Logo
image

হৃদৰোগ, মধুমেহ নিৰাময়ত সহায় কৰে গোলাপ ফুলে

ফুল সকলোৰে প্ৰিয়৷ ফুলক সৌন্দৰ্যৰ প্ৰতীক বুলি কোৱা হয়৷ প্ৰাচীনকালৰে পৰা ফুলক সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ কৰি অহা হৈছে৷ কিন্তু ফুল যে স্বাস্থ্যৰ বাবে অতি উপকাৰী সেয়া বহুতেই নাজানে৷ ফুলে চুলিৰ সৌন্দৰ্যৰ লগতে ছালৰ উজ্জ্বলতা বঢ়ায়৷

আমি সকলোৱে চিনি পোৱা গোলাপ ফুলত আছে বিভিন্ন উপকাৰী গুণ৷ স্বাস্থ্যৰ বাবে গোলাপ ফুল সাংঘাতিক উপকাৰী৷ চীনৰ চিকিৎসকসকলে সুস্বাস্থ্যৰ বাবে গোলাপ ফুল ব্যৱহাৰ কৰে৷ গোলাপ ফুলত থকা ফেনোলিক্‌ছ নামৰ উপাদানে বুকুৰ জ্বলা-পোৰা কমোৱাত সহায় কৰে৷ তদুপৰি হৃদৰোগ, কেঞ্চাৰ আৰু মধুমেহৰ দৰে জটিল ৰোগ নিৰাময় কৰাৰ বাবে প্ৰয়োজনীয় ভিটামিন থাকে গোলাপত৷ বিভিন্ন গৱেষণাত হৃদৰোগ, মধুমেহ আদিৰ দৰে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত গোলাপ ফুলৰ উপকাৰী গুণৰ প্ৰমাণ পোৱা গৈছে৷

গোলাপৰ বাহিৰেও সকলোৱে চিনি পোৱা জবা, চন্দ্ৰমল্লিকা, মেৰীগ’ল্ড আদি ফুলতো আছে বিভিন্ন ঔষধি গুণ৷ চীনা লোকসকলে চাহৰ সৈতে মেৰীগ’ল্ড ফুলৰ শুকান পাপৰি মিহলাই খায়৷ মেৰীগ’ল্ড ফুলবিধ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ বিশেষকৈ দৃষ্টিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত মেৰীগ’ল্ড ফুলক অতি কাৰ্যকৰী বুলি চীনাসকলে ধাৰণা কৰে৷

জবা ফুল বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু পূজা-অৰ্চনাত ব্যৱহাৰ কৰা দেখা যায়৷ কিন্তু জবা ফুলেৰে যে সুস্বাস্থ্য অটুট ৰাখিব পৰা যায় সেই বিষয়ে বহুতেই অৱগত নহয়৷ জবা ফুল চালাডৰ সৈতে মিহলাই খালে বিশেষ উপকাৰ পোৱা যায়৷ সকলোৰে পৰিচিত এইবিধ ফুলত থকা এণ্টিঅক্সিডেণ্ট উপাদানে ৰক্তচাপ আৰু কলেষ্টেৰ’লৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷

গোলাপ, জবা আদিৰ দৰে সকলোৱে সহজে চিনি পোৱা আন এবিধ ফুল হৈছে চন্দ্ৰমল্লিকা৷ চন্দ্ৰমল্লিকাত থকা খনিজ আৰু এণ্টিঅক্সিডেণ্ট উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ চাহৰ সৈতে চন্দ্ৰমল্লিকা ফুলৰ পাপৰি মিহলাই খালে সুস্বাস্থ্য অটুট থাকে৷