্যৱহাৰ, শিক্ষক-শিক্ষাৰ্থীৰ ক’ভিড পৰীক্ষা নিশ্চিত কৰিব লাগিব৷ এক নিৰ্দিষ্ট পৰিমানতকৈ বেছি ক’ভিড পজিটিভ ধৰা পৰিলে উৰ্ধতন কৰ্তৃপক্ষক ততালিকে অৱগত কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই৷ মুঠতে স্বাস্থ্য বিভাগৰ সকলো বিধি মানি চলিহে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় খোলাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক৷ অৱশ্যে ইয়াৰ বাবে প্ৰতিখন বিদ্যালয় কৰ্তৃপক্ষই গঠন কৰিব লাগিব বিশেষ টাস্ক ফ’ৰ্চ৷ টাস্ক ফ’ৰ্চ সকলো ‘ইমাৰজেঞ্চি কেয়াৰ’ৰ দায়িত্বত থাকিব৷ অসমত ইতিমধ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ হৈছে৷ শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত দিনদিয়েক পূৰ্বে ঘোষণা কৰা অনুসৰি ৰাজ্যত এক নৱেম্বৰৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এছ অ’ পি [ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ] প্ৰস্তুতৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ অহা পোন্ধৰ অক্টোবৰৰ পৰা বিশ অক্টোবৰৰ ভিতৰত শিক্ষা বিভাগে এছ অ’ পি ৰাজহুৱা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি শিক্ষা বিভাগৰ এটা কৰ্তৃত্বশীল সূত্ৰই সদৰী কৰিছে৷ সূত্ৰটোৱে সদৰী কৰা মতে, এক নৱেম্বৰৰ পৰা স্কুল-কলেজত পোন্ধৰ শতাংশ শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি নিশ্চিত হ’ব লাগিব৷ শিক্ষাৰ্থীসকলক বিভিন্ন গোটত ভাগ কৰি পাঠদানৰ  ব্যৱস্থা কৰিব লাগিব৷ স্কুল-কলেজত শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ মাজত সামাজিক দূৰত্ব নিশ্চিত কৰাৰ লগতে স্বাস্থ্য বিধি মানি চলি সকলোৱে মাস্ক পৰিধান কৰিব লাগিব৷ অৱশ্যে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ ক্ষেত্ৰত অভিভাৱকসকলে লিখিতভাৱে আপত্তিবিহীন প্ৰমাণপত্ৰ বিদ্যালয় কৰ্তৃপক্ষক দাখিল কৰিব লাগিব৷ আনকি শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ক’ভিড টেষ্ট কৰিব লাগিব৷ লক্ষণীয়ভাৱে ষষ্ঠ শ্ৰেণীৰ তলৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ শিক্ষা বিভাগে এতিয়ালৈকে কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ স্বাস্থ্য বিধি, চৰকাৰী নীতি-নিয়ম আদিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে ছজনীয়া কমিটী এখন গঠন কৰিছে বুলি সদৰী কৰি সূত্ৰটোৱে কয়– প্ৰত্যেক পোন্ধৰ দিনৰ মূৰে মূৰে জিলা উপায়ুক্তই স্কুল-কলেজসমূহ পৰ্যৱেক্ষণ কৰি স্বাস্থ্যবিধি মানি চলাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰে নতুন প্ৰট’কলৰ ব্যৱস্থা কৰিব৷