যোৰহাট কাণ্ড আৰু আৰক্ষীৰ ভূমিকা
সমাজৰ এক নগণ্য অংশ মানুহৰ জঘন্য মানসিকতাৰ বাবে সমগ্ৰ সমাজব্যৱস্থা কলুষিত হৈ পৰে আৰু সভ্য সমাজখনে নিজৰ সভ্যতাক লৈ বাৰে বাৰে প্ৰশ্ন কৰিব লগা হয়৷ ২৯ নৱেম্বৰত যোৰহাটত ঘটা ঘটনায়ো বাৰে বাৰে সকলোৰে মন-মগজুত প্ৰশ্ন উত্থাপন কৰিছে– ক’ত গ’ল মানৱীয় প্ৰমূল্য, ক’ত গ’ল দয়া-কৰুণা, বিচাৰ-বিবেচনাবোৰ? সিদিনা যি কাৰণত যোৰহাট চহৰৰ মাজমজিয়াত এই নাৰকীয় কাণ্ড সংঘটিত হ’ল, সেই কাৰণটোৱেই বিচাৰি মানুহে হাবাথুৰি খাব লগা হৈছে৷ যিজন ব্যক্তিয়ে তেওঁক অনিমেষ ভূঞাসহ তিনিজন যুৱকৰ গাড়ীখনে খুন্দিওৱা বুলি অভিযোগ কৰিছিল, সেইজন ব্যক্তি অক্ষত অৱস্থাতে আছে আৰু বৰ্তমান জে’ল হাজোতৰ বাসিন্দা হৈ আছে৷ কিন্তু তেওঁ কৰা অভিযোগৰ বাবেই এজনৰ প্ৰাণ গ’ল, দুজন চিকিৎসাধীন হ’ব লগা হ’ল৷ আচলতে আমি যদি এনেবোৰ গণপ্ৰহাৰৰ ঘটনা লক্ষ্য কৰোঁ, তেনেহ’লে দেখিবলৈ পাওঁ যে প্ৰায়বোৰ ঘটনাতে নিৰ্দোষী লোকৰে মৃত্যু হৈছে৷ গণপ্ৰহাৰৰ সময়ত যিবোৰ মানুহৰ জুম বান্ধে আৰু বিচাৰ-বিবেচনা নকৰাকৈ আক্ৰমণত জঁপিয়াই পৰে, তাৰ অধিকসংখ্যকৰে মানসিকতাত অপৰাধপ্ৰৱণতা থাকে৷ সিহঁতে এটা অপৰাধ কৰিবলৈ নিজে আগবাঢ়ি যোৱাৰ লগতে আনকো তাৰ বাবে উৎসাহিত কৰা দেখা যায়৷ উদাহৰণস্বৰূপে সেয়া ডিফু চহৰৰ মাজমজিয়াৰ ঝংকাৰ শইকীয়াই হওক বা যোৰহাট মহানগৰীৰ মাজমজিয়াৰ অনিমেষ ভূঞাৰ হত্যাৰ লগত জড়িত ব্যক্তিয়েই হওক৷ অভি-নীলৰ হত্যায়ো সমাজখনক জোকাৰি গৈছিল, কিন্তু তাৰপাছতো গণ আক্ৰমণ বন্ধ হোৱা নাই৷ বিভিন্ন স্তৰত গণ আক্ৰমণ, গণ প্ৰহাৰ সংঘটিত হৈ আহিছে৷ কিছুমান ঘটনাত সৌভাগ্যক্ৰমে আক্ৰমণৰ বলি হোৱাসকল মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰি আহিবলৈ সক্ষম হৈছে৷ কিন্তু অনিমেষ ভূঞা ঘূৰি আহিব নোৱাৰিলে, বিচাৰ-বিবেচনাশূন্য এদল নৰপিশাচৰ আক্ৰমণত মৃত্যু হ’ল প্ৰচুৰ সম্ভাৱনাময় এজন সুঠাম যুৱকৰ৷ এই অনিমেষ ভূঞাৰ মৃত্যুৰ বাবে এই নৰৰূপী দানৱৰ দলটো যিমান জগৰীয়া, সিমানেই জগৰীয়া অসম আৰক্ষী, কাৰণ ঘটনাস্থলীৰ ভিডিঅ’ই প্ৰমাণ কৰিছে যে তাত চাৰিজনকৈ যান-বাহন শাখাৰ আৰক্ষী উপস্থিত আছিল৷ তেওঁলোকে অনিমেষক বচাবলৈ সামান্য প্ৰয়াস কৰিছিল যদিও যি কঠোৰ ব্যৱস্থা ল’ব লাগিছিল, সেয়া লোৱা দেখা নগ’ল৷ একেই দৃশ্য ঘটিছিল ঝংকাৰ শইকীয়াৰ হত্যাৰ ঘটনাতো৷ সেই ঘটনাৰ সময়তো আৰক্ষীৰ ভূমিকা অতি পুতৌজনক আছিল৷ আৰক্ষীয়ে পৰিস্থিতি আগতীয়াকৈ অনুমান কৰিব পৰা হ’লে ঝংকাৰ শইকীয়াও ইতিহাস নহ’লহেঁতেন৷ সেই ঘটনাৰ পৰা আৰক্ষীয়ে শিক্ষা লোৱাৰ প্ৰয়োজন আছিল, কিন্তু একেই পৰিৱেশৰ পুনৰাবৃত্তি হ’ল যোৰহাটত৷ ঘটনা সংঘটিত হোৱা স্থানৰ পৰা আৰক্ষী থানালৈ এক কিলোমিটাৰো নহ’ব৷ তদুপৰি তথাকথিত স্মাৰ্ট আৰক্ষী অহৰ্নিশেহ্ল চহৰখনত ঘূৰি ফুৰে৷ আধা ঘণ্টা ধৰি গণপ্ৰহাৰ চলি থকাৰ পাছতো কিন্তু তাত সশস্ত্ৰ আৰক্ষী উপস্থিত নহ’ল৷ যিকেইজন আৰক্ষী উপস্থিত আছিল তেওঁলোকেহ্ল পৰিস্থিতি চম্ভালাত যি যথৰতা প্ৰদৰ্শন কৰিলে, তাৰ দ্বাৰা আমাৰ ৰাজ্যৰ আৰক্ষী স্মাৰ্ট হোৱা বুলি কোনো কাৰণতে ক’ব নোৱাৰি৷
এই ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে যোৰহাটৰ ৰাইজে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত অপৰাধীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰে আৰু আৰক্ষী বাহিনীক ধিক্কাৰ দিয়ে৷ দাবী কৰোঁতাসকলে বাৰে বাৰে কয় যে আইনৰ সুৰুঙাৰে যাতে অপৰাধী সাৰি যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷
আৰক্ষীয়ে তৎপৰতাৰেই অপৰাধীক গ্ৰেপ্তাৰ কৰিলে৷ তেৰজন অপৰাধী বুলি চিনাক্ত যুৱকৰ ১২জনক আদালতত হাজিৰ কৰালে আৰু আনজনক অধিক অনুসন্ধানৰ বাবে আৰক্ষীয়ে নিজৰ লগত ৰাখি থ’লে/ সেইজন মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা ল’ৰা ওৰফে কালাক ড্ৰাগ্ছৰ ঘাটি দেখুৱাবলৈ নিওঁতে আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলাবলৈ লওঁলেই আৰক্ষীৰ গাড়ীৰ খুন্দাতেই মৃত্যু হ’ল/
যিখিনি লোকে অনিমেষৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছিল, সেইখিনে মানুহেই নিৰজ দাসৰ মৃত্যুত উল্লসিত হৈ পৰিছে৷ এয়া একেবাৰে স্বাভাৱিক প্ৰৱণতা, কাৰণ যিজন ব্যক্তি হত্যাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত, যিজনৰ বিৰুদ্ধেহ্ল ৯০টাকৈ অপৰাধজনিত গোচৰ ৰুজু হৈ আছে, সেইজন জঘন্য অপৰাধী কেনেদৰে বাহিৰত টিঘিলঘিলাই ফুৰিছিল? কিয় আমাৰ আইন-আদালতে তেওঁক ধৰি ৰাখিব নোৱাৰিলে? আইনৰ এই পুতৌজনক অৱস্থা কিয়? সেয়ে আইনৰ সুৰুঙাৰ কথাবোৰ বহুচৰ্চিত হয়৷ কিন্তু ভাৰত বিশ্বৰ ভিতৰতে এখন শক্তিশালী গণতান্ত্ৰিক দেশ৷ আমৰ দেশখন সাংবিধানিক আইন ব্যৱস্থাৰে পৰিচালিত৷ তেনে এখন দেশত যদি বলিউডী কাইদাৰে আৰক্ষীয়ে বিচাৰ কৰিবলৈ লাগে, তেন্তে এক অৰাজক অৱস্থাৰ সৃষ্টি হ’ব৷ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ দায়িত্ব সংকুচিত হোৱাই নহয় এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ’ব৷ আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে জনগণক আইনৰ সীমাবদ্ধতাৰ দোহাই দি ফেচিবাদৰ বাবে অগ্ৰসৰ হ’ব৷ সেয়ে আমি কোনো কাৰণতে আৰক্ষীৰ এনে পদেক্ষপত উৎসাহিত হোৱা উচিত নহ’ব৷
আনহাতে, এইদৰে যদি আৰক্ষীয়ে অভিযুক্তক হত্যা কৰিবলৈ হয়, তেন্তে প্ৰকৃত অনুসন্ধানতো বাধা জন্মিব৷ ক’লা ল’ৰা হেনো ড্ৰাগ্ছ-ভাঙৰ ব্যৱসায়তো জড়িত আছিল৷ তেন্তে তাৰ অনুসন্ধান কি হ’ব? অনিমেষৰ মৃত্যুৱে যিদৰে আন এটা বিষয় উদ্ধাৰ কৰাত সহায় কৰিছিল, এতিয়া সেইটো বিষয় তল পৰাৰ সম্ভাৱনাই দেখা দিছে৷






